Skip to content

যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।

«من اقتبَسَ علْمًا مِنَ النُّجُومِ اقْتبَسَ شُعبَة مِن السِّحرِ، زادَ ما زادَ».

(আবু দাঊদ,ইবনে মাজাহ, আহমদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে ঘোষণা কৰিছে যে, যিয়ে জ্যোতিষি বিদ্যা শিকে বা ৰাশিফল গণনা কৰা শিকে অথবা গ্ৰহ-নক্ষত্ৰৰ গতিবিধি গণনা কৰি মৃত্যু বা জীৱন অথবা বেমাৰৰ আগজাননী দিয়া শিকে, সি দৰাচলতে যাদু বিদ্যাৰ এটা অংশ শিকে, এই শিক্ষাত সি যিমানেই গভীৰতা অৰ্জন কৰিব, তাৰ যাদু বিদ্যা সিমানেই বৃদ্ধি পাব।

শব্দাৰ্থ

من اقتبسَ: من تعلّم.

شعبة: طائفة وقطعة.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গ্ৰহ-নক্ষত্ৰৰ গতিবিধি গণনা কৰি ভৱিষ্যদ্বাণী কৰা হাৰাম। কাৰণ এইটো হৈছে গায়েবৰ ইল্ম থকা বুলি দাবী কৰাৰ অন্তৰ্ভুক্ত।

জ্যোতিষি বিদ্যা হাৰাম আৰু এইটো যাদুৰেই এটা প্ৰকাৰ, যিটো তাওহীদৰ পৰিপন্থী। আনহাতে দিশ নিৰ্ধাৰণ কৰিবলৈ বা কিবলাৰ দিশ সুনিৰ্দিষ্ট কৰিবলৈ অথবা মাহ আদি নিৰ্ধাৰণ কৰিবলৈ গ্ৰহ নক্ষত্ৰৰ ফালে চোৱাত কোনো অসুবিধা নাই, এইটো বৈধ।

জ্যোতিষি বিদ্যাত যিমানেই গভীৰতা অৰ্জন কৰিব, সি সিমানেই যাদু বিদ্যাত পাৰ্গত হ'ব।

পৱিত্ৰ কোৰআনত আল্লাহে মানুহৰ বাবে তাৰকাৰাজিৰ তিনিটা উপকাৰিতা বৰ্ণনা কৰিছে। ১) এইবোৰ হৈছে আকাশৰ সৌন্দৰ্য ২) পথ নিৰ্ধাৰণ কৰাৰ উপায় ৩) চয়তানক নিক্ষেপ কৰাৰ আহিলা।

সম্পাদক

ছুনান আবি দাঊদ (6/ 50) (3905).

ছুনান ইবনে মাজাহ (4/ 670) (3726).

মুছনাদ আহমদ (3/ 454) (2000).

অধিক (4)

الجديد في شرح كتاب التوحيد.

للقرعاوي (ص230).

الملخص في شرح كتاب التوحيد.

للفوزان (ص206).