আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।
আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
"হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে? তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
أَنَّ نَاسًا مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالُوا لِلنَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: يَا رَسُولَ اللهِ، ذَهَبَ أَهْلُ الدُّثُورِ بِالْأُجُورِ، يُصَلُّونَ كَمَا نُصَلِّي، وَيَصُومُونَ كَمَا نَصُومُ، وَيَتَصَدَّقُونَ بِفُضُولِ أَمْوَالِهِمْ، قَالَ: «أَوَلَيْسَ قَدْ جَعَلَ اللهُ لَكُمْ مَا تَصَّدَّقُونَ؟ إِنَّ بِكُلِّ تَسْبِيحَةٍ صَدَقَةً، وَكُلِّ تَكْبِيرَةٍ صَدَقَةً، وَكُلِّ تَحْمِيدَةٍ صَدَقَةً، وَكُلِّ تَهْلِيلَةٍ صَدَقَةً، وَأَمْرٌ بِالْمَعْرُوفِ صَدَقَةٌ، وَنَهْيٌ عَنْ مُنْكَرٍ صَدَقَةٌ، وَفِي بُضْعِ أَحَدِكُمْ صَدَقَةٌ»، قَالُوا: يَا رَسُولَ اللهِ، أَيَأتِي أَحَدُنَا شَهْوَتَهُ وَيَكُونُ لَهُ فِيهَا أَجْرٌ؟ قَالَ: «أَرَأَيْتُمْ لَوْ وَضَعَهَا فِي حَرَامٍ أَكَانَ عَلَيْهِ فِيهَا وِزْرٌ؟ فَكَذَلِكَ إِذَا وَضَعَهَا فِي الْحَلَالِ كَانَ لَهُ أَجْرٌ».
কেইজনমান দৰিদ্ৰ চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত তেওঁলোকৰ অৱস্থা সম্পৰ্কে অভিযোগ কৰিলে যে, তেওঁলোকে দৰিদ্ৰতা তথা অভাৱ অনাটনৰ কাৰণে দান খয়ৰাত কৰিব পৰা নাই, যাৰ ফলত তেওঁলোক বহুত ছোৱাবৰ পৰা বঞ্চিত হৈছে। পক্ষান্তৰে তেওঁলোকৰ সতীৰ্থসকলৰ ওচৰত আছে বহুতো ধন সম্পদ, ফলত তেওঁলোকে সেইবোৰৰ পৰা বেছি বেছি দান খয়ৰাত কৰি ছোৱাব অৰ্জন কৰি আছে, ইয়াৰ উপৰিও তেওঁলোকে নামাজ পঢ়ে আমিও নামাজ পঢ়োঁ, তেওঁলোকেও ৰোজা ৰাখে আমিও ৰোজা ৰাখোঁ, তেওঁলোকে অতিৰিক্ত সম্পদ দান খয়ৰাত কৰিব পাৰে, কিন্তু আমি দান খয়ৰাত কৰিব নোৱাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক চাদাক্বাহ কৰাৰ পথ দেখুৱাই নিৰ্দেশনা দি ক'লে যে, আল্লাহে তোমালোকক এনেকুৱা সুবিধা দিয়া নাইনে যে, তোমালোকেও দান খয়ৰাত কৰিব পাৰিবা? শুনা! তোমালোকে "ছুবহানাল্লাহ" বুলি ক'লেও দান খয়ৰাতৰ ছোৱাব লাভ কৰিবা। এইদৰে "আল্লাহু আকবাৰ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "আলহাম্দুলিল্লাহ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "লা ইলাহা ইল্লাল্লাহ" বুলি কোৱাটোও হৈছে চাদাক্বাহ, "সৎকৰ্মৰ নিৰ্দেশ" দিয়াটোও হৈছে চাদাক্বাহ, "অসৎকৰ্মৰ পৰা বিৰত" ৰখাটোও হৈছে চাদাক্বাহ, আনকি স্ত্ৰী সৈতে যৌন মিলন কৰাটোও হৈছে চাদাক্বাহ। এই কথা শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে আৰু ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই নিজৰ চাহিদা পূৰণ কৰিবলৈ স্ত্ৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, ইয়াৰ ফলতো ছোৱাব পোৱা যাবনে? তেতিয়া তেখেতে ক'লেঃ যদি তেওঁ এই কৰ্মটো বৈধ ঠাইত (অৰ্থাৎ স্ত্ৰীৰ সৈতে) নকৰি কোনো হাৰাম পন্থাত কৰিলেহেঁতেন অথবা ব্যভিচাৰ কৰিলেহেঁতেন তেন্তে গুনাহ নহ'লহেঁতেন নে? সেইকাৰণেই যিহেতু তেওঁ হালাল উপায়েৰে এইটো কৰিছে, সেয়ে ইয়াৰ ছোৱাব লাভ কৰিব।
কল্যাণৰ কামত চাহাবাসকলে প্ৰতিযোগিতা কৰিছিল। মহা ছোৱাব অৰ্জন কৰিবলৈ আৰু আল্লাহৰ ফজল লাভ কৰিবলৈ তেওঁলোক সদায় আগ্ৰহী আছিল।
নেক আমলৰ বহুতো প্ৰকাৰ আছে। এজন মুছলিমে সঠিক নিয়্যত আৰু সৎ উদ্দেশ্যৰে কৰা প্ৰতিটো কামেই হৈছে নেক আমল।
ইছলাম অত্যন্ত সহজ তথা সৰল পথ। প্ৰতিজন মুছলিমেই কিবা নহয় কিবা এটাৰ জৰিয়তে আল্লাহৰ আনুগত্য কৰিব পাৰে।
ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, মুবাহ কৰ্ম এটা সৎ নিয়্যতেৰে কৰিলে সেইটোও নেক কৰ্মত পৰিণত হয়। সেয়ে স্ত্ৰীৰ সৈতে কৰা যৌন মিলনো ইবাদতত পৰিণত হয়, যেতিয়া স্ত্ৰীৰ হক আদায় কৰাৰ নিয়্যতেৰে যৌন মিলন কৰা হয় আৰু তাইৰ সৈতে উত্তম আচৰণৰ নিয়্যতেৰে কৰা হয়, কাৰণ আল্লাহে ইয়াৰ নিৰ্দেশ দিছে। অথবা নেক সন্তান লাভৰ উদ্দেশ্যে কৰা হয়, নাইবা নিজৰ নফছ পৱিত্ৰ ৰখাৰ উদ্দেশ্য কৰা হয়, বা স্ত্ৰীৰ নফছ পৱিত্ৰ ৰখাৰ উদ্দেশ্যে কৰা হয় আৰু উভয়ে হাৰাম দৃষ্টিৰ পৰা, অথবা হাৰাম চিন্তা-ধাৰাৰ পৰা নাইবা এনেকুৱা গুনাহত পতিত হোৱাৰ পৰা ৰক্ষা পাবলৈ কৰে। ইয়াৰ বাহিৰেও অন্যান্য যিকোনো সৎ উদ্দেশ্যে কৰে।
উপমা বা উদাহৰণৰ জৰিয়তে বুজাই দিয়া, যাতে শ্ৰৱণকাৰীয়ে সহজে বুজিব পাৰে আৰু মনত ৰাখিব পাৰে।
ছহীহ মুছলিম (2/ 697) (1006).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 201).
شرح رياض الصالحين.
لابن عثيمين (2/ 161).
كنوز رياض الصالحين.
لمجموعة من الباحثين (3/ 31).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 150).
গ্ৰন্থসমূহত উল্লেখিত
10 গ্ৰন্থসমূহঅধিক (10)
- الإسلام أصوله ومبادئه(وفي بضع أحدكم صدقة. قالوا: يا رسول الله! أيأتي أحدنا شهوته ويكون له فيها أجر؟ قال: أرأيتم لو وضعها في حرام أكان عليه وزر؟ فكذلك إذا وضعها في الحلال كان له أجر)[245].
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«وَفِي بُضْعِ أَحَدِكُمْ صَدَقَةٌ»، قَالُوا: يَا رَسُولَ اللَّهِ! أَيَأْتِي أَحَدُنَا شَهْوَتَهُ وَيَكُونُ لَهُ فِيهَا أَجْرٌ؟ قَالَ: «أَرَأَيْتُمْ لَوْ وَضَعَهَا فِي حَرَامٍ أَكَانَ عَلَيْهَا فِيهَا وِزْرٌ؟ فَكَذَالِكَ إِذَا وَضَعَهَا فِي
- الصيام ومجموعة أسئلة في أحكامه«وَفِي بُضْعِ أَحَدِكُمْ صَدَقَةً»، قَالُوا: يَا رَسُولَ اللهِ، أَيَأْتِي أَحَدُنَا شَهْوَتَهُ وَيَكُونُ لَهُ فِيهَا أَجْرٌ؟ قَالَ: «أَرَأَيْتُمْ لَوْ وَضَعَهَا فِي الحَرَامِ، أَكَانَ عَلَيْهِ فِيهَا وِزْرٌ؟ وَكَذَلِكَ إِذَا وَضَعَهَا فِي ا
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «أَرَأَيْتُمْ لَوْ وَضَعَهَا في حَرَامٍ أَكَانَ عَلَيْهِ فيها وِزْرٌ؟ فكذلكَ إذا وضَعَهَا في الحَلاَلِ كانَ لَهُ أَجْرٌ».
- مجموعة زاد الحديث(2)1«أَوَلَيْسَ قَدْ جَعَلَ الله لَكُمْ مَا تَصَّدَّقُونَ؟ إِنَّ بِكُلِّ تَسْبِيحَةٍ صَدَقَةً، وَكُلِّ تَكْبِيرَةٍ صَدَقَةً، وَكُلِّ تَحْمِيدَةٍ صَدَقَةً، وَكُلِّ تَهْلِيلَةٍ صَدَقَةً، وَأَمْرٌ بِالْمَعْرُوفِ صَدَقَةٌ، وَنَهْيٌ عَنْ مُنْكَرٍ صَ
- مجموعة زاد الحديث(2)1«أوَليس قد جعل الله لكم ما تَصَّدَّقُون؟!»
- مجموعة زاد الحديث(2)1«وفي بِضع أحدِكم صدقة»
- مجموعة زاد الحديث(2)1«أَرَأَيْتُمْ لَوْ وَضَعَهَا فِي حَرَامٍ أَكَانَ عَلَيْهِ فِيهَا وِزْرٌ؟ فَكَذَلِكَ إِذَا وَضَعَهَا فِي الْحَلَالِ كَانَ لَهُ أَجْرٌ»،
- مجموعة زاد الحديث(2)1«وَفِي بُضْعِ أَحَدِكُمْ صَدَقَةٌ».
- موسوعة الأسئلة (المجموعة الأولى)أَنَّ نَاسًا مِنْ أَصْحَابِ النَّبِيِّ ﷺ قَالُوا لِلنَّبِيِّ ﷺ: يَا رَسُولَ اللهِ، ذَهَبَ أَهْلُ الدُّثُورِ بِالْأُجُورِ، يُصَلُّونَ كَمَا نُصَلِّي، وَيَصُومُونَ كَمَا نَصُومُ، وَيَتَصَدَّقُونَ بِفُضُولِ أَمْوَالِهِمْ. قَالَ: «أَوَلَيْسَ قَ