Skip to content

যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।

আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।

«مَنْ حَمَلَ عَلَيْنَا السِّلَاحَ فَلَيْسَ مِنَّا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক ভয় দেখুৱাবলৈ বা তেওঁলোকৰ সম্পদ আদি লুটপাত কৰিবলৈ তেওঁলোকৰ ওপৰত অস্ত্ৰ ধাৰণ কৰাৰ পৰা সতৰ্ক কৰিছে। যিয়ে অন্যায়ভাৱে এইটো কৰিব, সি মহা অপৰাধ কৰিব, লগতে সি এই কাবীৰাহ গুনাহৰ চিকাৰ হৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।

শব্দাৰ্থ

من حمل علينا السلاح: المقصود به من حمل السلاح؛ لقتال المسلمين أو لإرهاربهم.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এজন মুছলিমক আন এজন মুছলিমৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।

মুছলিমসকলৰ ওপৰত অস্ত্ৰ ধাৰণ কৰা আৰু তেওঁলোকক হত্যা কৰি বিপৰ্যয় সৃষ্টি কৰাটো হৈছে আটাইতকৈ মহা অনৈতিক কৰ্ম তথা মহা বিপৰ্যয়।

ন্যায়ভাৱে হত্যা কৰা, যেনে- বিদ্ৰোহকাৰী তথা বিপৰ্যয় সৃষ্টিকাৰীক হত্যা কৰাটো উক্ত সতৰ্কবাণীৰ অন্তৰ্ভুক্ত নহয়।

অস্ত্ৰ আদিৰে মুছলিমসকলক ভয় দেখুৱাটোও হাৰাম, যদিও ধেমালিৰ ছলেৰেই নহওক কিয়।

সম্পাদক

ছহীহ বুখাৰী (9/ 49) (7071).

ছহীহ মুছলিম (1/ 98) (100).

অধিক (8)

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص406).

الإفهام في شرح عمدة الأحكام.

لابن باز (ص815).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (2/ 195).

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص752).