Skip to content

নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"

«إِنَّ اللهَ يَرْضَى لَكُمْ ثَلَاثًا، وَيَكْرَهُ لَكُمْ ثَلَاثًا، فَيَرْضَى لَكُمْ: أَنْ تَعْبُدُوهُ، وَلَا تُشْرِكُوا بِهِ شَيْئًا، وَأَنْ تَعْتَصِمُوا بِحَبْلِ اللهِ جَمِيعًا وَلَا تَفَرَّقُوا، وَيَكْرَهُ لَكُمْ: قِيلَ وَقَالَ، وَكَثْرَةَ السُّؤَالِ، وَإِضَاعَةِ الْمَالِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে বান্দাসকলৰ তিনিটা বৈশিষ্ট্য পছন্দ কৰে আৰু তিনিটা বৈশিষ্ট্যক অপছন্দ কৰে। তেওঁ পছন্দ কৰা বৈশিষ্ট্য তিনিটা হৈছেঃ আল্লাহক একক বুলি স্বীকাৰ কৰি একমাত্ৰ তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। মহান আল্লাহৰ অঙ্গীকাৰ মজবুতভাৱে পূৰণ কৰা, তথা সকলোৱে কোৰআন আৰু নবীৰ ছুন্নত মুতাবিক আমল কৰা। এইদৰে মুছলিমসকলৰ জামাআতৰ পৰা বিচ্ছিন্ন নোহোৱা। তেওঁ অপছন্দ কৰেঃ বান্দাসকলে যাতে অনৰ্থক কথা বতৰা তথা অপ্ৰয়োজনীয় বিষয়ত লাগি নাথাকে। এনেকুৱা বিষয়ে প্ৰশ্ন কৰা যিটো সংঘটিত হোৱা নাই অথবা মানুহৰ ওচৰত সিহঁতৰ ধন সম্পদ বিচৰা বা সিহঁতৰ ওচৰত যি আছে সেয়া বিচৰা, কোনো প্ৰয়োজন নোহোৱাকৈ। এইদৰে সম্পদ বিনষ্ট কৰা, চৰীয়তি কোনো শিতানৰ বিপৰীতে অযথা তথা অপচয় কৰি সম্পদ বিনষ্ট কৰা, ধ্বংসাত্মক শিতানত ব্যয় কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মহান আল্লাহে পছন্দ কৰে যে, বান্দাই যাতে ইবাদতত ইখলাচ অৱলম্বন কৰে আৰু তেওঁৰ সৈতে কৰা কুফৰক অপছন্দ কৰে।

হাদীছটোৰ দ্বাৰা আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ ইয়াৰ মাজত আছে একতা।

জামাতবদ্ধ হৈ থাকিবলৈ উৎসাহিত কৰা হৈছে। জামাতক মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু একতা বজায় ৰাখিবলৈ উৎসাহিত কৰা হৈছে। পক্ষান্তৰে বিভেদ বিচ্ছেদৰ পৰা নিষেধ কৰা হৈছে।

অযথা অপ্ৰয়োজনীয় আলচ কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ যদি বিষয়টো মুবাহ হয় তথাপিও ইয়াত সময় বিনষ্ট কৰা হয়, আৰু যদি বিষয়টো হাৰাম হয় তেন্তে ইয়াৰ দ্বাৰা অধিক গুনাহৰ কাম হয়।

মানুহৰ গোপন বিষয় খুচৰি ফুৰিবলৈ নিষেধ কৰা হৈছে, আৰু সিহঁতৰ কথা কৰ্মৰ গোপন সূত্ৰৰ আঁত ধৰি আনলৈ নকল কৰিবলৈ নিষেধ কৰা হৈছে।

মানুহৰ ওচৰত সিহঁতৰ সম্পদ বাৰে বাৰে বিচাৰি যাবলৈ নিষেধ কৰা হৈছে।

সম্পদ বিনষ্ট কৰা হাৰাম। উপকাৰী সম্পদ হিফাজত কৰিবলৈ উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ মুছলিম (3/ 1340) (1715).

অধিক (2)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (30/ 85).

إكمال المعلم بفوائد مسلم (5/ 568).