Skip to content

ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।

আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআ পঢ়ি দুআ কৰিছিলঃ

"ৰাব্বিগ ফিৰলী খাত্বী-আতী অজাহলী, ওৱা ইছৰাফী ফি আমৰি কুল্লিহ, অমা আনতা আ'লামু বিহি মিন্নী। আল্লাহুম্মাগ ফিৰলী খাত্বায়ায়া, ওৱা আমদী, অজাহলী, অহাঝলী, অকুল্লু জালিকা ইনদী। আল্লাহুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, আনতাল মুক্বাদ্দিমু ওৱা আনতাল মুআখ্খিৰ, ওৱা আনতা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।" অৰ্থঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ গুনাহসমূহ, মোৰ মূৰ্খামি আৰু কৰ্মৰ ক্ষেত্ৰত কৰা সীমালংঘন ক্ষমা কৰি দিয়া, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। হে আল্লাহ! মোৰ সেইসমূহ গুনাহো ক্ষমা কৰি দিয়া যিবোৰ মই জানি বুজি কৰিছোঁ বা হাঁহি ধেমালিতে কৰিছোঁ, আনকি মোৰ ইচ্ছা অনিচ্ছাতে হোৱা সকলো গুনাহ ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তুমি সকলো ক্ষেত্ৰতে সৰ্বশক্তিমান।

«رَبِّ اغْفِرْ لِي خَطِيئَتِي وَجَهْلِي، وَإِسْرَافِي فِي أَمْرِي كُلِّهِ، وَمَا أَنْتَ أَعْلَمُ بِهِ مِنِّي، اللَّهُمَّ اغْفِرْ لِي خَطَايَايَ، وَعَمْدِي وَجَهْلِي وَهَزْلِي، وَكُلُّ ذَلِكَ عِنْدِي، اللَّهُمَّ اغْفِرْ لِي مَا قَدَّمْتُ وَمَا أَخَّرْتُ، وَمَا أَسْرَرْتُ وَمَا أَعْلَنْتُ، أَنْتَ المُقَدِّمُ وَأَنْتَ المُؤَخِّرُ، وَأَنْتَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গভীৰ অৰ্থপূৰ্ণ দুআটো পাঠ কৰিছিলঃ হে মোৰ প্ৰতিপালক, মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, যিবোৰ মই অনিচ্ছাকৃতভাৱে কৰিছোঁ। লগতে যিবোৰ ক্ষেত্ৰত মোৰ দ্বাৰা সীমালংঘন হৈছে, সেইবোৰ তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! যিবোৰ গুনাহ সম্পৰ্কে মই পাহৰি গৈছোঁ, কিন্তু তুমিতো ভালকৈয়ে জানা। হে আল্লাহ! জানি বুজি ইচ্ছাকৃতভাৱে মোৰ দ্বাৰা যিবোৰ গুনাহ হৈছে সেইবোৰ গুনাহো তুমি ক্ষমা কৰি দিয়া। হাঁহি ধেমালিতে হোৱা গুনাহকো তুমি ক্ষমা কৰি দিয়া। আনকি মোৰ সকলো দোষ-ত্ৰুটি তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া। যিবোৰ মই গোপনে কৰিছিলোঁ আৰু যিবোৰ মই প্ৰকাশ্যভাৱে কৰিছিলোঁ। তুমিয়েই আগুৱাই দিয়াৰ অধিকাৰী আৰু তুমিয়েই পিছুৱাই দিয়াৰ অধিকাৰী, তুমি যাক ইচ্ছা কৰা, তাক তুমি তোমাৰ ৰহমতৰ পিনে আগুৱাই দিয়া আৰু তাৰ প্ৰতি তুমি সন্তুষ্ট হোৱা। আনহাতে তুমি যাক ইচ্ছা কৰা পিছুৱাই দিয়া আৰু অপদস্থ কৰা। গতিকে তুমি যাক পিছুৱাই দিছা, তাক আগুৱাই দিব পৰা কোনো নাই। পক্ষান্তৰে যাক তুমি আগুৱাই দিছা, তাক পিছুৱাই দিব পৰা কোনো নাই। তুমিয়েই সৰ্বশক্তিমান, সকলো ক্ষেত্ৰতে তুমি ক্ষমতাৱান। তুমি যিটো বিচৰা সেইটোৱে কৰিব পাৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত এই দুআটোৰ ফজীলত বৰ্ণিত হৈছে, তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰি ইয়াৰ প্ৰতি আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।

সীমালংঘন কৰিবলৈ নিষেধ কৰা হৈছে, কাৰণ সীমালংঘনকাৰী হৈছে শাস্তিৰ উপযুক্ত।

মানুহৰ বিষয়ে মানুহতকৈ আল্লাহে বেছি জানে। গতিকে মানুহে নিজৰ কৰ্মৰ ক্ষেত্ৰত আল্লাহৰ ওপৰতে ভৰসা কৰিব লাগে আৰু তেওঁৰ ওপৰতে দায়িত্ব এৰিব লাগে। কাৰণ মানুহে ভুল কৰিব পাৰে, আৰু সেইটো সি নাজানিবও পাৰে।

মানুহে যিদৰে জানি বুজি কৰা গুনাহৰ ক্ষেত্ৰত জবাবদিহি হ'বলগীয়া হয়, ঠিক সেইদৰে কেতিয়াবা হাঁহি ধেমালিতে কৰা গুনাহৰ বাবেও জবাবদিহি হ'বলগীয়া হ'ব পাৰে। গতিকে মানুহে ঠাট্টা মস্কৰা কৰাৰ সময়তো এই বিষয়টো মনত ৰখা উচিত।

ইবনু হাজাৰ আছক্বালানী ৰাহিমাহুল্লাহে কৈছেঃ এই দুআটোৰ বিভিন্ন বৰ্ণনা চোৱাৰ পিছতো, এই দুআটো পঢ়িবলগীয়া কোনো নিৰ্দিষ্ট ঠাই সম্পৰ্কে মই ক'তো পোৱা নাই। বেছি বৰ্ণনাতে এই দুআটোৰ শেষত উল্লেখ আছে যে, তেখেতে এইটো তাহাজ্জুদৰ সময়ত পঢ়িছিল। লগতে এইটো পোৱা যায় যে, তেখেতে এইটো নামাজৰ শেষত পঢ়িছিল। লগতে এই ক্ষেত্ৰতো মতানৈক্য আছে যে, এইটো তেখেতে ছালামৰ আগত পঢ়িছিল নে পিছত পঢ়িছিল।

প্ৰশ্ন হ'ব পাৰে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা কেতিয়াবা ভুল হৈছিল নেকি যে, তেখেতে এইদৰে ক্ষমা প্ৰাৰ্থনা কৰিছিল, ইয়াৰ উত্তৰত কোৱা হৈছে যে, তেখেতে এইটো বিনয় প্ৰকাশ কৰি তথা নিজৰ নফছক দুৰ্বল গণ্য কৰি কৈছিল। অথবা তেখেতে পূৰ্ণতা অৰ্জন কৰিব নোৱাৰাক আৰু উৎকৃষ্ট পৰিত্যাগ কৰাক গুনাহ বুলি গণ্য কৰিছিল। নাইবা অজানিতে হোৱা গুনাহৰ কাৰণে এনেকুৱা দুআ কৰিছিল। নাইবা নবুওৱতৰ পূৰ্বে হোৱা গুনাহৰ কাৰণে। কিছুমানে কৈছেঃ ক্ষমা প্ৰাৰ্থনা হৈছে এটা ইবাদত, গতিকে বান্দাই এইটো পালন কৰা ওৱাজিব, তেখেতে এইটো ইবাদতৰ বাবেহে কৰিছিল। আনহাতে কিছুমানে কৈছেঃ এইটো তেখেতে উম্মতক শিকাবলৈহে কৈছিল, যাতে তেওঁলোকে নিশ্চিন্ত হৈ বহি নাথাকে আৰু ক্ষমা প্ৰাৰ্থনা যাতে পৰিত্যাগ নকৰে।

সম্পাদক

ছহীহ বুখাৰী (8/ 84) (6398).

ছহীহ মুছলিম (4/ 2087) (2719).

অধিক (6)

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 467).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 507).

مرقاة المفاتيح.

لعلي القاري (5/ 1720).