عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Fon Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Türkmen - Turkmen Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
ফলাফল ফিল্টাৰ কৰক
836 টা কাৰ্ড
التصنيف الشرعي
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বাকী উৎসসমূহ দেখুৱাওক
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (233)
"পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়। সি মোৰ হাউজত উপস্থিতো হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ কাৰণে সিহঁতক সত্যবাদী বুলি গণ্য নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগো নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত আৰু ময়ো তেওঁৰ দলভুক্ত। হাউজে কাউছাৰত তেওঁ মোৰ ওচৰত উপস্থিত থাকিব।"
ছহীহ (আহমদ)
التصنيف الشرعيآداب الأمر بالمعروف والنهي عن المنكر، حق الإمام على الرعية
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”।
ছহীহ (মুছলিম)
التصنيف الشرعيالخروج على الإمامموضوعات الحديثأحكام الإمامة، الإخلاص
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আমি যেতিয়া আহাৰ কৰিছিলোঁ, তেতিয়া তেখেতে আৰম্ভ নকৰালৈকে আমি কোনেও খাদ্যত হাত ৰখা নাছিলোঁ। এবাৰ আমি তেখেতৰ সৈতে আহাৰ কৰিবলৈ উপস্থিত আছিলোঁ, হঠাৎ এজনী কন্যা শিশু এনেকৈ আহিল যেনিবা তাইক কোনোবাই ঠেলি পঠিয়াইছে, আৰু শিশুটোৱে খাদ্যত হাত দিবলৈ ধৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘপককৈ তাইৰ হাত ধৰিলে। ইয়াৰ পিছত এজন বেদুঈনেও সেইদৰে দ্ৰুত বেগত আহিল, যেনিবা তাকো ঠেলি পঠিওৱা হৈছে। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰো হাত ধৰি পেলালে। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যিটো খাদ্য খোৱাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই, সেইটোক চয়তানে হালাল বুলি গণ্য কৰে। শুনা! এই শিশুটোকো চয়তানেই আনিছে, যাতে ইয়াৰ ফলত নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে, সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত চয়তানে বেদুঈনক আনিছে, যাতে ইয়াৰ দ্বাৰা নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে। কিন্তু মই ইয়াৰো হাত ধৰি পেলাইছোঁ। সেই মহান সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইহঁতৰ দুজনৰ হাতৰ সৈতে চয়তানৰ হাত মোৰ হাতত আটক হৈছে।"
ছহীহ (মুছলিম)
التصنيف الشرعيآداب الأكل والشرب
নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।" (ছুৰা আল-মায়িদা: ৪৪) আৰু কৈছেঃ "সিহঁতেই হৈছে যালিম।" (ছুৰা আল-মায়িদা: ৪৫) আৰু কৈছেঃ "সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইবনু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আল্লাহে এইটো ইহুদীসকলৰ দুটা দলৰ বিষয়ে অৱতীৰ্ণ কৰিছিল। অজ্ঞতা যুগত সেই দুটা দলৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত সিহঁতে ইয়াৰ ওপৰত সন্মত হৈছিল আৰু সন্ধি কৰিছিল যে, প্ৰভাৱশালী দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত (ৰক্তপণ) হ'ব পঞ্চাশ অছাক (খাদ্যদ্ৰৱ্য)। আনহাতে দুৰ্বল দলে যদি প্ৰভাৱশালী দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত হ'ব এশ অছাক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন নকৰালৈকে সিহঁতে এই নিয়মৰ ওপৰতেই চলি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন কৰাৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। তেতিয়ালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল আৰু সিহঁতৰ ওপৰত তেখেতৰ আধিপত্য স্থাপন কৰা নাছিল; বৰং তেখেত সেই সময়ছোৱালৈকে সন্ধিৰ অৱস্থাত আছিল। এনে অৱস্থাত সিহঁতৰ মাজৰ দুৰ্বল দলে প্ৰভাৱশালী দলৰ এজন ব্যক্তিক হত্যা কৰিলে। প্ৰভাৱশালী দলে দুৰ্বল দলৰ ওচৰলৈ বাৰ্তা পঠিয়ালে যে, তোমালোকে আমাৰ ওচৰলৈ এশ অছাক ৰক্তপণ পঠিয়াই দিয়া। দুৰ্বল দলে ক'লে: দুটা দলৰ ধর্ম এক, বংশ এক আৰু দেশ এটা হোৱা সত্ত্বেও এটা দলৰ দিয়ত আনটো দলৰ দিয়তৰ তুলনাত কেনেকৈ অৰ্দ্ধেক হ'ব পাৰে? আমি কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰ আৰু তোমালোকৰ ভয়তহে এই অতিৰিক্ত দিয়ত দিছিলোঁ। এতিয়া যিহেতু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণ ঘটিছে, গতিকে আমি এতিয়া আৰু তোমালোকক সেই পৰিমাণ দিয়ত আদায় নিদিওঁ।
ইয়াৰ ফলত দুয়োটা দলৰ মাজত যুদ্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মধ্যস্থতাকাৰী হিচাপে মানি লৈ মীমাংসা কৰিবলৈ সন্মত হ'ল। তেতিয়া প্ৰভাৱশালী দলটোৱে (গোপনে বৈঠক কৰি) ক'লে: আল্লাহৰ শপত! মুহাম্মদে তোমালোকক সিহঁতৰ পৰা কেতিয়াও দ্বিগুণ দিয়ত আদায় কৰি নিদিব, বৰং সিহঁতে যি পায়, তোমালোকেও তাকেই পাবা। সিহঁতে কোৱা কথাখিনি মিছা নহয়, আমি কেৱল জোৰ-জবৰদস্তি কৰিহে সিহঁতৰ পৰা এই অতিৰিক্ত দিয়ত লৈছিলোঁ।
(তাৰ পিছত সিহঁতে পৰামৰ্শ কৰি সিদ্ধান্ত ল'লে যে,) তোমালোকে মুহাম্মদৰ ওচৰলৈ গোপনে লোক পঠিওৱা, যাতে তেওঁৰ মতামত সম্পৰ্কে অৱগত হ'ব পাৰে। যদি তেওঁ তোমালোকৰ আশা অনুৰূপ সিদ্ধান্ত দিয়ে, তেন্তে তোমালোকে তেওঁক বিচাৰক হিচাপে গ্ৰহণ কৰিবা, আৰু যদি বিপক্ষে ফয়চালা দিয়ে, তেন্তে সাৱধানতা অৱলম্বন কৰি তেওঁক বিচাৰক হিচাপে মানি নল'বা।
তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান মুনাফিকক গোপনে পঠিয়ালে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে জ্ঞাত হ'ব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ সকলো উদ্দেশ্য আৰু চক্ৰান্ত সম্পৰ্কে অৱগত কৰালে। সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)।
ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল।
হাছান (আহমদ)
التصنيف الشرعيأسباب النزول
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, কিছুমানে বীৰত্ব প্ৰদৰ্শনৰ বাবে যুদ্ধ কৰে, আন কিছুমানে বংশীয় আভিজাত্যৰ কাৰণে যুদ্ধ কৰে, আকৌ কিছুমানে লোকক দেখুৱাবলৈ যুদ্ধ কৰে, ইয়াৰ মাজৰ কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ বুলি গণ্য কৰা হ'ব? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيأعمال القلوب، أحكام ومسائل الجهاد وآدابهموضوعات الحديثفضل الجهاد، الإخلاص، الرياء
"নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা, লগতে ছোৱাবৰ আশা পোষণ কৰিবা, আৰু পুৱা-গধূলি তথা ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।"
ছহীহ (বুখাৰী)
التصنيف الشرعيخصائص الإسلام وفضله ومحاسنه
"পুৰুষসকলৰ বাবে সৰ্বোত্তম শাৰী হৈছে প্ৰথম শাৰী, আৰু বেয়া শাৰী হৈছে একেবাৰে শেষৰ শাৰী। আনহীতে নাৰীসকলৰ ক্ষেত্ৰত সৰ্বোত্তম শাৰী হৈছে একেবাৰে শেষৰ শাৰী, আৰু বেয়া শাৰী হৈছে প্ৰথম শাৰী।"
ছহীহ (মুছলিম)
التصنيف الشرعيفضل صلاة الجماعة وأحكامها
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
التصنيف الشرعيالأخلاق الحميدة، آداب الكلام والصمتموضوعات الحديثالحب في الله والبغض في اللهمحاور التعريف بالإسلاممحاسن الأخلاق