যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে আৰু তেখেতৰ লগত আৰু এজন ব্যক্তিয়ে প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে নামাজ পঢ়ি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে ছালামৰ উত্তৰ দি ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" সেই ব্যক্তিজন উভতি গৈ পুনৰ আগৰ দৰে নামাজ পঢ়িলে। ইয়াৰ পিছত আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে আকৌ ক'লেঃ "যোৱা নামাজ পঢ়াগৈ, তোমাৰ নামাজ হোৱা নাই।" এনেকৈ তিনিবাৰ পুনৰাবৃত্তি হোৱাৰ পিছত, ব্যক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই ইয়াতকৈ আৰু অধিক সুন্দৰভাৱে পঢ়িব নোৱাৰোঁ। এতেকে আপুনিয়ে মোক শিকাই দিয়ক। তেতিয়া তেখেতে ক'লেঃ "যেতিয়া তুমি নামাজত থিয় হ'বা তেতিয়া তাকবীৰ দিবা। ইয়াৰ পিছত নিজৰ সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ৰূকু কৰিবা আৰু ধীৰস্থিৰভাৱে ৰূকু কৰিবা। ইয়াৰ পিছত ৰূকুৰ পৰা মূৰ তুলি পৰিপূৰ্ণৰূপে পোনহৈ থিয় দিবা। তাৰ পিছত ছাজদাহ কৰিবা আৰু শান্ত হৈ ধীৰ স্থিৰভাৱে ছাজদাহ কৰিবা। তাৰ পিছত ছাজদাৰ পৰা মূৰ তুলি শান্তহৈ বহিবা। এইদৰে তুমি সম্পূৰ্ণ নামাজতে কৰিবা।"
أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ دَخَلَ المَسْجِدَ فَدَخَلَ رَجُلٌ، فَصَلَّى، فَسَلَّمَ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَرَدَّ وَقَالَ: «ارْجِعْ فَصَلِّ، فَإِنَّكَ لَمْ تُصَلِّ»، فَرَجَعَ يُصَلِّي كَمَا صَلَّى، ثُمَّ جَاءَ، فَسَلَّمَ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «ارْجِعْ فَصَلِّ، فَإِنَّكَ لَمْ تُصَلِّ» ثَلاَثًا، فَقَالَ: وَالَّذِي بَعَثَكَ بِالحَقِّ مَا أُحْسِنُ غَيْرَهُ، فَعَلِّمْنِي، فَقَالَ: «إِذَا قُمْتَ إِلَى الصَّلاَةِ فَكَبِّرْ، ثُمَّ اقْرَأْ مَا تَيَسَّرَ مَعَكَ مِنَ القُرْآنِ، ثُمَّ ارْكَعْ حَتَّى تَطْمَئِنَّ رَاكِعًا، ثُمَّ ارْفَعْ حَتَّى تَعْدِلَ قَائِمًا، ثُمَّ اسْجُدْ حَتَّى تَطْمَئِنَّ سَاجِدًا، ثُمَّ ارْفَعْ حَتَّى تَطْمَئِنَّ جَالِسًا، وَافْعَلْ ذَلِكَ فِي صَلاَتِكَ كُلِّهَا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে। তেখেতৰ পিছতে আৰু এজন লোক প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে লৰালৰিকৈ দুই ৰাকাত নামাজ পঢ়িলে। কিন্তু সেই ব্যক্তিজনে ৰূকু ছাজদা আৰু কিয়াম ধীৰস্থিৰে কৰা নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যক্তিজনৰ নামাজ প্ৰত্যক্ষ কৰি আছিল। ব্যক্তিজনে নামাজ শেষ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেখেত মছজিদতে বহি আছিল, আহি তেখেতক ছালাম কৰিলে আৰু তেখেতে ছালামৰ উত্তৰ দিলে, লগতে তাক ক'লেঃ তুমি উভতি যোৱা, পুনৰ নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। সি উভতি গৈ পুনৰ খৰখেদাকৈ নামাজ পঢ়িলে যিদৰে পূৰ্বে পঢ়িছিল। ইয়াৰ পিছত আকৌ ঘূৰি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে তাক আকৌ ক'লেঃ তুমি উভতি যোৱা, নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। এনেকৈ তিনিবাৰ হোৱাৰ পিছত, ব্য়ক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, ইয়াতকৈ সুন্দৰভাৱে নামাজ পঢ়াটো মোৰ পক্ষে সম্ভৱ নহয়। গতিকে আপুনি মোক শিকাই দিয়ক। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লেঃ যেতিয়া তুমি নামাজত থিয় হ'বা, তেতিয়া তাকবীৰে তাহৰীমা দি আল্লাহু আকবাৰ বুলি ক'বা। ইয়াৰ পিছত ছুৰা ফাতিহাৰ পিছত সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ধীৰস্থিৰে ৰূকু কৰিবা, ৰূকুত পিঠি সমতল ৰাখিবা, হাতেৰে ভালকৈ আঁঠু খামুচি ধৰিবা। তাৰ পিছত ৰূকুৰ পৰা উঠি পোন হৈ থিয়া হ'বা, যাতে প্ৰতিটো হাড়ে নিজ নিজ স্থান গ্ৰহণ কৰে, আৰু তুমি শান্ত হৈ পোনহৈ থিয় হ'বা। ইয়াৰ পিছত ছাজদাহ কৰিবা ধীৰস্থিৰভাৱে। ছাজদাত যাতে তোমাৰ কপাল আৰু নাক ছাজদাৰ ঠাই স্পৰ্শ কৰে, এইদৰে তোমাৰ দুয়ো হাত, দুয়ো আঁঠু আৰু দুয়ো ভৰিৰ আঙুলিবোৰ মাটিত স্পৰ্শ কৰে। ইয়াৰ পিছত মূৰ তুলি দুই ছাজদাৰ মাজত শান্ত হৈ বহিবা। এইদৰে তুমি নামাজৰ প্ৰতিটো ৰাকাততে কৰিবা।
এইবোৰ হৈছে নামাজৰ আৰকান। ভুলতে হওক বা নাজানি কোনো পধ্যেই এইবোৰ এৰিব নালাগে। কাৰণ তেখেতে সেই ব্যক্তিজনক পুনৰ নামাজ পঢ়িবলৈ কৈছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল শিকি লোৱাকে যথেষ্ট বুলি গণ্য কৰা নাছিল, বৰং পুনৰ পঢ়িবলৈ কৈছিল।
নামাজৰ প্ৰতিটো ৰুকনতে ধীৰস্থিৰতা অনিবাৰ্য্য।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা বুজা যায় যে, নামাজৰ ওৱাজিবাতত ত্ৰুটি হ'লে নামাজ শুদ্ধ নহয়।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও বুজা যায় যে, শিক্ষাৰ্থী আৰু অজ্ঞ লোকৰ সৈতে নম্ৰ ব্যৱহাৰ কৰিব লাগে আৰু তাক স্পষ্টৰূপে বিষয়টো বুজাই দিব লাগে। মুখ্য উদ্দেশ্যৰ সাৰমৰ্ম বুজাই দিব লাগে। তাৰ পৰিস্থিতি অনুসৰি কেৱল গুৰুত্বপূৰ্ণ বিষয়বোৰ জনাব লাগে। আঁতি-গুৰি মাৰি কোৱাৰ প্ৰয়োজন নাই, যিবোৰ সি মনত ৰাখিবও নোৱাৰিব আৰু পালন কৰিবও নোৱাৰিব।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত এই কথাও স্পষ্ট হয় যে, যদি মুফতীক এনেকুৱা কোনো বিষয়ে প্ৰশ্ন কৰা হয়, যিটোতকৈ অধিক গুৰুত্বপূৰ্ণ বেলেগ আৰু এটা বিষয় পৰিলক্ষিত হয়, যিটোৰ বিষয়ে প্ৰশ্ন কৰা হোৱা নাই, তেন্তে মুফতীয়ে সেই বিষয়টোও উল্লেখ কৰা উচিত। এইটো হৈছে সৎপৰামৰ্শৰ অন্তৰ্ভুক্ত, কোনো অপ্ৰয়োজনীয় কথা নহয়।
দোষ স্বীকাৰ কৰাৰ গুৰুত্ব। সেই ব্যক্তিজনে কৈছিলঃ "মই ইয়াতকৈ অধিক উত্তমৰূপে পঢ়িব নোৱাৰোঁ, গতিকে আপুনি মোক শিকাই দিয়ক।"
ইবনু হাজাৰে কৈছেঃ ইয়াত সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা হৈছে, লগতে শিক্ষাৰ্থীয়ে শিক্ষকক শিকাই দিবলৈ অনুৰোধ কৰাৰ কথা উল্লেখ হৈছে।
সাক্ষাৎ হ'লে ছালাম কৰিব লাগে। ছালামৰ উত্তৰ প্ৰদান কৰা অনিবাৰ্য্য। আনকি বাৰে বাৰে লগ পালেও বাৰে বাৰে ছালাম কৰিব লাগে, যদিও ক্ষন্তেক সময়ৰ ভিতৰতে হওক। লগতে প্ৰত্যেক বাৰেই ছালামৰ উত্তৰ দিয়া ওৱাজিব।
ছহীহ বুখাৰী (1/ 152) (757).
ছহীহ মুছলিম (1/ 298) (397).
অধিক (8)
تيسير العلام.
للبسام (ص167).
تنبيه الأفهام.
للعثيمين (2/ 213).
الإفهام في شرح عمدة الأحكام.
عبد العزيز بن باز (ص203).
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 138).
গ্ৰন্থসমূহত উল্লেখিত
14 গ্ৰন্থসমূহঅধিক (14)
- الأربعون في تعظيم قدر الصلاةالأربعون في تعظيم قدر الصلاة «ارْجِـــــــعْ فَصَلِّ، فَإِنَّكَ لَمْ تُصَلِّ»، فَرَجَــــــــعَ يُصَلِّي كَـــــــــمَا صَلَّى، ثُمَّ جَــــــاءَ، فَسَلَّمَ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَـــــالَ: «ارْجِـــــــــــــــعْ فَصَــــــــلِّ، فَإِنَّ
- المناهج التعليمية - الصف الرابعالمناهج التعليمية - الصف الرابع - الفقه«إِذَا قُمْتَ إِلَى الصَّلَاةِ فَكَبِّرْ» [24].
- المناهج التعليمية - الصف الرابعالمناهج التعليمية - الصف الرابع - الفقه«ارْجِعْ فَصَلِّ فَإِنَّكَ لَمْ تُصَلِّ، فَرَجَعَ فَصَلَّى كَمَا صَلَّى، ثُمَّ جَاءَ فَسَلَّمَ عَلَى النَّبِيِّ ﷺ فَقَالَ: ارْجِعْ فَصَلِّ فَإِنَّكَ لَمْ تُصَلِّ.. ثَلاثًا، فَقَالَ: وَالَّذِي بَعَثَكَ بِالْحَقِّ مَا أُحْسِنُ غَيْرَهُ فَعَلّ
- النفحات المكية في تفسير كتاب رب البرية الجزء الأول«ثُمَّ اقْرَأْ مَا تَيَسَّرَ مَعَكَ مِنَ الْقُرْآنِ» [2].
- تطبيق القرآن والأذكارأذكار الصلاةالصَّلاةُ عَلَى النَّبيِّ –صلى الله عليه وسلم- بَعْدَ التَّشَهُّدِ
- خطب تعظيم قدر الصلاةأن رسول الله صلى الله عليه وسلم دخل المسجد فدخل رجل، فصلى، فسلم على النبي صلى الله عليه وسلم، فرد وقال: "ارْجِعْ فَصَلِّ، فَإِنَّكَ لَمْ تُصَلِّ"، فرجع يصلي كما صلى، ثم جاء، فسلم على النبي صلى الله عليه وسلم، فقال: "ارْجِعْ فَصَلِّ، فَإِنَّ
- ما لا يسع أطفال المسلمين جهله«إِذَا قُمْتَ إِلَى الصَّلَاةِ فَكَبِّرْ»[38].
- ما لا يسع أطفال المسلمين جهله«ثُمَّ ارْكَعْ حَتَّى تَطْمَئِنَّ رَاكِعًا، ثُمَّ ارْفَعْ حَتَّى تَعْتَدِلَ قَائِمًا»[40].
- ما لا يسع أطفال المسلمين جهله«ثُمَّ اسْجُدْ حَتَّى تَطْمَئِنَّ سَاجِدًا، ثُمَّ ارْفَعْ حَتَّى تَطْمَئِنَّ جَالِسًا»[41].
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)مجموعة زاد الفقه (1)«إذا قمت إلى الصلاة فكبر»
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)مجموعة زاد الفقه (1)«ثم اركع حتى تطمئن راكعا»
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)مجموعة زاد الفقه (1)«ثم اسجد حتى تطمئن ساجدا»
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)مجموعة زاد الفقه (1)«ثم ارفع حتى تطمئن جالسا»
- مشروع منهاج زادكزادك 1 طالب«إِذَا قُمْتَ إِلَى الصَّلَاةِ فَكَبِّرْ، ثُمَّ اقْرَأْ مَا تَيَسَّرَ مَعَكَ مِنَ الْقُرْآنِ، ثُمَّ ارْكَعْ حَتَّى تَطْمَئِنَّ رَاكِعًا، ثُمَّ ارْفَعْ حَتَّى تَعْدِلَ قَائِمًا، ثُمَّ اسْجُدْ حَتَّى تَطْمَئِنَّ سَاجِدًا، ثُمَّ ارْفَعْ حَتَّى