তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"
أَنَّ رَسُولَ صَلَّى عَلَيْهِ وَسَلَّمَ أَخَذَ بِيَدِهِ، وَقَالَ: «يَا مُعَاذُ، وَاللَّهِ إِنِّي لَأُحِبُّكَ»، فَقَالَ: «أُوصِيكَ يَا مُعَاذُ لَا تَدَعَنَّ فِي دُبُرِ كُلِّ صَلَاةٍ تَقُولُ: اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ وَشُكْرِكَ وَحُسْنِ عِبَادَتِكَ».
হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ হাতত ধৰি তেওঁক কৈছিলঃ আল্লাহৰ শপত, মই তোমাক বহুত ভালপাওঁ। মই তোমাক এটা উপদেশ দিওঁ, তুমি এই দুআটো প্ৰত্যেক নামাজৰ পিছত পাঠ কৰিবা, কেতিয়াও নেৰিবাঃ (আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা) অৰ্থাৎ হে আল্লাহ! প্ৰত্যেক নেক কথা আৰু নেক কৰ্মৰ জৰিয়তে তোমাক স্মৰণ কৰিবলৈ মোক সহায় কৰা। (অশ্বুকৰিকা) অৰ্থাৎ তুমি প্ৰদান কৰা সকলো নিয়ামতৰ চুকৰিয়া আদায় কৰিবলৈ সহায় কৰা। (অহুছনি ইবাদাতিক) অৰ্থাৎ ইখলাচ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক সুন্দৰভাৱে ইবাদত কৰিবলৈ সহায় কৰা।
আল্লাহৰ ওৱাস্তে কাৰোবাক ভাল পালে সেইটো তাক জনাই দিয়া মুস্তাহাব।
ফৰজ হওক বা নফল, প্ৰত্যেক নামাজৰ পিছতে এই দুআ পাঠ কৰা মুস্তাহাব।
এই সৰু দুআটোৰ ভিতৰত দুনিয়া আৰু আখিৰাতত পাবলগীয়া বহুতো প্ৰয়োজনীয় উদ্দেশ্যক সামৰি লৈছে।
আল্লাহৰ ওৱাস্তে কৰা মুহাব্বতৰ অন্যতম এটা উপকাৰিতা হৈছে, ইজনে সিজনক সত্যৰ উপদেশ দিয়া, সৎ পৰামৰ্শ দিয়া, নেকী তথা তাক্বৱাৰ ক্ষেত্ৰত সহায় কৰা।
ত্বীবী ৰাহিমাহুল্লাহে কৈছেঃ জিকৰ-আজকাৰ হৈছে অন্তৰ প্ৰশস্ত হোৱাৰ অন্যতম উপায়। তেওঁৰ চুকৰিয়া আদায় কৰাটো হৈছে, নিয়ামত লাভ কৰাৰ অন্যতম উপায়। এইদৰে সুন্দৰ ইবাদত কৰাটো হৈছে, সেইবোৰ বস্তুৰ পৰা আঁতৰি থকাৰ উপায়, যিবোৰে মানুহক আল্লাহৰ পৰা অমনোযোগী কৰি ৰাখে।
ছুনান আবি দাঊদ (2/ 630) (1522).
ছুনান নাছায়ী (3/ 53) (1303).
মুছনাদ আহমদ (36/ 429) (22119).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 450).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص259).
شرح رياض الصالحين.
لابن عثيمين (3/ 264).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 284).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 353).
গ্ৰন্থসমূহত উল্লেখিত
9 গ্ৰন্থসমূহঅধিক (9)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"اللهم أعني على ذكرك وشكرك وحسن عبادتك".
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«يَا مُعَاذُ، وَاللَّهِ إِنِّي لَأُحِبُّكَ، وَاللَّهِ إِنِّي لَأُحِبُّكَ»، فَقَالَ: «أُوصِيكَ يَا مُعَاذُ لَا تَدَعَنَّ فِي دُبُرِ كُلِّ صَلَاةٍ» تَقُولُ: «اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ، وَشُكْرِكَ، وَحُسْنِ عِبَادَتِكَ»[71].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«يَا مُعَاذُ، وَاللَّهِ إِنِّي لَأُحِبُّكَ، وَاللَّهِ إِنِّي لَأُحِبُّكَ»، فَقَالَ: «أُوصِيكَ يَا مُعَاذُ لَا تَدَعَنَّ فِي دُبُرِ كُلِّ صَلَاةٍ» تَقُولُ: «اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ، وَشُكْرِكَ، وَحُسْنِ عِبَادَتِكَ»[71].
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ وَشُكْرِكَ وَحُسْنِ عِبَادَتِكَ!»
- رسالة في الأذكار1«يَا مُعَاذُ، وَاللهِ إِنِّي لَأُحِبُّكَ، وَاللهِ إِنِّي لَأُحِبُّكَ، أُوصِيكَ يَا مُعَاذُ، لَا تَدَعَنَّ فِي دُبُرِ كُلِّ صَلَاةٍ تَقُولُ: اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ وَشُكْرِكَ وَحُسْنِ عِبَادَتِكَ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«يَا مُعَاذُ، واللهِ إنِّي لأُحِبُّكَ، ثُمَّ أُوصِيكَ يَا مُعَاذُ: لاَ تَدَعَنَّ في دُبُرِ كُلِّ صَلاةٍ تَقُولُ: اللَّهم أَعِنِّي عَلىٰ ذِكْرِكَ وَشُكْرِكَ، وَحُسْنِ عِبَادَتِكَ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«يا معاذُ، واللهِ إنِّي لأحبُّكَ» فَقَالَ: «أوصيكَ يا معاذُ؛ لا تَدَعَنَّ في دُبُرِ كلِّ صَلاةٍ تقولُ: اللّهم أعنِّي عَلَىٰ ذكرِكَ وشكرِكَ، وحُسنِ عبادَتِكَ».
- محاضرات تعظيم قدر الصلاةمحاضرات في تعظيم قدر الصلاة"اللهم أعني على ذكرك وشكرك وحسن عبادتك "[135]
- مشروع منهاج زادكزادك 1 طالب«اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ وَشُكْرِكَ وَحُسْنِ عِبَادَتِكَ».