Skip to content
ছুৰাসমূহৰ তালিকা /

الزُّمَر

الزُّمَر is chapter 39 of the Quran and has 75 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

75 আয়াতসমূহ ছুৰা নং 39
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ

এইখন কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

إِنَّآ أَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ

নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।

أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ

জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়কলৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। (লগতে জানি থোৱা) নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।

لَّوۡ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدٗا لَّٱصۡطَفَىٰ مِمَّا يَخۡلُقُ مَا يَشَآءُۚ سُبۡحَٰنَهُۥۖ هُوَ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ

যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেৱেঁই আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۖ يُكَوِّرُ ٱلَّيۡلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيۡلِۖ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمًّىۗ أَلَا هُوَ ٱلۡعَزِيزُ ٱلۡغَفَّٰرُ

তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।