জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।"
«إِنَّ لِلْمُؤْمِنِ فِي الْجَنَّةِ لَخَيْمَةً مِنْ لُؤْلُؤَةٍ وَاحِدَةٍ مُجَوَّفَةٍ، طُولُهَا سِتُّونَ مِيلًا، لِلْمُؤْمِنِ فِيهَا أَهْلُونَ، يَطُوفُ عَلَيْهِمِ الْمُؤْمِنُ فَلَا يَرَى بَعْضُهُمْ بَعْضًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জান্নাতৰ কেইটামান নিয়ামতৰ বিষয়ে উল্লেখ কৰিছে যে, মুমিনৰ বাবে জান্নাতত এটা ডাঙৰ প্ৰশস্ত তম্বু থাকিব। সেই তম্বুটো এটা মুকুতাৰে নিৰ্মাণ কৰা হ'ব, যিটো মুকুতাৰ ভিতৰভাগ খালি থাকিব। প্ৰশস্ততা আৰু আকাশৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল পৰ্যন্ত। এই তম্বুৰ প্ৰতিটো প্ৰান্ততে থাকিব তেওঁৰ স্ত্ৰীসকল, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব। মুমিন ব্যক্তিয়ে তেওঁলোকৰ প্ৰত্যেকৰে ওচৰলৈ গমন কৰিব।
জান্নাতীসকলক দিবলগীয়া মহা নিয়ামতৰ বৰ্ণনা।
আল্লাহে যিবোৰ নিয়ামত প্ৰস্তুত কৰি ৰাখিছে, সেইবোৰ বৰ্ণনা কৰি নেক আমলৰ প্ৰতি উৎসাহিত কৰা হৈছে।
অধিক (4)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1288).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 345).