ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
فَرَضَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ، وَأَمَرَ بِهَا أَنْ تُؤَدَّى قَبْلَ خُرُوجِ النَّاسِ إِلَى الصَّلاَةِ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য কৰিছে। ইয়াৰ পৰিমাণ হৈছে এক ছা, অৰ্থাৎ চাৰি মুদ্দ। মুদ্দ কোৱা হয়ঃ এজন মধ্যম পৰ্যায়ৰ সাধাৰণ লোকৰ দুয়ো হাত একেলগ কৰি পোৱা আয়তনক। এই ফিতৰা আদায় কৰিব লাগে প্ৰতিজন মুছলিমৰ ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন, পুৰুষ হওক বা নাৰী, সৰু হওক বা ডাঙৰ। নিজৰ আৰু পৰিয়ালৰ বাবে এদিন আৰু এক ৰাতি অতিবাহিত কৰিব পৰা খাদ্যৰ অতিৰিক্ত থাকিলেই সেই ব্যক্তিয়ে ফিতৰা আদায় কৰিব লাগে। মানুহে ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই এই ফিতৰা আদায় দিব লাগে।
ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য প্ৰতিজন মুছলিম ব্যক্তিৰ ফালৰ পৰা, সৰু হওক বা ডাঙৰ, দাস হওক বা স্বাধীন ব্যক্তি। এয়া আদায় কৰিব পৰিয়ালৰ মুৰব্বীয়ে আৰু দাসৰ মালিকে। প্ৰত্যেক দায়িত্বশীল ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালী তথা পৰিয়ালৰ ফালৰ পৰা আৰু প্ৰত্যেক সেই ব্যক্তিৰ ফালৰ পৰা আদায় কৰিব যাৰ ভৰণ-পোষণৰ দায়িত্ব তাৰ ওপৰত আছে।
গৰ্ভত থকা সন্তানৰ ফালৰ পৰা ফিতৰা আদায় কৰাটো ওৱাজিব নহয়, বৰং মুস্তাহাব।
ফিতৰাৰ বৰ্ণনা দিয়া হৈছে যে, মানুহৰ সাধাৰণ খাদ্যৰ দ্বাৰা এইটো আদায় দিব লাগে।
ঈদৰ নামাজৰ আগতে ফিতৰা আদায় কৰা ওৱাজিব। ঈদৰ দিনা ৰাতিপুৱা আদায় কৰাটো বেছি উত্তম। আনহাতে ঈদৰ এদিন অথবা দুদিন আগত আদায় কৰিলেও কোনো অসুবিধা নাই।
ছহীহ বুখাৰী (2/ 130) (1503).
ছহীহ মুছলিম (2/ 679) (986).
অধিক (6)
تيسير العلام.
لعبد الله البسام (ص309).
تنبيه الأفهام شرح عمدة الإحكام.
لابن عثيمين (3/ 406).
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 249).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- أسئلة وأجوبة عن شهر رمضان للصغار، ولا يستغني عنها الكبار«فَرَضَ رَسُولُ اللهِ صلى الله عليه وسلم زَكَاةَ الْفِطْرِ صَاعًا مِنْ تَمْرٍ أَوْ صَاعًا مِنْ شَعِيرٍ، عَلَى الْعَبْدِ وَالْحُرِّ، وَالذَّكَرِ وَالْأُنْثَى، وَالصَّغِيرِ وَالْكَبِيرِ مِنَ الْمُسْلِمِينَ»
- المختصر في أحكام زكاة الفطر وصلاة العيد(فَرَضَ رَسُولُ اللهِ ﷺ زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرِ، أَوْ صَاعًا مِنْ شَعِيرٍ عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالْأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ)
- المناهج التعليمية - الصف السادسالمناهج الدراسية - الفقه - الصف السادس «فَرَضَ رَسُولُ اللَّهِ ﷺ زَكَاةَ الْفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، عَلَى الْعَبْدِ وَالْحُرِّ، وَالذَّكَرِ وَالْأُنْثَى، وَالصَّغِيرِ وَالْكَبِيرِ مِنَ الْمُسْلِمِينَ»[13].
- مجموعة زاد الفقه (2)الفقه للمستوى الثاني ( مجموعة زاد )«فرض رسول اﷲ صلى الله عليه وسلم صدقة الفطر من رمضان صاعًا من تمر، أو صاعًا من شعير، على العبد والحر، والذكر والأنثى، والصغير والكبير من المسلمين».
- مشروع المنهج التعليميمادة الفقه مستوى 3«فَرَضَ رسول الله صلى الله عليه وسلم زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ، وَأَمَرَ بِهَا أَنْ تُؤَدَّى قَبْلَ خُرُوجِ ا