ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।”
ঝিৰ বিন হুবাইশ্বৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মোজাৰ ওপৰত মছেহ কৰা সম্পৰ্কে সুধিবলৈ মই ছাফৱান ইবনু আচ্ছাল আল-মুৰাদীৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক ক’লেঃ “হে ঝিৰ! কি উদ্দেশ্যে আহিছা?” মই ক’লোঁঃ “ইল্মৰ সন্ধানত আহিছোঁ!” তেতিয়া তেওঁ ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অনুসন্ধানত আনন্দিত হৈ ইল্মৰ অন্বেষণকাৰীৰ বাবে নিজৰ পাখি মেলি দিয়ে। মই ক’লোঁঃ মল-মূত্ৰ ত্যাগ কৰাৰ পিছত মোজাৰ ওপৰত মছেহ সম্পৰ্কীয় এটা বিষয়ত মোৰ মনত সন্দেহৰ সৃষ্টি হৈছে। যিহেতু আপুনি হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজন চাহাবী, সেয়ে মই আপোনাক সুধিবলৈ আহিছোঁ। এই বিষয়ে আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? তেওঁ ক’লেঃ “হয়, শুনিছোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক আদেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, সেই সময়ছোৱাত যদি জানাবত (গোছল ফৰজ হোৱা) অৱস্থা নহয়, তেন্তে তিনিদিন আৰু তিনি ৰাতিলৈকে আমি যেন আমাৰ মোজা নোখোলাকৈ মছেহ কৰোঁ। মল-মূত্ৰ আৰু টোপনিৰ কাৰণে মোজা খোলাৰ প্ৰয়োজন নাই, কেৱল মোজাৰ ওপৰত মছেহ কৰিলেই যথেষ্ট।” মই ক’লোঁঃ আপুনি তেখেতক মুহাব্বত সম্পৰ্কে কিবা কোৱা শুনিছেনে? তেওঁ ক’লেঃ হয়, শুনিছোঁ। আমি এটা ছফৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আছিলোঁ। এদিন আমি তেখেতৰ ওচৰতে আছিলোঁ, সেই সময়ত এজন বেদুঈনে উচ্চস্বৰে মাতি ক’লে, ‘হে মুহাম্মদ!’ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তাৰ দৰেই উচ্চ স্বৰে ক'লে, ‘হয় আহা’। আমি সেই বেদুঈনজনক ক’লোঁ, ‘হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি! তোমাৰ কণ্ঠস্বৰ নিম্নগামী কৰা; কাৰণ তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত আছা। কিয়নো (কোৰআনত) নবীৰ সন্মুখত উচ্চ স্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে।’ মানুহজনে ক’লেঃ ‘আল্লাহৰ শপত, মই নিম্ন স্বৰে কথা ক’ব নোৱাৰোঁ।’ মানুহজনে সুধিলেঃ (সেই ব্যক্তিৰ বিষয়ে আপোনাৰ অভিমত কি) যিয়ে এটা সম্প্ৰদায়ক ভাল পায়, কিন্তু তেওঁলোকৰ সৈতে সেই ব্যক্তি মিলিত হ'ব পৰা নাই।’ তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লেঃ “যিয়ে যাক ভাল পায়, কিয়ামতৰ দিনা তেওঁ তাৰ সৈতেই উপস্থিত হ'ব।” ইয়াৰ পিছত তেখেতে আমাৰ সৈতে আলোচনা কৰি আছিল। অৱশেষত তেখেতে পশ্চিম দিশত থকা এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো দুৱাৰ ইমান দীঘল যে, এটা অশ্বাৰোহীয়ে তাৰ এটা প্ৰান্তৰ পৰা আন প্ৰান্তলৈ যাবলৈ চল্লিশ বা সত্তৰ বছৰ সময় লাগিব।
أَتَيْتُ صَفْوَانَ بْنَ عَسَّالٍ المُرَادِيَّ، أَسْأَلُهُ عَنِ المَسْحِ عَلَى الخُفَّيْنِ، فَقَالَ: مَا جَاءَ بِكَ يَا زِرُّ؟ فَقُلْتُ: ابْتِغَاءَ العِلْمِ، فَقَالَ: إِنَّ المَلاَئِكَةَ لَتَضَعُ أَجْنِحَتَهَا لِطَالِبِ العِلْمِ؛ رِضًا بِمَا يَطْلُبُ، فَقُلْتُ: إِنَّهُ حَكَّ فِي صَدْرِي المَسْحُ عَلَى الخُفَّيْنِ بَعْدَ الغَائِطِ وَالبَوْلِ، وَكُنْتَ امْرَأً مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، فَجِئْتُ أَسْأَلُكَ: هَلْ سَمِعْتَهُ يَذْكُرُ فِي ذَلِكَ شَيْئًا؟ قَالَ: نَعَمْ، كَانَ يَأْمُرُنَا إِذَا كُنَّا سَفْرًا أَوْ مُسَافِرِينَ أَلَّا نَنْزِعَ خِفَافَنَا ثَلاَثَةَ أَيَّامٍ وَلَيَالِيهِنَّ إِلَّا مِنْ جَنَابَةٍ، لَكِنْ مِنْ غَائِطٍ وَبَوْلٍ وَنَوْمٍ، فَقُلْتُ: هَلْ سَمِعْتَهُ يَذْكُرُ فِي الهَوَى شَيْئًا؟ قَالَ: نَعَمْ، كُنَّا مَعَ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ فَبَيْنَا نَحْنُ عِنْدَهُ إِذْ نَادَاهُ أَعْرَابِيٌّ بِصَوْتٍ لَهُ جَهْوَرِيٍّ: يَا مُحَمَّدُ، فَأَجَابَهُ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ عَلَى نَحْوٍ مِنْ صَوْتِهِ: «هَاؤُمُ» وَقُلْنَا لَهُ: وَيْحَكَ اغْضُضْ مِنْ صَوْتِكَ، فَإِنَّكَ عِنْدَ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، وَقَدْ نُهِيتَ عَنْ هَذَا، فَقَالَ: وَاللَّهِ لاَ أَغْضُضُ، قَالَ الأَعْرَابِيُّ: المَرْءُ يُحِبُّ القَوْمَ وَلَمَّا يَلْحَقْ بِهِمْ، قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «المَرْءُ مَعَ مَنْ أَحَبَّ يَوْمَ القِيَامَةِ»، فَمَا زَالَ يُحَدِّثُنَا حَتَّى ذَكَرَ بَابًا مِنْ قِبَلِ المَغْرِبِ مَسِيرَةُ عَرْضِهِ، أَوْ يَسِيرُ الرَّاكِبُ فِي عَرْضِهِ أَرْبَعِينَ أَوْ سَبْعِينَ عَامًا.
হাদীছটোত উল্লেখ হৈছে যে, ঝিৰ বিন হুবাইশ্ব (ৰাহিমাহুল্লাহে) ছাফৱান ইবনু আচ্ছাল (ৰাদ্বিল্লাহু ‘আনহু)ৰ ওচৰলৈ আহিল আৰু তেওঁক মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে সুধিলে। ছাফৱানে ক’লেঃ হে ঝিৰ! কি কাৰণে আহিছা তুমি? ঝিৰে ক’লেঃ ইল্ম অৰ্জনৰ উদ্দেশ্যে আহিছোঁ। তেতিয়া ছাফৱানে ক’লেঃ নিশ্চয় ফিৰিস্তাসকলে ইল্মৰ অন্বেষণকাৰীৰ প্ৰতি সন্তুষ্টি আৰু সন্মান প্ৰকাশ কৰি নিজৰ পাখি মেলি দিয়ে। ইয়াৰ পিছত ঝিৰে ক’লেঃ মোৰ মনত মোজাৰ ওপৰত মছেহ কৰাৰ বিষয়ে এটা খোকোজা আছে, বিশেষকৈ শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত। যিহেতু আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবী, সেয়ে মই এই বিষয়টো জানিবলৈ আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি এই বিষয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কিবা শুনিছেনে? ছাফৱানে ক'লেঃ হয়। তেখেতে আমাক নিৰ্দেশ দিছিল যে, আমি যেতিয়া ভ্ৰমণত থাকোঁ, তেতিয়া যাতে আমি সৰু নাপাকীৰ ফলত যেনে- শৌচ-প্ৰস্ৰাৱ আৰু টোপনি আদিৰ কাৰণে অজু কৰাৰ সময়ত সৰ্বোচ্চ তিনিদিন পৰ্যন্ত মোজা নোখোলোঁ। কিন্তু গোছল ফৰজ হ'লে নিশ্চয় মোজা খুলিব লাগিব। ইয়াৰ পিছত মই সুধিলোঁঃ আপুনি মুহাব্বত সম্পৰ্কে তেখেতৰ পৰা কিবা শুনিছেনে? তেওঁ ক'লেঃ হয়। আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। আমি তেখেতৰ ওচৰতে বহি আছিলোঁ, তেনেতে এজন ব্যক্তিয়ে তেখেতক উচ্চস্বৰে মাতি ক'লেঃ হে মুহাম্মদ। উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও উচ্চস্বৰে ক'লেঃ আহা। আমি সেই ব্যক্তিজনক ক'লোঁঃ হেৰা তুমি কোনো শিষ্টাচাৰ শিকা নাই নেকি, তোমাৰ কণ্ঠস্বৰ নমাই কথা কোৱা, কিয়নো তুমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আছা। কাৰণ তেখেতৰ ওচৰত উচ্চস্বৰে কথা ক'বলৈ নিষেধ কৰা হৈছে। সেই ব্যক্তিজনে প্ৰচণ্ড সুৰত ক'লেঃ আল্লাহৰ শপত! মই নিম্নস্বৰে কথা ক'ব নোৱাৰোঁ। ইয়াৰ পিছত ব্যক্তিজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! যিয়ে পুণ্যৱান লোকসকলক ভাল পায় কিন্তু তেওঁলোকৰ দৰে আমল কৰিব নোৱাৰে, তেনেকুৱা লোকৰ অৱস্থা কি হ'ব। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ দিনা সেই ব্যক্তি তেওঁলোকৰ সৈতেই থাকিব, যিসকলক তেওঁ ভাল পায়। ঝিৰ ৰাহিমাহুল্লাহে কৈছে যে, ছাফৱান ৰাদ্বিয়াল্লাহু আনহুৱে আমাক ধাৰাবাহিকভাৱে হাদীছ শুনাই আছিল, অৱশেষত তেওঁ তাওবাৰ এটা দুৱাৰৰ কথা উল্লেখ কৰিলে, যিটো শ্বামৰ ফালে অৱস্থিত, এইটোক মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়তে সৃষ্টি কৰিছে। এই দুৱাৰৰ প্ৰশস্ততা ইমানেই বিস্তৃত যে, এজন অশ্বাৰোহী ব্যক্তিয়ে চল্লিশ অথবা সত্তৰ বছৰলৈকে অবিৰামভাৱে গৈ থাকিলেও পাৰ হ'ব নোৱাৰিব। এই দুৱাৰ তেতিয়ালৈকে বন্ধ নহ'ব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।
ইল্ম অৰ্জন কৰাৰ ফজীলত, ইল্ম অৰ্জনকাৰী হৈছে মহা মৰ্যাদাৰ অধিকাৰী। এনে লোকসকলক ফিৰিস্তাসকলে শ্ৰদ্ধা কৰে আৰু অভ্যৰ্থনা জনায়।
তাবেঈনসকলে চাহাবাসকলৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ অত্যন্ত আগ্ৰহী আছিল।
মোজাৰ ওপৰত মছেহ কৰা জায়েজ। মুছাফিৰৰ বাবে ইয়াৰ সময়সীমা হৈছে তিনিদিন তিনি ৰাতি। আনহাতে স্বস্থানত অৱস্থান কৰা ব্যক্তিৰ বাবে ইয়াৰ সময়সীমা হৈছে এদিন এৰাতি।
সৰু নাপাকীৰ ক্ষেত্ৰতহে মোজাৰ ওপৰত মছেহ কৰা বৈধ।
প্ৰশ্নকাৰীয়ে আলিমৰ পৰা প্ৰমাণ বিচাৰিব পাৰে, সেয়া কোৰআন হাদীছৰ পৰাই হওক বা তেওঁৰ ইজতিহাদ বা বিশ্লেষণ। এই ক্ষেত্ৰত আলিমে সংকোচবোধ কৰা উচিত নহয়।
পুণ্যৱান ব্যক্তি তথা আলিম উলামাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত, আৰু তেওঁলোকৰ বৈঠকত নিম্নস্বৰে কথা কোৱা উচিত।
অজ্ঞ ব্যক্তিক ভাল আচৰণ শিকাব লাগে, আৰু বিভিন্ন চাৰিত্ৰিক নিয়ম-নীতিৰ শিক্ষা দিব লাগে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহিষ্ণুতা, উত্তম চৰিত্ৰ আৰু মানুহৰ সৈতে কিদৰে ব্যৱহাৰ কৰিব লাগে, এই সকলো ক্ষেত্ৰতে তেখেতৰ আদৰ্শ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
মুবাৰকপুৰীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও সেই ব্যক্তিজনৰ দৰেই উচ্চ সুৰত উত্তৰ দিছিল কেৱল তাৰ প্ৰতি সহানুভূতিৰ কাৰণে, যাতে মহান আল্লাহৰ এই আয়াতৰ কাৰণে তাৰ আমল বিনষ্ট হৈ নাযায়, য'ত কোৱা হৈছে- {.....لَا تَرْفَعُوا أَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِيِّ} নবীৰ সন্মুখত তোমালোকে উচ্চস্বৰে কথা নক'বা। কাৰণ তেখেতে তাৰ অজ্ঞতাৰ কাৰণে ক্ষমা কৰি দিছিল। এই কাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ প্ৰতি দয়া কৰি তাৰ কণ্ঠস্বৰতকৈ নিজৰ কণ্ঠস্বৰ উচ্চ কৰিছিল বা সমপৰ্যায়ৰ কণ্ঠস্বৰত মাতিছিল।
পুণ্যৱান ব্যক্তিসকলৰ সৈতে বহিব লাগে, তেওঁলোকৰ সৈতে মুহাব্বত কৰিব লাগে আৰু তেওঁলোকৰ সংগ অৱলম্বন কৰিব লাগে।
নাৱাৱীয়ে কৈছেঃ (কিয়ামতৰ দিনা)তেওঁলোকৰ সৈতে থাকিব, ইয়াৰ অৰ্থ এইটো কেতিয়াও নহয় যে, তেওঁলোকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকৰ সমান হ'ব।
আশা-প্ৰত্যাশাৰ দুৱাৰ খোলা আছে, নাজাত লাভ কৰিবলৈ সুসংবাদ দিয়া হৈছে। উপদেশ দিয়াৰ সময়ত কোমল সুৰত তথা সহানুভূতিমূলক আচৰণ কৰিব লাগে।
সৰ্বশক্তিমান আল্লাহৰ ৰহমত অত্যন্ত প্ৰশস্ত। তেওঁ তাওবাৰ দুৱাৰ এতিয়াও খোলা ৰাখিছে।
আত্মপৰ্যালোচনা কৰি দ্ৰুত তাওবা কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিবলৈ কোৱা হৈছে।
ছুনান তিৰমিজী (5/ 505) (3535).
ছুনান ইবনে মাজাহ (1/ 302) (478).
মুছনাদ আহমদ (30/ 18) (18095).
অধিক (7)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 36).
شرح رياض الصالحين.
لابن عثيمين (1/ 107).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 57).
المعجم الوسيط (2/ 968).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «الْمَرْءُ مَعَ مَنْ أَحَبَّ يَوْمَ الْقِيَامَةِ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«المَرْءُ مَعَ مَنْ أَحَبَّ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«المَرءُ مَعَ مَنْ أَحَبَّ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«المَرْءُ مَعَ مَنْ أَحَبَّ».
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)مجموعة زاد الفقه (1)«كان رسول اﷲ ﷺ يأمرنا إذا كنا سَفْرا ألا نَنْزِعَ خِفَافَنا ثلاثةَ أيامَ ولياليهن إلا مِنْ جَنَابَةٍ، لكن من غائطٍ وبولٍ ونومٍ».
- مشروع منهاج زادكزادك 2 طالب نهائيقال النبي صلى الله عليه وسلم: «الحَجُّ عَرَفَةُ»