Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 98 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।"
ছহীহ (বুখাৰী)
"কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে সৰু সুৰা পাপ কৰ্মকো বৰ্জন কৰা, কিয়নো সৰু আৰু তুচ্ছ পাপ কৰ্মৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে (ভ্ৰমণত গৈ) কোনো এটা উপত্যকাত (বিশ্ৰামৰ বাবে) অৱস্থান কৰে। ইয়াৰ পিছত ইজনে এটা কাঠৰ টুকুৰা আনে আৰু সিজনে এটা কাঠৰ টুকুৰা আনে, অৱশেষত খৰিৰ স্তূপ হৈ যায়, আৰু সিহঁতে সেইবোৰৰ দ্বাৰা ৰুটী সেকি খায়। ঠিক সেইদৰে সৰু সুৰা পাপ কৰ্মত অটল থকা লোকক যেতিয়া কৰায়ত্ব কৰা হ'ব তেতিয়া এইবোৰ গুনাহেই তাক ধ্বংস কৰিব।"
ছহীহ (আহমদ)
"বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।"
ছহীহ (বুখাৰী)
"আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব। আদম সন্তানৰ পেট কেৱল মাটিয়েহে পূৰণ কৰিব পাৰিব। কিন্তু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকৰ জুই জাহান্নামৰ জুইৰ তুলনাত সত্তৰ ভাগৰ এভাগহে মাত্ৰ। কোৱা হ'লঃ হে আল্লাহৰ ৰাছুল! শাস্তি বিহিবলৈ দেখোন পৃথিৱীৰ এই জুয়েই যথেষ্ট আছিল। তেখেতে ক'লেঃ পৃথিৱীৰ জুইতকৈ জাহান্নামৰ জুইৰ তাপমাত্ৰা ৬৯ গুণ বৃদ্ধি কৰা হৈছে, প্ৰতিটো অংশতে ইয়াৰ সমপৰিমাণ উত্তাপ আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})