Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
হাছান (আবু দাঊদ)
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"। (ছুৰা ত্বাহাঃ ১৪)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জুমুআৰ দিনা যিয়ে জানাবতৰ (ফৰজ) গোছল কৰিব, আৰু প্ৰথম সময়ছোৱাতে মছজিদত যাব, তেওঁ দৰাচলতে এটা উট কুৰবানী কৰাৰ ছোৱাব অৰ্জন কৰিব। দ্বিতীয় সময়ছোৱাত যিয়ে আহিব, তেওঁ অৰ্জন কৰিব এটা গৰু কুৰবানী কৰাৰ ছোৱাব। তৃতীয় সময়ছোৱাত যিয়ে আহিব তেওঁ দুম্বা কুৰবানী কৰাৰ ছোৱাব পাব। চতুৰ্থ সময়ছোৱাত যিয়ে আহিব তেওঁ মুৰ্গী দান কৰাৰ ছোৱাব পাব। আনহাতে যিয়ে পঞ্চম সময়ছোৱাত আহিব তেওঁ কণী এটা দান কৰাৰ ছোৱাব অৰ্জন কৰিব। ইয়াৰ পিছত ইমাম যেতিয়া ওলাই আহে তেতিয়া ফিৰিস্তাসকলে (ৰেজিষ্টাৰ বন্ধ কৰি) মনোযোগ সহকাৰে খুতবা শ্ৰৱণ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উছমান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদ পুনৰ্ণিমান কৰিব বিচৰাত মানুহে বিষয়টোক অপছন্দ কৰিলে, আৰু তেওঁলোকে পছন্দ কৰিলে যে, মছজিদ আগৰ অৱস্থাতে থাকক। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে মছজিদ নিৰ্মাণ কৰে, আল্লাহে তাৰ বাবে জান্নাতত অনুৰূপ এখন ঘৰ নিৰ্মাণ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জুমুআৰ চালাত ত্যাগকাৰীসকলে যেন এই অভ্যাস পৰিত্যাগ কৰি দিয়ে, অন্যথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিব, ফলত সিহঁত অমনোযোগীসকলৰ অন্তৰ্ভুক্ত হৈ যাব।"
ছহীহ (মুছলিম)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
ছহীহ (মুছলিম)
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)