সৎকৰ্ম যিমান পাৰা সোনকালে কৰা, কাৰণ ফিতনা অন্ধকাৰ ৰাতিৰ টুকুৰাৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহি আছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সৎকৰ্ম যিমান পাৰা সোনকালে কৰা, কাৰণ ফিতনা অন্ধকাৰ ৰাতিৰ টুকুৰাৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহি আছে। পুৱাৰ ভাগত যদি কোনোবাই ঈমান পোষণ কৰে, সন্ধিয়া নহওঁতেই সি কাফিৰত পৰিণত হ'ব। অথবা যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই সি কাফিৰ হৈ যাব। পৃথিৱীৰ তুচ্ছ সামগ্ৰীৰ কাৰণে সি নিজৰ ঈমান বিক্ৰী কৰিব।"
«بَادِرُوا بِالْأَعْمَالِ فِتَنًا كَقِطَعِ اللَّيْلِ الْمُظْلِمِ، يُصْبِحُ الرَّجُلُ مُؤْمِنًا وَيُمْسِي كَافِرًا، أَوْ يُمْسِي مُؤْمِنًا وَيُصْبِحُ كَافِرًا، يَبِيعُ دِينَهُ بِعَرَضٍ مِنَ الدُّنْيَا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিন ব্যক্তিক বেছি বেছি নেক আমল সোনকালে কৰিবলৈ উৎসাহিত কৰিছে, সেই ফিতনা অহাৰ আগতেই যি ফিতনাই মানুহক সন্দেহ সংশয়ত লিপ্ত ৰাখিব, তথা সৎকৰ্মৰ পৰা বাধা দিব। সেই ফিতনা অন্ধকাৰ ৰাতিৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহিব। সেই সময়ত সত্য মিছাৰ সৈতে মিশ্ৰিত হ'ব, ফলত মানুহৰ বাবে পাৰ্থক্য কৰাটো কঠিন হৈ পৰিব। পৰিস্থিতি ইমান কঠিন হ'ব যে, যদি কোনোবাই পুৱাৰ ভাগত ঈমান পোষণ কৰে তেন্তে সন্ধিয়া নহওঁতেই সি আকৌ কাফিৰ হৈ যাব। এইদৰে যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই পুনৰ কাফিৰ অৱস্থালৈ ঘূৰি যাব। সি পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সম্পদৰ কাৰণে নিজৰ ঈমান ত্যাগ কৰিব।
দ্বীনক মজবুতভাৱে ধাৰণ কৰা অনিবাৰ্য। লগতে কোনো বাধা বিঘিনি সৃষ্টি হোৱাৰ আগতে নেক আমল সোনকালে কৰাটো অনিবাৰ্য।
হাদীছটোৰ দ্বাৰা ইংগিত কৰা হৈছে যে, শেষ জামানাত বিভ্ৰান্তিকৰ ফিতনা ধাৰাবাহিকভাৱে আহি থাকিব, যেতিয়াই এটা ফিতনাৰ অৱসান ঘটিব, তেতিয়াই আনটো ফিতনাই মূৰ দাঙিব।
ধৰ্মীয় ক্ষেত্ৰত মানুহ যেতিয়া দুৰ্বল হৈ পৰিব, তেতিয়া মানুহে পাৰ্থিৱ সম্পদ বা এনেকুৱা অন্য বস্তুৰ লোভত নিজৰ দ্বীন ত্যাগ কৰিব, এইটোৱে হ'ব তাৰ বিভ্ৰান্ত হোৱাৰ কাৰণ।
এই হাদীছটোৱে প্ৰমাণ কৰে যে, ফিতনাৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায় হৈছে নেক আমল কৰা।
ফিতনা হৈছে দুই প্ৰকাৰঃ এটা হৈছে সংশয়মূলক ফিতনা, ইয়াৰ প্ৰতিকাৰ হৈছে ইল্ম বা জ্ঞান। আনটো ফিতনা হৈছে প্ৰবৃত্তিৰ চাহিদামূলক ফিতনা, ইয়াৰ প্ৰতিকাৰ হৈছে ঈমান আৰু ধৈৰ্য্য।
হাদীছটোৱে ইংগিত কৰিছে যে, যিয়ে আমলত অৱহেলা কৰে, সি সোনকালে ফিতনাত পতিত হ'ব, আনহাতে যিয়ে বেছি বেছি নেক আমল কৰে, তাক প্ৰতাৰিত কৰা সহজ নহয়, বৰং তেওঁ আৰু বেছিহে নেক আমল কৰিব।
ছহীহ মুছলিম (1/ 110) (118).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 169).
شرح رياض الصالحين.
لابن عثيمين (2/ 16).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 122).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الأول)«إِنَّهَا فِتَنٌ كَقِطَعِ اللَّيْلِ الْمُظْلِمِ، يُصْبِحُ الرَّجُلُ مُؤْمِنًا وَيُمْسِي كَافِرًا، وَيُمْسِي مُؤْمِنًا وَيُصْبِحُ كَافِرًا، يَبِيعُ دِينَهُ بِعَرَضٍ مِنَ الدُّنْيَا»
- مادة العقيدة الإسلامية(بادروا بالأعمال فتنًا كقطع الليل المظلم؛ يصبح الرجل مؤمنًا ويمسي كافرًا، أو يمسي مؤمنًا ويصبح كافرًا، يبيع دينه بعرض من الدُّنيا )[119]
- مجموعة زاد التربية الإسلامية (4)التربية الإسلامية 4«بادِرُوا بِالأَعْمالِ فِتَنًا كَقِطَعِ اللَّيْلِ المُظْلِمِ، يُصْبِحُ الرَّجُلُ مُؤْمنًا وَيُمْسِي كافِرًا، أَوْ يُمْسِي مُؤْمنًا وَيُصْبِحُ كافِرًا، يَبِيعُ دِينَهُ بِعَرَضٍ منَ الدُّنْيا».