Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
তোমালোকে তোমালোকৰ শাৰীবিলাক পোন কৰি লোৱা। কিয়নো শাৰীবিলাক পোন কৰি লোৱাটো হৈছে চালাতৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰি তিনিবাৰকৈ ইস্তিগফাৰ পঢ়িছিল। ইয়াৰ পিছত কৈছিলঃ "আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।", অলীদে কৈছে যে, মই আওঝায়ী ৰাহিমাহুল্লাহক সুধিলোঁঃ ইস্তিগফাৰ কেনেকৈ কৰিব লাগে? তেখেতে ক'লেঃ এনেকৈ কোৱা "আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ"।
ছহীহ (মুছলিম)
ৰমাজান মাহৰ চালাত বা আন কোনো মাহৰ চালাত ফৰজ হওক বা বেলেগ কোনো চালাত, প্ৰত্যেক চালাততে তেওঁ তাকবীৰ দিছিল। প্ৰথমে থিয় হোৱাৰ সময়ত তাকবীৰ দিছিল। ইয়াৰ পিছত ৰুকু কৰাৰ সময়ত তাকবীৰ দিছিল। (আকৌ ৰুকুৰ পৰা উঠোঁতে) ছামি আল্লাহু লিমান হামিদাহ কৈছিল। ইয়াৰ পিছত ৰুকুত যোৱাৰ আগতেই ৰাব্বানা অলাকাল হাম্দ পাঠ কৰিছিল। ইয়াৰ পিছত আল্লাহু আকবাৰ কৈ ছাজদাহ কৰিছিল। আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। পুনৰ ছাজদাহ কৰোঁতে আল্লাহু আকবাৰ কৈছিল, আকৌ ছাজদাৰ পৰা উঠোঁতে আল্লাহু আকবাৰ কৈছিল। দুই ৰাকাত শেষ কৰি বৈঠকৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠিবলৈও আল্লাহু আকবাৰ কৈছিল। এইদৰেই তেওঁ চালাত শেষ নোহোৱালৈকে প্ৰত্যেক ৰাকাততে তাকবীৰ দিছিল। চালাত শেষ কৰি তেওঁ কৈছিলঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চয়তানে মোৰ আৰু মোৰ নামাজ তথা কিৰাতৰ মাজত বাধা সৃষ্টি কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এইটো হৈছে এক প্ৰকাৰ চয়তান, যাৰ নাম হৈছে খিনঝিব। যেতিয়া তুমি ইয়াৰ উপস্থিতি অনুভৱ কৰিবা, তেতিয়া তুমি (আউজুবিল্লাহ পঢ়ি) তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি তিনিবাৰ তোমাৰ বাওঁফালে থু পেলাবা।" তেওঁ কৈছেঃ ইয়াৰ পিছত মই এইটো পদ্ধতি অৱলম্বন কৰিলোঁ, ফলত আল্লাহে ইয়াক মোৰ পৰা আঁতৰাই দিলে।
ছহীহ (মুছলিম)
"যি ব্যক্তিয়ে প্ৰত্যেক ফৰজ নামাজৰ পিছত আয়াতুল কুৰ্ছী পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।"
ছহীহ (নাছায়ী ফিল কুবৰা)
যেতিয়া তোমালোকে চালাত আদায় কৰিবা, তেতিয়া শাৰীবোৰ চিধা কৰি লবা। ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰাই কোনোবাই ইমামতি কৰিবা। ইমামে যেতিয়া তাকবীৰ দিব তেতিয়া তোমালোকেও তাকবীৰ দিবা। আৰু যেতিয়া ইমামে {غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ} [الفاتحة: 7] ক'ব, তেতিয়া তোমালোকে আমীন ক'বা। আল্লাহে তোমালোকৰ আহ্বানত সঁহাৰি দিব। যেতিয়া ইমামে তাকবীৰ দি ৰূকু কৰিব, তেতিয়া তোমালোকেও তাকবীৰ দি ৰূকু কৰিবা। কাৰণ ইমামে তোমালোকৰ আগত ৰূকুত যাব আৰু তোমালোকৰ আগতে ৰূকুৰ পৰা উঠিব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এইটো হৈছে সেইটোৰ বিনিময়ত, অৰ্থাৎ ইমামে আগত ৰূকুত গৈছে সেয়ে আগতে উঠিব। এইদৰে তেওঁ যেতিয়া ছামি আল্লাহু লিমান হামিদাহ ক'ব, তেতিয়া তোমালোকে ক'বাঃ আল্লাহুম্মা ৰাব্বানা লাকাল হাম্দ। আল্লাহে তোমালোকৰ কথা নিশ্চয় শুনিব। কিয়নো মহান আল্লাহে তেওঁৰ নবীৰ মুখেৰে কোৱাইছে যে, আল্লাহে প্ৰশংসাকাৰীৰ প্ৰশংসা শুনে। ইয়াৰ পিছত ইমামে যেতিয়া তাকবীৰ কৈ ছাজদাহ কৰিব তেতিয়া তোমালোকেও তাকবীৰ পাঠ কৰি ছাজদাহ কৰিবা। লগতে শুনা, ইমামে তোমালোকৰ আগত ছাজদাত যাব আৰু তোমালোকৰ আগতে ছাজদাৰ পৰা উঠিব। কাৰণ তেওঁ আগত গৈছে সেয়ে আগতে উঠিব। এইদৰে তাশ্বাহহুদত প্ৰথমে তোমালোকে এইটো পাঠ কৰিবাঃ আত্তাহিয়্যাতু আত-তায়্যিবাতু আচ্ছালাৱাতু লিল্লাহ, আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ। আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লাহিচ চলিহীন। আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহ।
ছহীহ (মুছলিম)
"সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})