নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লেঃ "তুমি মোক কোৰআন তিলাৱত কৰি শুনোৱা।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লেঃ "তুমি মোক কোৰআন তিলাৱত কৰি শুনোৱা।" মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই আপোনাক তিলাৱত কৰি শুনাম? অথচ আপোনাৰ ওপৰতে অৱতীৰ্ণ হৈছে। তেখেতে ক'লেঃ "হয়।" তেতিয়া মই ছুৰা নিছা তিলাৱত কৰা আৰম্ভ কৰিলোঁ। অৱশেষত যেতিয়া এই আয়াত আহি পালোঁ, {فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ، وَجِئْنَا بِكَ عَلَى هَؤُلاَءِ شَهِيدًا} [النساء: 41] তেখেতে ক'লেঃ "হ'ব, যথেষ্ট হৈছে।" মই তেখেতৰ মুখমণ্ডলৰ ফালে চালোঁ, দেখিলোঁ তেখেতৰ দুচকুৰে অশ্ৰু নিগৰি আছে।
قَالَ لِي النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «اقْرَأْ عَلَيَّ»، قُلْتُ: يَا رَسُولَ اللَّهِ، أَأَقْرَأُ عَلَيْكَ، وَعَلَيْكَ أُنْزِلَ؟ قَالَ: «نَعَمْ» فَقَرَأْتُ سُورَةَ النِّسَاءِ حَتَّى أَتَيْتُ إِلَى هَذِهِ الآيَةِ: {فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ، وَجِئْنَا بِكَ عَلَى هَؤُلاَءِ شَهِيدًا} [النساء: 41]، قَالَ: «حَسْبُكَ الآنَ» فَالْتَفَتُّ إِلَيْهِ، فَإِذَا عَيْنَاهُ تَذْرِفَانِ.
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল্লাহ ইবনে মাছঊদক ক'লে যে, মোক কোৰআনৰ পৰা কিছু পাঠ কৰি শুনোৱা। তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই কি সাহসেৰে আপোনাক কোৰআন পাঠ কৰি শুনাম? অথচ আপোনাৰ ওপৰতে কোৰআন অৱতীৰ্ণ হৈছে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই বেলেগৰ পৰা শুনিব বিচাৰোঁ। তেতিয়া তেওঁ ছুৰা নিছা তিলাৱত কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া তেওঁ এই আয়াতত আহি পালেঃ {فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ، وَجِئْنَا بِكَ عَلَى هَؤُلاَءِ شَهِيدًا} [النساء: 41] অৰ্থঃ এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা একোজনকৈ সাক্ষী (নবী) উপস্থিত কৰিম, আৰু (হে নবী) আপোনাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম, তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব? অৰ্থাৎ হে নবী! আপোনাক যেতিয়া আপোনাৰ উম্মতৰ বিৰুদ্ধে সাক্ষী হিচাপে উপস্থিত কৰা হ'ব যে, আপুনি আপোনাৰ দায়িত্ব পালন কৰিছিল আৰু আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া বাৰ্তা পৌঁচাই দিছিল, তেতিয়া সিহঁতৰ অৱস্থা কি হ'ব? এই আয়াতত আহি পোৱাৰ লগে লগে তেখেতে ইবনে মাছঊদক ক'লেঃ হ'ব, আৰু পঢ়িব নালাগে। ইবনে মাছঊদে কৈছেঃ মই সেই সময়ত তেখেতৰ মুখমণ্ডলৰ ফালে দেখিলোঁ যে, তেখেতে দুয়ো চকুৰে অশ্ৰু নিগৰি আছিল, সেই ভয়াৱহ দৃশ্যৰ ভয়ত আৰু উম্মতৰ প্ৰতি থকা তেখেতৰ দয়াৰ কাৰণে।
ইমাম নাৱাৱীয়ে কৈছেঃ কোৰআন তিলাৱত শ্ৰৱণ কৰা, তাৰ প্ৰতি মনোযোগ প্ৰদান কৰা, শ্ৰৱণ কৰাৰ সময়ত অনুধাৱন কৰি কন্দা-কটা কৰা আৰু গভীৰ চিন্তা ভাৱনা কৰা হৈছে মুস্তাহাব। বেলেগক তিলাৱত কৰিবলৈ অনুৰোধ কৰা আৰু সেই তিলাৱত মনোযোগ সহকাৰে শ্ৰৱণ কৰাটো ছুন্নত। কাৰণ নিজৰ তিলাৱততকৈ বেলেগৰ তিলাৱতে অন্তৰত অধিক প্ৰভাৱ পেলায়, তথা চিন্তা-চৰ্চা আৰু অনুধাৱন কৰাত অধিক সহায়ক হয়।
কোৰআন তিলাৱত কৰাটো যিদৰে ছোৱাবৰ কাম, সেইদৰে কোৰআন শ্ৰৱণ কৰাটোও হৈছে ছোৱাবৰ কাম।
এই হাদীছটোৰ দ্বাৰা আব্দুল্লাহ ইবনে মাছঊদৰ মৰ্যাদাও প্ৰমাণিত হয়, কাৰণ স্বয়ং ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ মুখেৰে কোৰআন শুনি ভাল পাইছিল। লগতে এইটো প্ৰমাণিত হয় যে, ইবনে মাছঊদ কোৰআন শিকাৰ ক্ষেত্ৰত, হিফজ কৰাৰ ক্ষেত্ৰত আৰু সুন্দৰভাৱে আয়ত্ব কৰাৰ ক্ষেত্ৰত অত্যন্ত যত্নশীল আছিল।
কোৰআন তিলাৱত শ্ৰৱণ কৰাৰ সময়ত সৰ্বশক্তিমান আল্লাহৰ ভয়ত কন্দা-কটা কৰাটো হৈছে এটা ফজীলতপূৰ্ণ কাম। কিন্তু এইটো হ'ব লাগে অত্যন্ত নিৰৱতাৰ মাজেৰে, চিঞৰ বাখৰ পৰিহাৰ কৰি, আন্তৰিকভাৱে কৰিব লাগে।
ছহীহ বুখাৰী (6/ 196) (5050).
ছহীহ মুছলিম (1/ 551) (800).
অধিক (8)
كنوز رياض الصالحين.
لمجموعة من الباحثين (7/ 133).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 515).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 402).
شرح رياض الصالحين.
لابن عثيمين (3/ 342).