Skip to content

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।

আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।

«إِذَا دَخَلَ أَحَدُكُمُ الْمَسْجِدَ فَلْيَرْكَعْ رَكْعَتَيْنِ قَبْلَ أَنْ يَجْلِسَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

আপুনি মছজিদলৈ যি সময়তে আৰু যি উদ্দেশ্যেই নাহক কিয়, বহাৰ আগত দুই ৰাকাত নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। সেই দুই ৰাকাত নামাজকে তাহয়াতুল মাছজিদ বোলে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মছজিদত বহাৰ আগত দুই ৰাকাত তাহয়াতুল মাছজিদ পঢ়া মুস্তাহাব।

এইটো কেৱল সেই ব্যক্তিৰ বাবে যিয়ে মছজিদত বহিব বিচাৰে। আনহাতে যদি কোনোবাই মছজিদত প্ৰৱেশ কৰি নবহাকৈ ওলাই আহে তেন্তে ইয়াৰ প্ৰয়োজন নাই।

এইদৰে যেতিয়া কোনো মুচল্লীয়ে এনেকুৱা অৱস্থাত মছজিদত প্ৰৱেশ কৰে যেতিয়া জামাতত নামাজ হৈ আছে, তেতিয়াও এই দুই ৰাকাত পঢ়াৰ প্ৰয়োজন নাই।

সম্পাদক

ছহীহ বুখাৰী (1/ 96) (444).

ছহীহ মুছলিম (1/ 495) (714).

অধিক (4)

المفهم لما أشكل من تلخيص كتاب مسلم (2/ 352).

فتح الباري لابن رجب (3/ 274).

التوضيح (5/524).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (15/ 287).