Skip to content

তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ।"

«لَا يُؤْمِنُ أَحَدُكُمْ حَتَّى أَكُونَ أَحَبَّ إِلَيْهِ مِنْ وَالِدِهِ وَوَلَدِهِ وَالنَّاسِ أَجْمَعِينَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কোনো এজন মুছলিম ব্যক্তি তেতিয়াহে পৰিপূৰ্ণ ঈমান্দাৰ বুলি বিবেচিত হ'ব, যেতিয়া তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ পিতা-মাতা, সন্তান-সন্ততি আৰু সকলো মানুহতকৈ অধিক মুহাব্বত কৰিব। এই মুহাব্বতৰ দাবী হৈছে, তেখেতৰ আনুগত্য কৰা, তেখেতৰ পক্ষত থিয় হোৱা আৰু তেখেতৰ অবাধ্যতাৰ পৰা বিৰত থকা।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰা অনিবাৰ্য। আনকি তেখেতক সকলো সৃষ্টিতকৈ অধিক মুহাব্বত কৰিব লাগিব।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক পৰিপূৰ্ণ মুহাব্বত কৰাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পক্ষত থিয় হোৱা, আৰু ইয়াৰ সপক্ষে শাৰীৰিক আৰু আৰ্থিক সকলো প্ৰকাৰে সহায় কৰা।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰাৰ অৰ্থ হৈছে, তেখেতে যি আদেশ দিছে সেইটো পালন কৰা আৰু তেখেতে যি যি সংবাদ দিছে সেইবোৰ বিশ্বাস কৰা, লগতে তেখেতে যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা আঁতৰি থকা, এইদৰে তেখেতৰ আনুগত্য আৰু বিদআত পৰিহাৰ কৰা।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধিকাৰ সকলো মানুহৰ অধিকাৰতকৈ অধিক গুৰুত্বপূৰ্ণ, কাৰণ তেখেতেই আমাক পথভ্ৰষ্টতাৰ পৰা হিদায়তৰ পথ দেখুৱাইছে আৰু জাহান্নামৰ পৰা মুক্তিৰ বাট দেখুৱাইছে আৰু জান্নাত লাভৰ সুযোগ কৰি দিছে।

সম্পাদক

ছহীহ বুখাৰী (1/ 12) (15).

ছহীহ মুছলিম (1/ 67) (44).

অধিক (7)

فتح الباري لابن رجب (1/ 48).

الجديد في شرح كتاب التوحيد.

للقرعاوي (ص281).

الملخص في شرح كتاب التوحيد.

للفوزان (ص252).

القول المفيد على كتاب التوحيد.

لابن عثيمين (2/ 50).