Skip to content

হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।

ওমৰ বিন আবু ছালামাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ

মই বালক অৱস্থাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তত্ত্বাৱধানত আছিলোঁ। খোৱাৰ সময়ত মোৰ হাত প্লেটৰ মাজত দৌৰি ফুৰিছিল, অৰ্থাৎ মই কেতিয়াবা প্লেটৰ ইফালৰ পৰা কিবা লৈছিলোঁ আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিলোঁ। এই দেখি তেখেতে মোক ক'লেঃ "হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।" ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।

كُنْتُ غُلَامًا فِي حَجْرِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَكَانَتْ يَدِي تَطِيشُ فِي الصَّحْفَةِ، فَقَالَ لِي رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَا غُلَامُ، سَمِّ اللهَ، وَكُلْ بِيَمِينِكَ، وَكُلْ مِمَّا يَلِيكَ» فَمَا زَالَتْ تِلْكَ طِعْمَتِي بَعْدُ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

ওমৰ ইবনু আবু ছালামাহ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মে ছালামাহ ৰাদ্বিয়াল্লাহু আনহাৰ পুত্ৰ। তেওঁৰ ভৰণ-পোষণৰ দায়িত্ব আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধীনত। তেওঁ হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল তেতিয়া খোৱাৰ সময়ত হাত প্লেটৰ ইফালে সিফালে ঘূৰাইছিল, কেতিয়াবা ইফালৰ পৰা লৈ খাইছিল আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক খোৱাৰ তিনিটা নিয়ম শিকাই দিছিল। প্ৰথটো হৈছেঃ খোৱা আৰম্ভ কৰাৰ আগত "বিছমিল্লাহ" বুলি কোৱা। দ্বিতীয়টো হৈছে, সোঁহাতেৰে খোৱা। তৃতীয়টো হৈছে, নিজৰ কাষৰ পৰা তথা এফালৰ পৰা খাদ্য তুলি খোৱা।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

পানাহাৰৰ আদাবসমূহৰ অন্যতম এটা আদব হৈছে, পানাহাৰৰ পূৰ্বে বিছমিল্লাহ কোৱা।

শিশুসকলক নিয়ম-কানুন শিকোৱা উচিত। বিশেষকৈ অধীনস্থ শিশুসকলক।

শিশুসকলক নিয়ম-নীতি শিকোৱাৰ ক্ষেত্ৰত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আৰু অতি প্ৰশস্ত হৃদয়ৱান ব্যক্তি আছিল।

খোৱা-বোৱাৰ অন্যতম এটা নীতি হৈছে নিজৰ ওচৰৰ পৰা খোৱা, কিন্তু যদি প্লেট বা টেবুলত বিভিন্ন পদৰ খাদ্য থাকে তেন্তে সেইবোৰ লোৱাত কোনো অসুবিধা নাই।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱা নিয়ম-নীতিবোৰ চাহাবাসকলে গুৰুত্ব সহকাৰে পালন কৰিছিল। এইটো বুজা গ'ল ওমৰৰ এই কথাৰ দ্বাৰা, তেওঁ কৈছেঃ ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।

সম্পাদক

ছহীহ বুখাৰী (7/ 68) (5376).

(3/ 61) (2092).

ছহীহ মুছলিম (3/ 1599) (2022).

অধিক (9)

شرح النووي على مسلم (13/ 193).

توضيح الأحكام مِن بلوغ المرام.

للبسام (5/ 440).

فتح ذي الجلال والإكرام شرح بلوغ المرام.

لابن عثيمين (4/ 616).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (7/ 439).

شرح رياض الصالحين.

لابن عثيمين (3/ 169).