Skip to content

সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।

«لَيْسَ الْوَاصِلُ بِالْمُكَافِئِ، وَلَكِنِ الْوَاصِلُ الَّذِي إِذَا قُطِعَتْ رَحِمُهُ وَصَلَهَا».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আত্মীয়তাৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি সেইজন নহয়, যিয়ে উপকাৰৰ প্ৰতিদান কামনা কৰে। বৰং আদৰ্শ ব্যক্তি হৈছে সেইজন, যিয়ে বিপৰীত ফালৰ পৰা আত্মীয়তাৰ সম্পৰ্ক ছিন্ন হোৱাৰ পিছতো সেই সম্পৰ্কক অটুট ৰখাৰ চেষ্টা কৰে। আনকি তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ পিছতো তেওঁ সদ্ব্যৱহাৰ কৰাৰ যত্ন কৰে।

শব্দাৰ্থ

المكافئ: الذي يكافئهم على صلتهم له، إن وصلوه وصلهم وإن قطعوه قطعهم.

وصلها: برها وأحسن إليها.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চৰীয়তৰ দৃষ্টিত নিৰ্ভৰযোগ্য আত্মীয়তাৰ সম্পৰ্ক হৈছে, বিচ্ছিন্ন কৰাজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা, অন্যায়-অত্যাচাৰকাৰীক ক্ষমা কৰি দিয়া, বঞ্চিত কৰাজনক প্ৰদান কৰা। আনহাতে সেইটোক আত্মীয়তাৰ সম্পৰ্ক বজাই ৰখা বুলি গণ্য কৰা নহয়, য'ত প্ৰতিদানৰ আশা কৰা হয়।

আত্মীয়তাৰ সম্পৰ্ক হৈছে, সাধ্যানুসাৰে ধন-সম্পদৰ দ্বাৰা উপকাৰ কৰা, দুআ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা, লগতে সাধ্যানুসাৰে বিভিন্ন সমস্যাৰ সমাধান কৰা।

সম্পাদক

ছহীহ বুখাৰী (8/ 6) (5991).

অধিক (8)

منار القاري شرح مختصر صحيح البخاري.

لحمزة محمد قاسم (5/ 242).

بهجة الناظرين.

لسليم الهلالي (1/ 397).

نزهة المتقين.

لمصطفى الخن وغيره (1/ 311).

شرح رياض الصالحين.

لابن عثيمين (3/ 190).