ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।
মুগীৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।
كُنْتُ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ، فَأَهْوَيْتُ لِأَنْزِعَ خُفَّيْهِ، فَقَالَ: «دَعْهُمَا، فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ» فَمَسَحَ عَلَيْهِمَا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে অজু কৰাৰ সময়ত যেতিয়া ভৰি ধোৱাৰ পাল আহিল, তেতিয়া মুগীৰাহ বিন শ্বুবাই হাত আগবঢ়ালে তেখেতৰ মোজা খুলি দিবলৈ, যাতে তেখেতে ভৰি ধুব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ থৈ দিয়া নুখুলিবা, কাৰণ মই এই মোজা পিন্ধাৰ সময়ত অজু কৰি পিন্ধিছিলোঁ। ইয়াৰ পিছত তেখেতে ভৰি ধোৱাৰ পৰিবৰ্তে সেই মোজাৰ ওপৰতে মছেহ কৰিছিল।
...:
অজু কৰি মোজা পিন্ধিলে পুনৰ অজু কৰাৰ সময়ত সেই মোজাৰ ওপৰত মছেহ কৰিব পাৰি, এইটো চৰীয়ত সন্মত। কিন্তু যদি গোছল ওৱাজিব হয় তেন্তে মোজা খুলি ভৰি ধোৱাটো অনিবাৰ্য।
মছেহ কৰাৰ সময়ত ভৰি এবাৰ মছেহ কৰিলেই যথেষ্ট। হাতখন তিয়াই লৈ ভৰিৰ পৃষ্ঠভাগত মছেহ কৰিব লাগে, তলভাগত নহয়।
মছেহ কৰাৰ চৰ্ত হৈছে পিন্ধি থকা মোজাযোৰ পৰিপূৰ্ণ অজু কৰাৰ পিছত পিন্ধা হ'ব লাগিব। লগতে মোজাযোৰ পৱিত্ৰ হ'ব লাগিব আৰু ভৰিৰ যিখিনি অংশ ধোৱা ফৰজ সেইখিনি অংশক ঢাকি ৰাখিব পৰা হ'ব লাগিব। এই মছেহ কেৱল হাদাছে আচগাৰ হ'লেহে কৰিব পাৰি, গোছল ওৱাজিব হ'লে মছেহ নচলিব। এইদৰে চৰীয়তে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতেই হ'ব লাগিব আৰু সেই সময়সীমা হৈছে, মুক্বীমৰ বাবে এদিন এৰাতি, আৰু মুছাফিৰৰ বাবে তিনিদিন তিনিৰাতি।
মূল হৈছে চামৰাৰ মোজা, ইয়াৰ ওপৰতেই কিয়াছ কৰি প্ৰতিটো সেই মোজা ইয়াৰ অন্তৰ্ভুক্ত যিটোৱে ভৰিৰ পতাক সৰুগাঁঠিলৈকে ঢাকি ৰাখে। যেনে কাপোৰৰ মোজা আদি, সেইবোৰৰ ওপৰতো মছেহ কৰা জায়েজ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰ আৰু তেখেতৰ সুন্দৰ শিক্ষা পদ্ধতিৰ উৎকৃষ্ট প্ৰমাণ যে, তেখেতে মুগীৰাক মোজা খুলি দিবলৈ নিষেধ কৰিলে, লগতে ইয়াৰ কাৰণো উল্লেখ কৰিলে যে, তেখেতে পৱিত্ৰ অৱস্থাত এই মোজাযোৰ পিন্ধিছে। যাতে মুগীৰা আশ্বস্ত হয় আৰু ইয়াৰ বিধানটোও গম পায়।
ছহীহ বুখাৰী (1/ 52) (206).
ছহীহ মুছলিম (1/ 230) (274).
অধিক (6)
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص50).
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 36).
خلاصة الكلام شرح عمدة الأحكام.
لفيصل آل مبارك (ص27).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- ما لا يسع أطفال المسلمين جهله«دَعْهُمَا فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ» فَمَسَحَ عَلَيْهِمَا[30].
- مشروع المنهج التعليميمادة الفقه مستوى 1«دَعْهُمَا، فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ» فَمَسَحَ عَلَيْهِمَا.
- نبراس طالب (2)نبراس طالب (2) فعن المغيرة بن شُعبة رضي الله عنه قال: كُنْتُ مَعَ النَّبِيِّ صلى الله عليه وسلم فِي سَفَرٍ، فَأَهْوَيْتُ لِأَنْزِعَ خُفَّيْهِ، فَقَالَ: «دَعْهُمَا، فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ». فَمَسَحَ عَلَيْهِمَا.