Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ (মুছলিম)
"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু। সি যিটোক জান্নাত বুলি ক'ব, সেইটোৱে হ'ব জাহান্নাম। নিশ্চয় মই তোমালোকক সতৰ্ক কৰি আছোঁ, যিদৰে নূহে নিজৰ উম্মতক সতৰ্ক কৰিছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“নিশ্চয় সৱাতোকৈ নিকৃষ্ট লোক হৈছে সেইসকল, যিসকলৰ জীৱনকালত কিয়ামত সংঘটিত হ’ব আৰু যিসকলে কবৰসমূহক ছাজদাৰ ঠাই বনাই লৈছে।”
হাছান (আহমদ)
"(মহান আল্লাহে) এই দ্বীনক প্ৰত্যেক সেই স্থানলৈ পৌঁচাই দিব, য'ত য'ত দিন আৰু ৰাতি হয়। মহান আল্লাহে কেচা পকা সকলো ঘৰতে এই দ্বীন প্ৰৱেশ কৰাব। গতিকে এই দ্বীনৰ দ্বাৰা সন্মানী ব্যক্তিক সন্মানিত কৰিব আৰু অসন্মানী ব্যক্তিক অপদস্থ কৰিব। যিয়ে ইছলাম গ্ৰহণ কৰিব, আল্লাহে তাক মৰ্যাদা প্ৰদান কৰিব, আৰু যিয়ে অস্বীকাৰ কৰিব তথা কুফৰী কৰিব, আল্লাহে তাক অপমানিত কৰিব।" তামীম আত-দাৰীয়ে কৈছেঃ এইটো মই মোৰ নিজৰ পৰিয়ালৰ মাজতে দেখিবলৈ পাইছোঁ। যিয়ে ইছলাম গ্ৰহণ কৰিছে, তেওঁ কল্যাণ, মান-সন্মান তথা মৰ্যাদা লাভ কৰিছে, আৰু যিসকলে কুফৰী কৰিছে, সিহঁত হীন অৱস্থাত অপমানিত হৈ কৰ আদায় দিবলগীয়া হৈছে।
ছহীহ (আহমদ)