Skip to content
ছুৰাসমূহৰ তালিকা /

الحُجُرَات

الحُجُرَات is chapter 49 of the Quran and has 18 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

18 আয়াতসমূহ ছুৰা নং 49
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُقَدِّمُواْ بَيۡنَ يَدَيِ ٱللَّهِ وَرَسُولِهِۦۖ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ

হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَرۡفَعُوٓاْ أَصۡوَٰتَكُمۡ فَوۡقَ صَوۡتِ ٱلنَّبِيِّ وَلَا تَجۡهَرُواْ لَهُۥ بِٱلۡقَوۡلِ كَجَهۡرِ بَعۡضِكُمۡ لِبَعۡضٍ أَن تَحۡبَطَ أَعۡمَٰلُكُمۡ وَأَنتُمۡ لَا تَشۡعُرُونَ

হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।

إِنَّ ٱلَّذِينَ يَغُضُّونَ أَصۡوَٰتَهُمۡ عِندَ رَسُولِ ٱللَّهِ أُوْلَٰٓئِكَ ٱلَّذِينَ ٱمۡتَحَنَ ٱللَّهُ قُلُوبَهُمۡ لِلتَّقۡوَىٰۚ لَهُم مَّغۡفِرَةٞ وَأَجۡرٌ عَظِيمٌ

নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ।

إِنَّ ٱلَّذِينَ يُنَادُونَكَ مِن وَرَآءِ ٱلۡحُجُرَٰتِ أَكۡثَرُهُمۡ لَا يَعۡقِلُونَ

নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।

وَلَوۡ أَنَّهُمۡ صَبَرُواْ حَتَّىٰ تَخۡرُجَ إِلَيۡهِمۡ لَكَانَ خَيۡرٗا لَّهُمۡۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ

তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।