Skip to content
ছুৰাসমূহৰ তালিকা /

الحَشر

الحَشر is chapter 59 of the Quran and has 24 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

24 আয়াতসমূহ ছুৰা নং 59
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

سَبَّحَ لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।

هُوَ ٱلَّذِيٓ أَخۡرَجَ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ مِن دِيَٰرِهِمۡ لِأَوَّلِ ٱلۡحَشۡرِۚ مَا ظَنَنتُمۡ أَن يَخۡرُجُواْۖ وَظَنُّوٓاْ أَنَّهُم مَّانِعَتُهُمۡ حُصُونُهُم مِّنَ ٱللَّهِ فَأَتَىٰهُمُ ٱللَّهُ مِنۡ حَيۡثُ لَمۡ يَحۡتَسِبُواْۖ وَقَذَفَ فِي قُلُوبِهِمُ ٱلرُّعۡبَۚ يُخۡرِبُونَ بُيُوتَهُم بِأَيۡدِيهِمۡ وَأَيۡدِي ٱلۡمُؤۡمِنِينَ فَٱعۡتَبِرُواْ يَٰٓأُوْلِي ٱلۡأَبۡصَٰرِ

আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।

وَلَوۡلَآ أَن كَتَبَ ٱللَّهُ عَلَيۡهِمُ ٱلۡجَلَآءَ لَعَذَّبَهُمۡ فِي ٱلدُّنۡيَاۖ وَلَهُمۡ فِي ٱلۡأٓخِرَةِ عَذَابُ ٱلنَّارِ

আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।

ذَٰلِكَ بِأَنَّهُمۡ شَآقُّواْ ٱللَّهَ وَرَسُولَهُۥۖ وَمَن يُشَآقِّ ٱللَّهَ فَإِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ

এইটো এইকাৰণে যে, নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল; আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিব, তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

مَا قَطَعۡتُم مِّن لِّينَةٍ أَوۡ تَرَكۡتُمُوهَا قَآئِمَةً عَلَىٰٓ أُصُولِهَا فَبِإِذۡنِ ٱللَّهِ وَلِيُخۡزِيَ ٱلۡفَٰسِقِينَ

তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।