যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাল সপোন দেখা পায়, যিটোক তেওঁ পছন্দ কৰে, সেই সপোন হৈছে আল্লাহৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ বাবে তেওঁ আল্লাহৰ প্ৰশংসা কৰা উচিত আৰু সেইটো বৰ্ণনা কৰা উচিত। আনহাতে ইয়াৰ বিপৰীতে যদি কোনো বেয়া সপোন দেখে, যিটোক তেওঁ অপছন্দ কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এতেকে এনেকুৱা সপোনৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, লগতে এনেকুৱা সপোনৰ বিৱৰণ কাকো দিব নালাগে। ই তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।"
«إِذَا رَأَى أَحَدُكُمُ الرُّؤْيَا يُحِبُّهَا فَإِنَّهَا مِنَ اللَّهِ، فَلْيَحْمَدِ اللَّهَ عَلَيْهَا وَلْيُحَدِّثْ بِهَا، وَإِذَا رَأَى غَيْرَ ذَلِكَ مِمَّا يَكْرَهُ، فَإِنَّمَا هِيَ مِنَ الشَّيْطَانِ، فَلْيَسْتَعِذْ مِنْ شَرِّهَا، وَلاَ يَذْكُرْهَا لِأَحَدٍ، فَإِنَّهَا لَنْ تَضُرَّهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা। সেয়ে তেখেতে উপদেশ দিছে যে, ইয়াৰ বাবে আল্লাহৰ প্ৰশংসা কৰা উচিত, আৰু প্ৰিয়জনৰ ওচৰত বৰ্ণনা কৰা উচিত। পক্ষান্তৰে বেয়া সপোন, যিটোক মানুহে অপছন্দ কৰে তথা যি সপোনে মানুহক চিন্তিত কৰে, তেনেকুৱা সপোন হৈছে চয়তানৰ ফালৰ পৰা। এনেকুৱা সপোনৰ অনিষ্টতাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। লগতে এনেকুৱা সপোনৰ বিষয়ে কাকো ক'ব নালাগে। এনেকুৱা কৰিলে সেই সপোনে তাক কোনো ক্ষতি কৰিব নোৱাৰিব, কাৰণ ইয়াৰ অনিষ্টতাৰ পৰা ৰক্ষা পাবলৈ কাকো বৰ্ণনা নকৰাটোকে আল্লাহে ইয়াৰ পৰা সুৰক্ষিত থকাৰ অন্যতম মাধ্যম বনাইছে।
সপোনৰ প্ৰকাৰঃ ১- ভাল সপোন। ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা সুসংবাদ আৰু সত্য সপোন, যিটো আল্লাহে দেখুৱায়। ২- মনৰ কথা, যিটো মানুহে জাগ্ৰত অৱস্থাত নিজৰ সৈতে আলোচনা কৰে। ৩- চয়তানে দিয়া হতাশা আৰু ভয়, আৰু এইবোৰৰ দ্বাৰা চয়তানে আদম সন্তানক দুখী কৰিবলৈ চেষ্টা কৰে।
ভাল সপোন সম্পৰ্কীয় আলোচনাৰ সাৰাংশ হৈছে এই তিনিটা বিষয়: ইয়াৰ বাবে আল্লাহৰ প্ৰশংসা কৰিব লাগে, ইয়াৰ ওপৰত সুখী হ'ব লাগে, আৰু ভাল সপোন সেইসকল লোকৰ সৈতে আলোচনা কৰিব লাগে, যাক তেওঁ ভাল পায়, কিন্তু যাক অপছন্দ কৰে তাৰ সৈতে নহয়।
বেয়া সপোনৰ নিয়ম-নীতিৰ সাৰাংশ হৈছে এই পাঁচটা বিষয়ঃ ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। লগতে চয়তানৰ অনিষ্টৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। টোপনিৰ পৰা উঠি বাওঁফালে তিনিবাৰ থু পেলাব লাগে। এনেকুৱা সপোনৰ বিষয়ে কাৰো ওচৰত বৰ্ণনা দিব নালাগে। লগতে পুনৰ শুবলগলীয়া হ'লে কাতি সলাই শুব লাগে। এইখিনি পালন কৰিলে সেই সপোনৰ দ্বাৰা কোনো ক্ষতি নহ'ব।
ইবনে হাজাৰে কৈছে: ভাল সপোন প্ৰিয়জনৰ বাহিৰে বেলেগক ক'ব নালাগে, ইয়াৰ হিকমত (তত্ত্ব) হৈছে এই যে, যদি তেওঁ এনেকুৱা ব্যক্তিৰ আগত সেই সপোন ব্যক্ত কৰে যাক তেওঁ পছন্দ নকৰে, সেই ব্যক্তিয়ে হয়তো বিদ্বেষবশতঃ বা ঈৰ্ষাৰ ফলত তেওঁক অপছন্দনীয় ব্যাখ্যা দিব পাৰে। ইয়াৰ ফলত সেই সপোনটো সেই ধৰণেই প্ৰতিফলিত হ’ব পাৰে অথবা তেওঁৰ আত্মা দুখ কষ্ট আৰু চিন্তা অনুভৱ কৰিব পাৰে। সেই কাৰণে এনেকুৱা কোনো ব্যক্তিৰ ওচৰত সপোনৰ বৰ্ণনা দিয়া উচিত নহয়, যাক তেওঁ অপছন্দ কৰে।
যেতিয়াই কোনো নিয়ামত অৰ্জন হয়, তথা বৰকত লাভ হয় তেতিয়াই আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। ইয়াৰ ফলত সেই নিয়ামত সদায় লাভ হ'ব।
ছহীহ বুখাৰী (9/ 43) (7045).
অধিক (10)
كنوز رياض الصالحين.
لمجموعة من الباحثين (11/ 181).
شرح رياض الصالحين.
لابن عثيمين (4/ 370).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص510).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 124).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 657).