Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 41 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"
ছহীহ (মুছলিম)
আব্দুৰ ৰহমান বিন আউফৰ স্ত্ৰী উম্মে হাবীবাহ বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ধাৰাবাহিকভাৱে তেজ নিৰ্গত হোৱাৰ বিধান সম্পৰ্কে সুধিলে। তেতিয়া তেখেতে তেওঁক ক'লেঃ "ইতিপূৰ্বে যিমান দিন তোমাৰ হায়েজ হৈছিল সেই পৰিমাণ দিন তুমি অপেক্ষা কৰিবা, তাৰ পিছত গোছল কৰিবা।" এতেকে ইয়াৰ পিছত তেওঁ প্ৰত্যেক নামাজৰ সময়তে গোছল কৰিছিল।
ছহীহ (মুছলিম)
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।
ছহীহ (মুছলিম)
যিয়ে উত্তমৰূপে ভালকৈ অজু কৰে, তাৰ শৰীৰৰ পৰা পাপ সৰি পৰে। আনকি আঙুলিৰ নখৰ তলৰ পৰাও ওলাই আহে।
ছহীহ (মুছলিম)
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে (ফৰজ) গোছলৰ পানী ৰাখিলোঁ, আৰু এটা কাপোৰেৰে পৰ্দা কৰি দিলোঁ। তেখেতে দুয়ো হাতৰ ওপৰত পানী ঢালি দুয়ো হাত ধুই ল’লে। তাৰ পিছত সোঁহাতেৰে বাওঁহাতত পানী ঢালি লজ্জাস্থান ধুই ল’লে। ইয়াৰ পাছত মাটিত হাত ঘঁহি পৰিষ্কাৰ কৰিলে আৰু তাৰ পিছত ধুই ল’লে। ইয়াৰ পাছত কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। তাৰ পাছত মুখমণ্ডল ধুলে আৰু দুয়ো বাহু ধুই ল’লে। ইয়াৰ পিছত মূৰত পানী ঢালিলে আৰু সম্পূৰ্ণ শৰীৰত পানী ঢালিলে। তাৰ পাছত অকণমান আঁতৰি গৈ দুয়ো ভৰি ধুই ল’লে। ইয়াৰ পিছত (শৰীৰ মচিবলৈ) মই এখন কাপোৰ আনি দিলোঁ কিন্তু তেখেতে গ্ৰহণ নকৰিলে। আনকি তেখেতে হাতেৰে শৰীৰৰ পানী জোকাৰি পেলাই আগবাঢ়ি গ'ল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজনে অজু কৰিলে আৰু ভৰিত নখৰ সমান ঠাই নোধোৱাকৈ এৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেয়া দেখি ক'লেঃ "উভতি যোৱা আৰু ভালকৈ অজু কৰি আহা।" তাৰ পিছত সেই ব্যক্তিজন উভতি গ'ল আৰু (ভালকৈ অজু কৰি) আহি নামাজ পঢ়িলে।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (মুছলিম)