Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সুস্পষ্টৰূপে সূৰ্য্য উদয় নোহোৱালৈকে মুচাল্লাৰ ওপৰতে বহি থাকিছিল। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে আৰু কৈছে যে, তেখেতে যি ঠাইত ফজৰৰ নামাজ অথবা প্ৰভাতৰ নামাজ আদায় কৰিছিল সেই ঠাইৰ পৰা তেতিয়ালৈকে উঠা নাছিল যেতিয়ালৈকে সূৰ্য্য সম্পূৰ্ণৰূপে উদয় হোৱা নাছিল। যেতিয়া সূৰ্য্য উদয় হৈছিল তেতিয়া তেখেতে তাৰ পৰা উঠিছিল। সেই সময়ছোৱাত অন্যান্য লোকসকলে অজ্ঞতা যুগত বিভিন্ন ঘটনাৱলী সম্পৰ্কে আলোচনা কৰিছিল। এইবোৰ আলোচনা কৰাৰ সময়ত তেওঁলোকে মাজে মাজে হাঁহিছিল, তেতিয়া তেখেতেও মিচিকিয়া হাঁহিছিল।
ছহীহ (মুছলিম)
আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"
ছহীহ (বুখাৰী)
"মানুহৰ কি হৈছে, সিহঁতে নামাজত কিয় আকাশৰ (ওপৰৰ) ফালে চাই থাকে।" তেখেতে এই কথা কঠোৰভাৱে কৈছিল। অৱশেষত তেখেতে কৈছেঃ "সিহঁতে এইটোৰ পৰা বিৰত থকা উচিত, অন্যথা সিহঁতৰ দৃষ্টি হৰণ হ'ব।"
ছহীহ (বুখাৰী)
উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এবাৰ ৰাতিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিছনাত নাপালোঁ। মই তেখেতক বিচাৰিবলৈ ধৰিলোঁ, হঠাৎ মোৰ হাতে তেখেতৰ দুয়ো ভৰিৰ তালুত স্পৰ্শ কৰিলে। তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় কৰোৱা আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ "আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। তোমাৰ শাস্তিৰ পৰা তোমাৰ শান্তি আৰু স্বস্তিৰ আশ্ৰয় বিচাৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ প্ৰশংসা হিচাপ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। তুমি সেইদৰেই প্ৰশংসাৰ যোগ্য যিদৰে তুমি তোমাৰ নিজৰ প্ৰশংসা কৰিছা।
ছহীহ (মুছলিম)
থিয় হৈ চালাত আদায় কৰা, যদি নোৱাৰা তেন্তে বহি আদায় কৰা, যদি বহিও নোৱাৰা তেন্তে কাতি হৈ শুই শুই আদায় কৰা।
ছহীহ (বুখাৰী)
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।"
হাছান (আবু দাঊদ)