মোৰ প্ৰজন্মৰ লোকসকলেই হৈছে তোমালোকৰ মাজত সৰ্বোত্তম। ইয়াৰ পিছত সেইসকল লোক, যিসকল ইয়াৰ পিছৰ প্ৰজন্মৰ। তাৰ পিছত সেইসকল লোক, যিসকল তাৰ পিছৰ প্ৰজন্মৰ।
ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"মোৰ প্ৰজন্মৰ লোকসকলেই হৈছে তোমালোকৰ মাজত সৰ্বোত্তম। ইয়াৰ পিছত সেইসকল লোক, যিসকল ইয়াৰ পিছৰ প্ৰজন্মৰ। তাৰ পিছত সেইসকল লোক, যিসকল তাৰ পিছৰ প্ৰজন্মৰ।" ইমৰাণে কৈছেঃ মোৰ মনত নাই, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰজন্মৰ পিছত দুটা প্ৰজন্মৰ কথা কৈছে নে তিনিটা প্ৰজন্মৰ কথা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলে বিশ্বাসঘাতকতা কৰিব, আমানত ৰক্ষা নকৰিব। সাক্ষ্য দিবলৈ নামাতিলেও উপযাচি সাক্ষ্য দিব। সিহঁতে মান্নত কৰিব কিন্তু পূৰণ নকৰিব। সিহঁতৰ মাজত মেদবহুলতাৰ প্ৰকাশ ঘটিব।"
«خَيْرُكُمْ قَرْنِي، ثُمَّ الَّذِينَ يَلُونَهُمْ، ثُمَّ الَّذِينَ يَلُونَهُمْ» قَالَ عِمْرَانُ: لاَ أَدْرِي أَذَكَرَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَعْدُ قَرْنَيْنِ أَوْ ثَلاَثَةً، قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ بَعْدَكُمْ قَوْمًا يَخُونُونَ وَلاَ يُؤْتَمَنُونَ، وَيَشْهَدُونَ وَلاَ يُسْتَشْهَدُونَ، وَيَنْذِرُونَ وَلاَ يَفُونَ، وَيَظْهَرُ فِيهِمُ السِّمَنُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মাজত সৰ্বোত্তম শ্ৰেণীৰ লোক হৈছে সেইসকল লোক, তথা সৰ্বোত্তম যুগ হৈছে সেইটো যুগ, যিটো যুগত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ চাহাবাসকল আছিল। ইয়াৰ পিছৰ শ্ৰেণীটো হৈছে সেই যুগৰ লোক, যিসকলে চাহাবাসকলক লগ পাইছিল কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পোৱা নাছিল। ইয়াৰ পিছৰ সৰ্বোত্তম যুগটো হৈছে তাবে তাবেঈনসকলৰ। কিন্তু ইয়াৰ পিছত চতুৰ্থ যুগ সম্পৰ্কে বৰ্ণনাকাৰী চাহাবীয়ে নিশ্চিত নাছিল যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে চতুৰ্থ যুগ সম্পৰ্কে উল্লেখ কৰিছিল নে নাই। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই কেইটা যুগ অতিক্ৰম কৰাৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ মাজত বিশ্বাসঘাতকতা বিয়পি পৰিব, মানুহৰ মাজত সততা লুপ্ত হ'ব। সাক্ষ্য দিবলৈ নোকোৱাৰ আগতে সাক্ষ্য দিবলৈ উপস্থিত হ'ব। সিহঁতে মান্নত কৰিব, কিন্তু মান্নত পূৰণ নকৰিব। সিহঁতে খোৱা-বোৱাৰ ক্ষেত্ৰত অভাৱ অনাটনৰ সন্মুখীন নহ'ব, ফলত সিহঁতৰ শৰীৰত চৰ্বী দেখা দিব।
পৃথিৱীৰ ইতিহাসৰ সৰ্বোত্তম শতাব্দী তথা সৰ্বোত্তম প্ৰজন্ম হৈছে সেইটো, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু চাহাবাসকলে অতিবাহিত কৰিছিল। বুখাৰীৰ এটা হাদীছত আহিছে, য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "বনী আদমৰ সৰ্বোত্তম যুগত মোক প্ৰেৰণ কৰা হৈছে। যুগৰ পিছত যুগ অতিবাহিত হৈ মই সেই যুগত আহিছোঁ, যিটো মোৰ বাবে নিৰ্দিষ্ট আছিল।"
ইবনু হাজাৰে কৈছেঃ হাদীছটোৰ অৰ্থই এইটো বুজায় যে, চাহাবাসকল হৈছে তাবেঈনতকৈ উত্তম, আৰু তাবেঈনসকল তাবে তাবেঈনতকৈ উত্তম। কিন্তু প্ৰশ্ন হয় যে, এই শ্ৰেষ্ঠত্ব সামগ্ৰীকভাৱে নে ব্যক্তিগত স্তৰতো প্ৰযোজ্য? বিষয়টো চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। কিন্তু জমহুৰ উলামাই দ্বিতীয় মতটোকহে অগ্ৰাধিকাৰ দিছে।
হাদীছটোৰ দ্বাৰা এই তিনিওটা যুগক অনুসৰণ কৰিবলৈ ইংগিত কৰা হৈছে। কাৰণ যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জামানাৰ যিমান নিকটৱৰ্তী হ'ব, তেওঁ ইল্ম অ ফজল আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ অৱলম্বনত সিমানেই উত্তম হ'ব।
নজৰ বা মান্নত কোৱা হয়, এনেকুৱা নেক আমল যিটোক ব্যক্তিয়ে নিজেই নিজৰ ওপৰত ধাৰ্য্য কৰি লয়, যিটোক চৰীয়তে তাৰ ওপৰত ধাৰ্য্য কৰা নাই।
বিশ্বাসঘাতকতা, মান্নত পূৰণ নকৰা, পৃথিৱীৰ প্ৰতি মোহিত হোৱা আদি বিষয়ক ভৰ্ৎসনা কৰা হৈছে।
যদি অধিকাৰীয়ে বিষয়টো ভালকৈয়ে জানে তেনেক্ষেত্ৰত উপযাচি সাক্ষ্য দিয়াক ভৰ্ৎসনা কৰা হৈছে। আনহাতে যদি অধিকাৰীয়ে বিষয়টো সম্পৰ্কে নাজানে তেনে ক্ষেত্ৰত সাক্ষ্য দিয়াটো হৈছে সেই হাদীছৰ অন্তৰ্ভুক্ত, য'ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজত সৰ্বোত্তম সাক্ষী হৈছে সেইজন, যাৰ পৰা সাক্ষ্য বিচৰাৰ আগতে সাক্ষ্য দিবলৈ সাজু হয়।" (মুছলিম)
ছহীহ বুখাৰী (3/ 171) (2651).
ছহীহ মুছলিম (4/ 1964) (2535).
(3/ 1344) (1719).
অধিক (2)
النهاية في غريب الحديث والأثر (747).
نيل الأوطار (8/ 341).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- الخطب المنبرية موسوعة الخطب المنبرية (القسم الثاني)«خَيْرُ النَّاسِ قَرْنِي، ثُمَّ الَّذِينَ يَلُونَهُمْ، ثُمَّ الَّذِينَ يَلُونَهُمْ»
- فهم السلف الصالح للنصوص الشرعية والرد على الشبهات حوله"خيركم قرني، ثم الذين يلونهم، ثم الذين يلونهم"[8].
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1« خيْرُ النّاسِ قرْنِي، ثُمّ الّذِين يلُونهُمْ، ثُمّ الّذِين يلُونهُمْ»
- مشروع منهاج زادكزادك 3 طالب نهائي«خَيْرُ النَّاسِ قَرْنِي، ثُمَّ الَّذِينَ يَلُونَهُمْ، ثُمَّ الَّذِينَ يَلُونَهُمْ»