Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 15 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই? তেতিয়া তেওঁ ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা দিব বিচাৰোঁ। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! ইয়াতকৈ উত্তম আৰুনো কি হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মই মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত অৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে। তেওঁলোকে তাত প্ৰস্ৰাৱো নকৰিব আৰু পায়খানাও নকৰিব। তেওঁলোকে থু খেঁকাৰো নেপেলাব আৰু নাকৰ পৰা ময়লা পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণেৰে নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীত ব্যৱহাৰ কৰা হ'ব চন্দন কাঠৰ খৰি। ডাঙৰ চকুবিশিষ্টা হূৰসকলৰ হ'ব তেওঁলোকৰ স্ত্ৰী। তাত তেওঁলোকৰ আকৃতি হ'ব একেই ধৰণৰ। সকলোৰে আকৃতি হ'ব তেওঁলোকৰ আদি পিতা আদমৰ দৰে। উচ্চতাত তেওঁলোকৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।
ছহীহ (বুখাৰী)
"জান্নাতত মুমিনসকলৰ বাবে এটা মুকুতাৰে এনেকুৱা এখন তম্বু নিৰ্মাণ কৰা হ'ব, যাৰ ভিতৰ ভাগ খালি থাকিব। ওপৰৰ ফালে ইয়াৰ দৈৰ্ঘ্য হ'ব ষাঠি মাইল। মুমিনসকলৰ স্ত্ৰীসকলো তাতে থাকিব। মুমিন ব্যক্তিজনে তেওঁলোক প্ৰত্যেকৰে ওচৰলৈ অহা যোৱা কৰিব, কিন্তু স্ত্ৰীসকলে ইজনে সিজনক দেখা নাপাব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
জান্নাত হৈছে তোমালোকৰ জুতাৰ ফিতাতকৈও অধিক নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।
ছহীহ (বুখাৰী)