মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছে:
মন্ত্র, তাৱিজ-কবজ, মন্ত্র পঢ়ি গাঁঠি লগোৱা সূতা আদি সকলো হৈছে শ্বিৰ্কৰ অন্তর্ভুক্ত।
«إنَّ الرُّقَى والتَمائِمَ والتِّوَلَةَ شِرْكٌ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটামান বিষয় উল্লেখ কৰিছে যিবোৰ হৈছে শ্বিৰ্ক। যেনে- প্ৰথমঃ (আৰবী শব্দ) আৰ-ৰুকা। এইটো হৈছে এনেকুৱা কিছুমান শ্বিৰ্কিয়্যা বাক্য, যিবোৰ বাক্যৰ দ্বাৰা অজ্ঞতাযুগৰ লোকসকলে মানুহক জৰাফুঁকা কৰি চিকিৎসা কৰিছিল। দ্বিতীয়ঃ তাৱিজ-কবচ আদি। এইবোৰ হৈছে কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পাবলৈ শিশু আৰু জীৱ-জন্তুৰ শৰীৰত ওলোমাই দিয়া বস্তু। তৃতীয়ঃ তিৱালাহ। এইটো হৈছে এনেকুৱা শ্বিৰ্কিয়্যাহ কবিৰাজি যিটোৰ দ্বাৰা পতি-পত্নীৰ যিকোনো এজনক প্ৰেমত আকৰ্ষিত কৰিবলৈ অৱলম্বন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্কিয়্যা কৰ্ম। কাৰণ এইবোৰক উপায় হিচাপে অৱলম্বন কৰা হয় কিন্তু প্ৰকৃততে এইবোৰ চৰীয়তৰ দলীলেৰে প্ৰমাণিত নহয়, আনকি প্ৰাকৃতিক কোনো অভিজ্ঞতাৰ দ্বাৰাও প্ৰমাণিত নহয়। আনহাতে চৰীয়তে নিৰ্ধাৰণ কৰা উপায় হৈছে, কোৰআন তিলাৱত কৰা, অথবা বাহ্যিক কোনো ঔষণ গ্ৰহণ কৰা, যিবোৰৰ কাৰ্যকাৰিতা প্ৰমাণিত। কিন্তু সেইবোৰকো কেৱল মাধ্যম হিচাপেহে বিশ্বাস কৰি ব্যৱহাৰ কৰা বৈধ। কাৰণ উপকাৰ আৰু অপকাৰৰ ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।
তাওহীদ আৰু আক্বীদাক সংৰক্ষণ কৰা হৈছে, সেইবোৰ বিষয়ৰ পৰা যিবোৰ বিষয়ে ইয়াক ক্ষতি কৰে।
তাৱীজ, কবচ, সূতা, কড়া আৰু শ্বিৰ্কিয়্যা বাক্যৰ দ্বাৰা জৰাফুঁকা কৰা আদি সকলো হাৰাম।
উক্ত তিনিটা বস্তুক যদি কোনোবাই ৰোগমুক্তিৰ অছীলা বুলি বিশ্বাস কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক। কিয়নো চৰীয়তে এইবোৰক উপায় হিচাপে নিৰ্ধাৰণ কৰা নাই। আনহাতে যদি কোনোবাই স্বয়ং এইবোৰকে উপকাৰ বা ক্ষতিৰ উৎস হিচাপে গণ্য কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক।
শ্বিৰ্কিয়্যা তথা হাৰাম উপায় অৱলম্বন কৰাৰ পৰা সতৰ্ক কৰা হৈছে।
মন্ত্ৰৰ দ্বাৰা জৰাফুঁকা, তাৱীজ-কবচ আদি নিষিদ্ধ, কিয়নো এইবোৰ হৈছে শ্বিৰ্ক। কিন্তু চৰীয়ত সন্মত উপায়েৰে জৰাফুঁকা কৰা বৈধ।
একমাত্র আল্লাহৰ সৈতেই অন্তৰক সম্পৃক্ত ৰখা উচিত। ক্ষতি আৰু উপকাৰ তেওঁৰ পৰাই হয়, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা কল্যাণ আহিব নোৱাৰে। আনহাতে আল্লাহৰ বাহিৰে আন কোনোৱে অকল্যাণো দূৰ কৰিব নোৱাৰে।
এই তিনিটা চৰ্ত থাকিলেহে জৰাফুঁকা বৈধ হ'ব: ১) এই বিশ্বাস কৰা যে, এইটো হৈছে এটা মাধ্যম মাত্র। আল্লাহৰ আদেশ অবিহনে এইবোৰে কোনো উপকাৰ কৰিব নোৱাৰে। ২) যিবোৰ বাক্যৰ জৰিয়তে জৰাফুঁকা কৰিব সেইবোৰ কোৰআনৰ আয়াত হ'ব লাগিব, নহ'লে আল্লাহৰ নাম তথা চিফাত (গুণবাচক নাম) হ'ব লাগিব, অথবা হাদীছত বৰ্ণিত কোনো দু‘আহ নাইবা চৰীয়তসন্মত কোনো দু‘আ হ'ব লাগিব। ৩) ইয়াৰ ভাষা বোধগম্য হ'ব লাগিব, পক্ষান্তৰে তাৱীজ বা যাদুবিদ্যাৰ অন্তৰ্ভুক্ত যাতে নহয়।
ছুনান আবি দাঊদ (6/ 31) (3883).
ছুনান ইবনে মাজাহ (4/ 554) (3530).
মুছনাদ আহমদ (6/ 110) (3615).
অধিক (6)
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص91).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص79).
القول المفيد على كتاب التوحيد.
لابن عثيمين (1/ 180).