Skip to content

নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।

«إِنَّ اللهَ لَا يَنْظُرُ إِلَى صُوَرِكُمْ وَأَمْوَالِكُمْ، وَلَكِنْ يَنْظُرُ إِلَى قُلُوبِكُمْ وَأَعْمَالِكُمْ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মহান আল্লাহে বান্দাসকলৰ শৰীৰ আৰু আকাৰ-আকৃতিৰ প্ৰতি গুৰুত্ব নিদিয়ে, সুন্দৰ নে কুৎসিত? সৰু নে ডাঙৰ? সুস্থ নে বেমাৰী? সিহঁতৰ ধন-সম্পদৰ প্ৰতিও গুৰুত্ব নিদিয়ে যে, সম্পদৰ পৰিমাণ কম আছিল নে বেছি আছিল? মহান আল্লাহে তেওঁৰ বান্দাসকলক এইবোৰ দুনিয়াবী বিষয়ত কম বেছি সম্পৰ্কে জবাবদিহি নকৰিব। বৰং সিহঁতৰ অন্তৰত থকা তাক্বৱা, য়াক্বীন, বিশ্বস্ততা আৰু ইখলাচ অনুযায়ীহে ফয়চালা কৰিব। অথবা সিহঁতৰ উদ্দেশ্যক প্ৰাধান্য দিব, কি উদ্দেশ্যত কৰ্মটো কৰিছিল, মানুহক দেখুৱাবলৈ নে গৌৰৱ অৰ্জন কৰিবলৈ। এইদৰে সিহঁতৰ আমলৰ প্ৰতিও তেওঁ গুৰুত্ব দিব, সঠিকভাৱে আমল কৰিছিল নে ভুল পদ্ধতিত কৰিছিল। সেইমতে তেওঁ সিহঁতক ছোৱাব প্ৰদান কৰিব তথা প্ৰতিদান দিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গতিকে আমি অন্তৰক সংশোধনৰ প্ৰতি গুৰুত্ব দিয়া উচিত, আৰু প্ৰতিটো বেয়া অভ্যাসৰ পৰা ইয়াক পৰিস্কাৰ কৰা উচিত।

ইখলাচৰ জৰিয়তে অন্তৰক সংশোধন কৰিব লাগে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তে আমল সংশোধন কৰিব লাগে। এই দুটাকেই মহান আল্লাহে গুৰুত্ব দিয়ে তথা বিবেচনাযোগ্য বুলি গ্ৰহণ কৰে।

নিজৰ ধন-সম্পদ, সৌন্দৰ্য, শাৰীৰিক গঠন আৰু পাৰ্থিৱ জীৱনৰ কোনো বস্তুৱেই যেন মানুহক প্ৰৱঞ্চিত কৰিব নোৱাৰে।

আভ্যন্তৰীণ দিশক সংশোধন নকৰাকৈ বাহ্যিক দিশৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।

সম্পাদক

ছহীহ মুছলিম (2564) (4/ 1986).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 40).

تطريز رياض الصالحين.

لفيصل المبارك (ص14).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 25).