Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"গায়েবৰ চাবি হৈছে পাঁচটাঃ নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে কাইলৈ সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।"
ছহীহ (বুখাৰী)
"মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই? তেতিয়া তেওঁ ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা দিব বিচাৰোঁ। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! ইয়াতকৈ উত্তম আৰুনো কি হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মই মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত অৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কথা কৈছে আৰু ময়ো এটা কথা কৈছোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।” ইয়াৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ, তেন্তে যিয়ে আল্লাহৰ বাহিৰে আন কাকো তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰা নাই, সি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব। তেতিয়া সি নিজৰ সোঁফালে চাব, তেতিয়া তাত কেৱল নিজৰ আমলহে দেখা পাব, আৰু বাওঁফালে লক্ষ্য কৰিব, তাতো কেৱল নিজৰ আমলহে দেখা পাব, আৰু সন্মুখৰ পিনে চাব, তাত দেখা পাব জাহান্নাম। গতিকে জাহান্নামৰ জুইৰ পৰা বাচিবলৈ চেষ্টা কৰা, যদিও এটুকুৰা খেজুৰৰ জৰিয়তেই নহওক কিয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})