Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 30 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"
ছহীহ (আহমদ)
"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
ছহীহ (মুছলিম)
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কথা কৈছে আৰু ময়ো এটা কথা কৈছোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।” ইয়াৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ, তেন্তে যিয়ে আল্লাহৰ বাহিৰে আন কাকো তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰা নাই, সি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কিছুমান লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জ্যোতিষিৰ বিষয়ে প্ৰশ্ন কৰিলে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "সিহঁতৰ কথাত কোনো সত্যতা নাই।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! সিহঁতে কোৱা কিছুমান কথা কেতিয়াবা কেতিয়াবা সত্য প্ৰমাণিত হয়। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সিহঁতৰ সেই সত্য কথাটো জিনে (ফিৰিস্তাসকলৰ পৰা) অকস্মাৎ চোৰকৈ শুনি লৰ মাৰে আৰু সেইটো মানুহৰ মাজত থকা তাৰ প্ৰিয়জনক মুৰ্গীৰ মাতৰ দৰে শব্দৰে জনাই দিয়ে। ফলত সেই ব্যক্তিজনে এই এটা সত্য কথাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰি প্ৰচাৰ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)
কবৰৰ ওপৰত নবহিবা আৰু কবৰৰ ফালে মুখ কৰি নামাজ নপঢ়িবা।
ছহীহ (মুছলিম)