Skip to content

, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।

উবাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়ে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তেওঁৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু ঈছা (আলাইহিচ্ছালাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, লগতে ঈছা হৈছে তেওঁৰ কলিমা যিটো তেওঁ মাৰয়ামৰ প্ৰতি অৰ্পন কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। জান্নাত সত্য আৰু জাহান্নাম সত্য, সেই ব্যক্তিক আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাব তাৰ আমল যেনেকুৱাই নহওক কিয়।

«مَنْ شَهِدَ أَنْ لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، وَأَنَّ عِيسَى عَبْدُ اللهِ وَرَسُولُهُ وَكَلِمَتُهُ أَلْقَاهَا إِلَى مَرْيَمَ وَرُوحٌ مِنْهُ، وَالْجَنَّةُ حَقٌّ، وَالنَّارُ حَقٌّ، أَدْخَلَهُ اللهُ الْجَنَّةَ عَلَى مَا كَانَ مِنَ الْعَمَلِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যি ব্যক্তিয়ে কলিমা তাওহীদৰ অৰ্থ জানি-বুজি আৰু ইয়াৰ উদ্দেশ্যৰ প্ৰতি আমল কৰি স্বীকাৰ কৰিব তথা উচ্চাৰণ কৰিব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু ঈছা আলাইহিচ্ছালামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি সাক্ষ্য দিব, লগতে এই সাক্ষ্য দিব যে, আল্লাহে "কুন كن" শব্দৰ জৰিয়তে ঈছাক সৃষ্টি কৰিছিল, তথা তেওঁ আছিল আল্লাহে সৃষ্টি কৰা এটা ৰূহ। ইয়াহুদীসকলে তেওঁৰ মাতৃৰ প্ৰতি যিবোৰ আৰোপ কৰিছিল, সেইবোৰৰ লগত তেওঁৰ মাতৃৰ কোনো সম্পৰ্ক নাই। লগতে এই বিশ্বাস পোষণ কৰিব যে, জান্নাত সত্য আৰু জাহান্নামো সত্য। এই দুয়োখনৰ অস্তিত্ব আছে, আৰু এই দুখন হৈছে আল্লাহৰ নিআমত আৰু শাস্তি। এতেকে যিয়ে এই স্বীকাৰোক্তিৰ ওপৰত মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও তাৰ নেক আমলৰ পৰিমাণ কম থাকে আৰু গুনাহো থাকে।

শব্দাৰ্থ

لا إله إلا الله: لا معبود بحق إلا الله.

ألقاها إلى مريم: أرسل بها جبريل إليها فنفخ فيها من روحه بإذن الله عز وجل.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মহান আল্লাহে ঈছা আলাইহিচ্ছালামক (كن) শব্দৰ দ্বাৰা পিতৃ নোহোৱাকৈয়ে সৃষ্টি কৰিছে।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ঈছা আলাইহিচ্ছালাম দুয়োজনেই হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। তেওঁলোক দুয়োজনেই আছিল ৰাছুল, গতিকে তেওঁলোকক অস্বীকাৰ কৰা নাযাব, আনহাতে দুয়োজনেই হৈছে আল্লাহৰ বান্দা, গতিকে তেওঁলোকক উপাসনা কৰাও নাযাব।

হাদীছটোত তাওহীদৰ ফজীলত বৰ্ণিত হৈছে আৰু ইয়াৰ ফলত গুনাহ মাফ হয়। তাওহীদ স্বীকাৰকাৰী ব্যক্তিৰ শেষ ঠিকনা হৈছে জান্নাত, যদিও তাৰ দ্বাৰা কিছুমান গুনাহ হয়।

সম্পাদক

ছহীহ বুখাৰী (4/ 165) (3435).

ছহীহ মুছলিম (1/ 57) (28).

অধিক (4)

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص25).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص36).