Skip to content
ছুৰাসমূহৰ তালিকা /

الأنبيَاء

الأنبيَاء is chapter 21 of the Quran and has 112 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

112 আয়াতসমূহ ছুৰা নং 21
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

ٱقۡتَرَبَ لِلنَّاسِ حِسَابُهُمۡ وَهُمۡ فِي غَفۡلَةٖ مُّعۡرِضُونَ

মানুহৰ হিচাপ-নিকাচৰ সময় সমীপৱৰ্ত্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।

مَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّن رَّبِّهِم مُّحۡدَثٍ إِلَّا ٱسۡتَمَعُوهُ وَهُمۡ يَلۡعَبُونَ

যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকচ্ছলেৰে শ্ৰৱণ কৰে,

لَاهِيَةٗ قُلُوبُهُمۡۗ وَأَسَرُّواْ ٱلنَّجۡوَى ٱلَّذِينَ ظَلَمُواْ هَلۡ هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡۖ أَفَتَأۡتُونَ ٱلسِّحۡرَ وَأَنتُمۡ تُبۡصِرُونَ

সিহঁতৰ অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?

قَالَ رَبِّي يَعۡلَمُ ٱلۡقَوۡلَ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ

তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।

بَلۡ قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمِۭ بَلِ ٱفۡتَرَىٰهُ بَلۡ هُوَ شَاعِرٞ فَلۡيَأۡتِنَا بِـَٔايَةٖ كَمَآ أُرۡسِلَ ٱلۡأَوَّلُونَ

বৰং সিহঁতে কয়, ‘এইবোৰ হৈছে অলীক কল্পনা, হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।