Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 74 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আব্দুল্লাহ ইবনু জুবাইৰে প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, “লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়”। ইবনু জুবাইৰে কৈছে, “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত দুআটো প্রত্যেক চালাতৰ পাছত পাঠ কৰিছিল।”
ছহীহ (মুছলিম)
যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
"যি ব্যক্তিয়ে পুৱা-গধূলি মছজিদলৈ যায় আৰু যিমানবাৰ যায়, সিমান বাৰেই আল্লাহে তেওঁৰ বাবে জান্নাতত আপ্যায়ন সামগ্ৰী প্ৰস্তুত কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
জুমু‘আৰ দিনা ইমামে খুতবা দিয়াৰ সময়ত, যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈও কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দুয়ো কান্ধ খালি ৰাখি তোমালোকৰ মাজৰ কোনেও যেন এখন কাপোৰত নামাজ নপঢ়ে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সুস্পষ্টৰূপে সূৰ্য্য উদয় নোহোৱালৈকে মুচাল্লাৰ ওপৰতে বহি থাকিছিল। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে আৰু কৈছে যে, তেখেতে যি ঠাইত ফজৰৰ নামাজ অথবা প্ৰভাতৰ নামাজ আদায় কৰিছিল সেই ঠাইৰ পৰা তেতিয়ালৈকে উঠা নাছিল যেতিয়ালৈকে সূৰ্য্য সম্পূৰ্ণৰূপে উদয় হোৱা নাছিল। যেতিয়া সূৰ্য্য উদয় হৈছিল তেতিয়া তেখেতে তাৰ পৰা উঠিছিল। সেই সময়ছোৱাত অন্যান্য লোকসকলে অজ্ঞতা যুগত বিভিন্ন ঘটনাৱলী সম্পৰ্কে আলোচনা কৰিছিল। এইবোৰ আলোচনা কৰাৰ সময়ত তেওঁলোকে মাজে মাজে হাঁহিছিল, তেতিয়া তেখেতেও মিচিকিয়া হাঁহিছিল।
ছহীহ (মুছলিম)