Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 56 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ নিজৰ এনেকুৱা এজন শিশুকলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিজন এতিয়াও খোৱা-বোৱা কৰিব পৰা বয়সত উপনীত হোৱা নাছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে শিশুটোক নিজৰ কোলাত ল'লে। কিছু সময়ৰ ভিতৰতে শিশুটোৱে তেখেতৰ কাপোৰত প্ৰস্ৰাৱ কৰি দিলে। ইয়াৰ পিছত তেখেতে পানী আনিবলৈ দিলে আৰু সেই পানী তেখেতে কাপোৰত ছটিয়াই দিলে। তেখেতে সেই স্থানটো ধোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যদি পানীৰ পৰিমাণ দুই কুল্লাহ হয় তেন্তে সেই পানী নাপাক নহয়।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)