Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
"তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন অন্ধ লোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, হে আল্লাহৰ ৰাছুল! মোক মছজিদত লৈ আনিব পৰা কোনো মানুহ নাই। এতেকে সেই ব্যক্তিয়ে নিজৰ ঘৰত চালাত আদায় কৰিবলৈ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰিলে। ফলত তেখেতেও তেওঁক অনুমতি প্ৰদান কৰিলে। কিন্তু যেতিয়া তেওঁ উভতি যাবলৈ ধৰিলে, তেতিয়া তেখেতে তেওঁক মাতি ক’লে, ‘‘তুমি আজান শুনা পোৱানে?’’ তেওঁ ক’লে, ‘হয়, শুনা পাওঁ।’ তেখেতে ক’লে, ‘‘তেনেহ’লে তুমি সঁহাৰি দিয়া।’’ [অর্থাৎ মছজিদলৈ আহি চালাত আদায় কৰা।]
ছহীহ (মুছলিম)
জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে মুখ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰিলে আৰু এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা।" আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! আমি তেতিয়া আকাশৰ ফালে চাইছিলোঁ আকাশত কোনো মেঘ নাছিল, আনকি মেঘৰ কোনো টুকুৰাও নাছিল। ছালআ পৰ্বত আৰু আমাৰ মাজৰ ঠাইখিনিত কোনো ঘৰ দুৱাৰো নাছিল। হঠাৎ ছালআ পৰ্বতৰ পিছফালৰ পৰা ঢালৰ নিচিনা এটুকুৰা মেঘ আহিল, আৰু মাজ আকাশত আহি সেই মেঘ টুকুৰা প্ৰসাৰিত হৈ পৰিল। ইয়াৰ পিছত ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ল। আল্লাহৰ শপত! আমি ছয় দিনলৈকে সূৰ্য্য দেখা পোৱা নাছিলোঁ। ইয়াৰ পিছৰ জুমুআত সেই দুৱাৰেৰেই এজন ব্যক্তি সোমাই আহিল, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হৈ খুতবা দি আছিল। ব্যক্তিজনে তেখেতৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (ধাৰাসাৰ বৰষুণৰ কাৰণে) বাট-পথ বন্ধ হৈ পৰিছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাৰ পৰা এই বৰষুণ বন্ধ কৰে। আনাছে কৈছেঃ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা হাৱালাইনা অলা আলাইনা, আল্লাহুম্মা আলাল আকামি অজ্জিৰাব, অবুতূনিল আউদিয়াতি অমানাবিতিশ্ব শ্বাজাৰ।" আনাছে কৈছেঃ দুআৰ পিছতেই বৰষুণ বন্ধ হৈ গ'ল, আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ। (এই হাদীছটোৰ এজন বৰ্ণনাকাৰী) শ্বাৰীকে কৈছেঃ মই আনাছক সুধিছিলোঁ যে, এই ব্যক্তিজনেই সেইজন নেকি, যিয়ে প্ৰথম দিনা দুআ কৰিবলৈ কৈছিল? তেওঁ কৈছেঃ "মই নাজানো"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আৰম্ভ কৰিছিল, তেতিয়া তেখেতে উভয় হাত কান্ধ পৰ্যন্ত উত্তোলন কৰিছিল। এইদৰে যেতিয়া ৰূকুৰ বাবে তাকবীৰ দিছিল আৰু ৰূকুৰ পৰা মূৰ তুলিছিল তেতিয়াও সেইদৰেই হাত উত্তোলন কৰিছিল। লগতে তেখেতে কৈছিলঃ "ছামিআল্লাহু লিমান হামিদাহ, ৰাব্বানা অলাকাল হাম্দ।" কিন্তু ছাজদাৰ সময়ত তেখেতে ৰাফউল য়াদাইন (হাত উত্তোলন) কৰা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
"তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
হাছান (আবু দাঊদ)
"আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত নহয়।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।