কাবীৰাহ গোনাহ হৈছে: আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতা-মাতাৰ সৈতে অবাধ্যাচৰণ কৰা, কাৰোবাক হত্যা কৰা আৰু মিছা শপত খোৱা।
আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
কাবীৰাহ গোনাহ হৈছে: আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতা-মাতাৰ সৈতে অবাধ্যাচৰণ কৰা, কাৰোবাক হত্যা কৰা আৰু মিছা শপত খোৱা।
«الْكَبَائِرُ: الْإِشْرَاكُ بِاللهِ، وَعُقُوقُ الْوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَالْيَمِينُ الْغَمُوسُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান গুনাহৰ কথা উল্লেখ কৰিছে, যিবোৰক কবীৰাহ গুনাহ বুলি কোৱা হয়। কাৰণ এনেকুৱা গুনাহকাৰীৰ বিষয়ে দুনিয়া আৰু আখিৰাতত কঠোৰ শাস্তিৰ সতৰ্কবাণী দিয়া হৈছে। তাৰে প্ৰথমটো হৈছে "আল্লাহৰ সৈতে শ্বিৰ্ক কৰা"। অৰ্থাৎ যিকোনো প্ৰকাৰৰ ইবাদত আল্লাহৰ বাহিৰে আন কাৰো বাবে কৰা, আৰু আল্লাহৰ বিশেষত্বৰ সৈতে আন কাৰোবাক সমতুল্য কৰা, উলুহিয়্যাততে হওক বা ৰুবুবিয়্যতত নাইবা আচমা অচিফাতত। দ্বিতীয়টো হৈছে, “পিতৃ-মাতৃৰ সৈতে অবাধ্য আচৰণ কৰা”। অৰ্থাৎ, পিতৃ-মাতৃৰ সৈতে বা তেওঁলোকৰ যিকোনো এজনৰ সৈতে এনেকুৱা কোনো আচৰণ কৰা যিটোৱে তেওঁলোকক কষ্ট দিয়ে। এইদৰে তেওঁলোকৰ অধিকাৰ আদায় নকৰাটোও অবাধ্য আচৰণৰ অন্তৰ্ভুক্ত। তৃতীয়টো হৈছে, "কাৰোবাক হত্যা কৰা"। উচিত কাৰণ নোহোৱাকৈ, অৰ্থাৎ অন্যায়ভাৱে বা সীমালংঘন কৰি। চতুৰ্থটো হৈছে, মিছা শপত খোৱা। অৰ্থাৎ জানি বুজি মিছা শপত খোৱা। আৰবীত ইয়াক য়ামীনে গামূছ বোলে। গামূছ শব্দৰ অৰ্থ হৈছে ডুবি যোৱা। এই নাম দিয়াৰ কাৰণ হৈছে, মিছা শপত খোৱা ব্যক্তি পাপকৰ্মত অথবা জাহান্নামৰ জুইত ডুবি যাব, কাৰণ সি জানি বুজি মিছা শপত খাইছিল।
...:
জানি বুজি মিছা শপত খোৱাৰ কোনো কাফ্ফাৰা নাই। কাৰণ ই অতি ভয়ানক অপৰাধ। কিন্তু যদি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে তাওবা কৰে তেন্তে সেইটো সুকীয়া বিষয়।
কাবীৰাহ গুনাহ বৰ্ণনাৰ ক্ষেত্ৰত কেৱল এই চাৰিটাৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, ইয়াৰ গুনাহ অতি ভয়াৱহ। ইয়াৰ দ্বাৰা কাবীৰাহ গুনাহক সীমাবদ্ধ কৰা হোৱা নাই।
গুনাহক দুই ভাগত বিভক্ত কৰিছে, চাগীৰাহ (সৰু) আৰু কাবীৰাহ (ডাঙৰ) গুনাহ। সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বোলে, যিবোৰ গুনাহৰ বাবে পৃথিৱীতে শাস্তি নিৰ্ধাৰিত আছে, যেনে- সীমালংঘন আৰু অভিশাপ (كالحدود واللعن), অথবা আখিৰাতত শাস্তি হব বুলি সকীয়াই দিয়া হৈছে, যেনে- জাহান্নামত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। কাবীৰাহ গুনাহৰো স্তৰ আছে, কিছুমান গুনাহ আন কিছুমানতকৈ অধিক কঠোৰ। কাবীৰাহ গুনাহৰ বাহিৰে সকলো গুনাহেই হৈছে চাগীৰাহ গুনাহ।
ছহীহ বুখাৰী (8/ 137) (6675).
অধিক (7)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 408).
رياض الصالحين للنووي (ص125) (337).
كنوز رياض الصالحين.
لمجموعة من الباحثين (5/ 610).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص964).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (7)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«الكَبَائِرُ: الإشْرَاكُ بِالله، وَعُقُوقُ الْوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَالْيَمِينُ الْغَموسُ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 8«الْكَبَائِرُ: الإشْرَاكُ بِالله، وَعُقُوقُ الْوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَالْيَمِينُ الْغَمُوسُ».
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«الإِشْرَاكُ بِاللَّهِ، وَعُقُوقُ الوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَشَهَادَةُ الزُّورِ» [118].
- قاموس الكبائر«الإِشْرَاكُ بِاللَّهِ، وَعُقُوقُ الوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَشَهَادَةُ الزُّورِ» [118].
- قاموس الكبائرموسوعة الكبائر - المجموعة الخامسة«الْإِشْرَاكُ بِاللَّهِ، وَعُقُوقُ الْوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَشَهَادَةُ الزُّورِ»
- قاموس الكبائرموسوعة الكبائر - المجموعة الخامسة«الْكَبَائِرُ: الْإِشْرَاكُ بِاللَّهِ، وَعُقُوقُ الْوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَالْيَمِينُ الْغَمُوسُ»
- نبراس طالب (5)1«الكَبَائِرُ: الإِشْرَاكُ بِاللهِ، وَعُقُوقُ الوَالِدَيْنِ، وَقَتْلُ النَّفْسِ، وَاليَمِينُ الغَمُوسُ»