তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া, আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ।
উছমান বিন আবুল আ-চ আচ্ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৱে এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অভিযোগ কৰিলে যে, তেওঁ যেতিয়াৰ পৰা ইছলাম গ্ৰহণ কৰিছে, শৰীৰত বিষ অনুভৱ কৰি আছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ
"তোমাৰ শৰীৰৰ যি ঠাইত বিষ অনুভৱ কৰা, সেই ঠাইত তোমাৰ হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, আৰু সাতবাৰ এই দুআ পঢ়া, আউজু বিল্লাহি অক্বুদৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ওৱা উহাজিৰ।"
«ضَعْ يَدَكَ عَلَى الَّذِي تَأَلَّمَ مِنْ جَسَدِكَ، وَقُلْ بِاسْمِ اللهِ ثَلَاثًا، وَقُلْ سَبْعَ مَرَّاتٍ أَعُوذُ بِاللهِ وَقُدْرَتِهِ مِنْ شَرِّ مَا أَجِدُ وَأُحَاذِرُ».
উছমান বিন আবুল আ-চ ৰাদ্বিয়াল্লাহু আনহুৱে শৰীৰত অত্যন্ত বিষ অনুভৱ কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেখেতে তেওঁক এটা দুআ শিকাই দিলে, যাৰ ফলত তেওঁৰ এই বেমাৰ নিৰাময় হ'ল। সেয়া আছিল এই যে, তেখেতে তেওঁক কৈছিলঃ বিষ অনুভৱ কৰা ঠাইত হাত ৰখা আৰু তিনিবাৰ বিছমিল্লাহ কোৱা, তাৰ পিছত সাতবাৰ এই দুআ পাঠ কৰা। অৰ্থঃ মই সৰ্বশক্তিমান আল্লাহৰ ইজ্জত আৰু ক্ষমতাৰ আশ্ৰয় বিচাৰোঁ, সেই বস্তুৰ অনিষ্টৰ পৰা যিটো মই অনুভৱ কৰি আছোঁ আৰু যিটোৰ আশংকা কৰি আছোঁ। অৰ্থাৎ ভৱিষ্যতৰ ভয়-ভীতি আৰু দুশ্চিন্তাৰ পৰা আশ্ৰয় বিচাৰোঁ, আৰু এই বেমাৰ যাতে গোটেই শৰীৰত বিয়পি নপৰে তাৰ পৰা আশ্ৰয় বিচাৰোঁ।
নিজেই নিজকে ৰুকিয়া কৰিব পাৰে, যিদৰে হাদীছটোত বৰ্ণিত হৈছে।
অভিযোগ যদি কোনো ধৰণৰ বিৰক্তি আৰু অনীহা প্ৰকাশ নকৰাকৈ কৰা হয়, তেন্তে সেইটো তাৱাক্কুল আৰু ধৈৰ্য্যৰ পৰিপন্থী নহয়।
দুআও হৈছে অন্যতম এটা উপায়। সেয়ে দুআৰ শব্দ আৰু সংখ্যাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।
শৰীৰৰ যিকোনো অংগৰ বিষৰ ক্ষেত্ৰত এই দুআটো প্ৰযোজ্য।
এই দুআ পঢ়ি ৰুকিয়া কৰাৰ সময়ত বিষ অনুভৱ কৰা ঠাইত হাত ৰাখিব লাগে।
ছহীহ মুছলিম (4/ 1728) (2202).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 163).
شرح رياض الصالحين.
لابن عثيمين (4/ 481).
فيض القدير شرح الجامع الصغير.
لعبدالرؤوف المناوي (1/ 284).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 689).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আউজু বিল্লা-হি অকুদ্ৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ৱা উহা-জিৰ।” [২৮৯] অৰ্থঃ মই আল্লাহৰ আৰু তেওঁৰ ক্ষমতাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, মই যি অনুভৱ কৰিছোঁ আৰু যিটোৰ পৰা ভয় কৰিছোঁ তাৰ অনিষ্টৰ পৰা।
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আউজু বিল্লা-হি অকুদ্ৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ৱা উহা-জিৰ।”
অধিক (4)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«ضَعْ يَدَكَ عَلَىٰ الذي تَألَّمَ مِنْ جَسَدِكَ، وقلْ: بسم الله ثلاثاً، وقُلْ سَبْعَ مرَّاتٍ: أعُوذُ بعزَّة الله وقُدْرتهِ مِنْ شَر ما أجدُ وأحاذِرُ».
- فتاوى المرضىفتاوى المرضى «ضع يدك على الذي تألم من جسدك، وقل: بسم الله، ثلاثًا، وقل سبع مرات: أعوذ بالله وقدرته من شر ما أجد وأُحاذِر»
- مجموعة زاد العقيدة (2)1ضعْ يدَكَ على الذي تألَمُ من جَسَدِك، وقلْ: بسم ﷲ ثلاثًا، وقل سبعَ مراتٍ: «أعوذُ بعزَّةِ ﷲ وقدرتهِ من شرِّ ما أجِدُ وأُحاذرُ»
- مشروع المنهج التعليميمادة التوحيد مستوى 4 «أَعُوذُ بِعِزَّةِ اللهِ وَقُدْرَتِهِ مِنْ شَرِّ مَا أَجِدُ وَأُحَاذِرُ»