ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।
আবূ বাৰঝাহ আল-আছলামী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।"
«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ القِيَامَةِ حَتَّى يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَ فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَ أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَ أَبْلَاهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা হিচাপ নিকাচৰ ঠাইৰ পৰা জান্নাত অথবা জাহান্নামৰ পিনে কোনেও আগবাঢ়িব নোৱাৰিব, যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'বঃ প্ৰথমঃ তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এই আয়ুস ক'ত পাৰ কৰিছে, কি কামত ব্যৱহাৰ কৰিছে? দ্বিতীয়ঃ তাৰ ইল্ম বা জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব যে, সি আল্লাহৰ উদ্দেশ্যে ইল্ম অৰ্জন কৰিছিলনে? আৰু সেই ইল্ম মুতাবিক আমল কৰিছিলনে? লগতে মানুহক সেই জ্ঞান পৌঁচাই দিছিলনে? তৃতীয়ঃ তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, কেনেকৈ উপাৰ্জন কৰিছিল, হালাল পথেৰে নে হাৰাম পথেৰে? আৰু ক'ত ব্যয় কৰিছিল? আল্লাহৰ সন্তুষ্টিমূলক শিতানত নে ক্ৰোধান্বিত কৰিব পৰা শিতানত? চতুৰ্থঃ তাৰ শৰীৰ, শক্তি, সুস্থতা আৰু যৌৱন সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেয়া কি কামত ব্যৱহাৰ কৰিছিল?
...:
জীৱনটোক সদ্ব্যৱহাৰ কৰিবলৈ তথা আল্লাহৰ সন্তুষ্টিমূলক কামত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
বান্দাসকলৰ ওপৰত আল্লাহৰ অসংখ্য নিয়ামত আছে, আৰু সেইবোৰ নিয়ামত সম্পৰ্কে তাক সোধ-পোচ কৰা হ'ব। গতিকে তাৰ উচিত সেইবোৰ নিয়ামত আল্লাহৰ সন্তুষ্টিমূলক কামত ব্যৱহাৰ কৰা।
ছুনান তিৰমিজী (4/ 217) (2417).
অধিক (5)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 371).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 478).
المعجم الوسيط (2/ 704).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الخطب المنبرية موسوعة الخطب المنبرية (القسم الثاني)«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ الْقِيَامَةِ حَتَّىٰ يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَا فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَا أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَا أَبْلَاهُ»
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ القِيَامَةِ حَتَّى يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَ فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَ أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَ أَبْلَاهُ» [104].
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ الْقِيَامَةِ حَتَّى يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَ فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَ أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَ أَبْلَاهُ» [88].
- قاموس الكبائر«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ القِيَامَةِ حَتَّى يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَ فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَ أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَ أَبْلَاهُ» [104].
- مشروع منهاج زادكزادك 3 طالب نهائي«لَا تَزُولُ قَدَمَا عَبْدٍ يَوْمَ الْقِيَامَةِ حَتَّى يُسْأَلَ عَنْ عُمُرِهِ فِيمَا أَفْنَاهُ، وَعَنْ عِلْمِهِ فِيمَ فَعَلَ، وَعَنْ مَالِهِ مِنْ أَيْنَ اكْتَسَبَهُ وَفِيمَ أَنْفَقَهُ، وَعَنْ جِسْمِهِ فِيمَ أَبْلاَهُ» (رواه الترمذي 2417). ت