বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰা কোনো ব্যক্তিয়েই কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"বদৰ আৰু হুদাইবিয়্যাত অংশগ্ৰহণ কৰা কোনো ব্যক্তিয়েই কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।"
«لن يدخلَ النارَ رجلٌ شَهِد بدرًا والحُدَيْبِيَة».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দ্বিতীয় হিজৰীত সংঘটিত হোৱা বদৰৰ যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যিসকল চাহাবাই অংশ গ্ৰহণ কৰিছিল আৰু হুদাইবিয়াৰ সন্ধিত যিসকলে উপস্থিত আছিল, লগতে বাইআতে ৰিজৱানত উপস্থিত আছিল, যিটো ষষ্ঠ হিজৰীত সংঘটিত হৈছিল, সেই চাহাবাসকলৰ কোনেও জাহান্নামত প্ৰৱেশ নকৰিব।
ইয়াত হুদাইবিয়্যা আৰু বদৰৰ যুদ্ধত অংশগ্ৰহণ কৰা চাহাবাসকলৰ মৰ্যাদা বৰ্ণিত হৈছে যে, তেওঁলোকে কেতিয়াও জাহান্নামত প্ৰৱেশ নকৰিব।
ইয়াত বৰ্ণনা কৰা হৈছে যে, আল্লাহে তেওঁলোকৰ ওপৰত হোৱা অন্যায়-অত্যাচাৰ নিঃশেষ কৰিব, তেওঁলোকক ঈমানৰ ওপৰত মৃত্যুবৰণ কৰাৰ তাওফীক প্ৰদান কৰিব। আল্লাহে তেওঁলোকক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাকৈ জান্নাতত প্ৰৱেশ কৰাব। এইটো হৈছে আল্লাহৰ বিশেষ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে, তেওঁকহে প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।
ছহীহ মুছলিম (4/ 1942) (2495).
মুছনাদ আহমদ (23/ 410) (15262).
অধিক (6)
المصباح المنير في غريب الشرح الكبير.
لأحمد الفيومي (1/ 123).
فيض القدير شرح الجامع الصغير.
للمناوي (5/ 302).
المنهاج شرح صحيح مسلم بن الحجاج.
للنووي (16/ 57).