Skip to content

মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম। এনেকুৱা ব্যক্তি যিয়ে মোৰ নামত শপত কৰি, সেয়া ভংগ কৰিছে। আন এজন হৈছে যিয়ে স্বাধীন ব্যক্তিক বিক্ৰী কৰি তাৰ মূল্য ভক্ষণ কৰে। আন এজন হৈছে, যিয়ে কাৰোবাক শ্ৰমিক হিচাপে কামত লগায় আৰু তাৰ দ্বাৰা পূৰ্ণাংগ কাম লয় অথচ তাৰ পাৰিশ্ৰমিক নিদিয়ে।"

«قَالَ اللَّهُ تَعَالَى: ثَلاَثَةٌ أَنَا خَصْمُهُمْ يَوْمَ القِيَامَةِ: رَجُلٌ أَعْطَى بِي ثُمَّ غَدَرَ، وَرَجُلٌ بَاعَ حُرًّا فَأَكَلَ ثَمَنَهُ، وَرَجُلٌ اسْتَأْجَرَ أَجِيرًا فَاسْتَوْفَى مِنْهُ وَلَمْ يُعْطِهِ أَجْرَهُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ লোকৰ বিৰুদ্ধে অৱস্থান কৰিম। যাৰ বিৰুদ্ধে মই অৱস্থান কৰিম, তাক মই নিশ্চিতভাৱে পৰাস্ত কৰিম। প্ৰথমঃ যিয়ে আল্লাহৰ নামত শপত খাই সেই শপত ভংগ কৰে, আৰু বিশ্বাসঘাতকতা কৰি অঙ্গীকাৰ বিনষ্ট কৰে। দ্বিতীয়ঃ যিয়ে এজন স্বাধীন ব্যক্তিক দাস হিচাপে বিক্ৰী কৰে, আৰু সেই মূল্য ভক্ষণ কৰে আৰু ব্যয় কৰে। তৃতীয়ঃ যিয়ে কোনো ব্যক্তিক শ্ৰমিক নিযুক্ত কৰে আৰু তাৰ পৰা পৰিপূৰ্ণ কাম কৰাই লয়, কিন্তু তাক পাৰিশ্ৰমিক আদায় নিদিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত অলৌকিকতা আছে।

ছিন্ধীয়ে কৈছেঃ কোৱা হৈছে যে, বিষয়টোক সীমিত কৰাৰ উদ্দেশ্যে তিনিটাৰ কথা উল্লেখ কৰা হোৱা নাই। কিয়নো মহান আল্লাহ হৈছে প্ৰত্যেক অন্য়ায়-অত্যাচাৰীৰ বিৰোধী। বৰং এই তিনিজনৰ বিষয়টো কঠিনভাৱে উপস্থাপন কৰা হ'ব।

ইবনুল জাওঝীয়ে কৈছেঃ স্বাধীন ব্যক্তি হৈছে আল্লাহৰ দাস। এতেকে যিয়ে তাৰ ওপৰত অন্যায় কৰিব, তাৰ হৈ তাৰ মালিকে থিয় হ'ব। তাৰ মালিক হৈছে মহান আল্লাহ।

খাত্তাবীয়ে কৈছেঃ এজন স্বাধীন ব্যক্তিক দাস হিচাপে গণ্য কৰাৰ দুটা কাৰণ হ'ব পাৰেঃ কোনোবাই তাক মুক্ত কৰিছে, কিন্তু তেওঁ বিষয়টো গোপন ৰাখিছে অথবা অস্বীকাৰ কৰিছে। দ্বিতীয় কাৰণটো হৈছেঃ মুক্ত হোৱাৰ পিছত তাক তাৰ ইচ্ছাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। এই দুটাৰ ভিতৰত প্ৰথমটো হৈছে বেছি ভয়ংকৰ। মোৰ মতে, উপৰোক্ত হাদীছটো আৰু অধিক গুৰুতৰ। কাৰণ ইয়াত এইটো বুজাইছে যে, মুক্তি গোপন কৰি অথবা অস্বীকাৰ কৰি তাৰ সৈতে দাসৰ দৰে ব্যৱহাৰ কৰা উচিত নহয়, যেনে- তাক বিক্ৰী কৰা আৰু তাৰ মূল্য ভক্ষণ কৰা। সেয়ে ইয়াক কঠোৰভাৱে সকীয়াই কঠিন শাস্তিৰ কথা কোৱা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (3/ 90) (2270).

অধিক (3)

فتح ذي الجلال والإكرام بشرح بلوغ المرام (4/ 252).

إرشاد الساري لشرح صحيح البخاري (4/ 108).

مرشد ذوي الحجا والحاجة إلى سنن ابن ماجه والقول المكتفى على سنن المصطفى (14/ 211).