যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"
«سَبْعَةٌ يُظِلُّهُمُ اللَّهُ تَعَالَى فِي ظِلِّهِ يَوْمَ لاَ ظِلَّ إِلَّا ظِلُّهُ: إِمَامٌ عَدْلٌ، وَشَابٌّ نَشَأَ فِي عِبَادَةِ اللَّهِ، وَرَجُلٌ قَلْبُهُ مُعَلَّقٌ فِي المَسَاجِدِ، وَرَجُلاَنِ تَحَابَّا فِي اللَّهِ، اجْتَمَعَا عَلَيْهِ وَتَفَرَّقَا عَلَيْهِ، وَرَجُلٌ دَعَتْهُ امْرَأَةٌ ذَاتُ مَنْصِبٍ وَجَمَالٍ فَقَالَ: إِنِّي أَخَافُ اللَّهَ، وَرَجُلٌ تَصَدَّقَ بِصَدَقَةٍ فَأَخْفَاهَا حَتَّى لاَ تَعْلَمَ شِمَالُهُ مَا تُنْفِقُ يَمِينُهُ، وَرَجُلٌ ذَكَرَ اللَّهَ خَالِيًا، فَفَاضَتْ عَيْنَاهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাত প্ৰকাৰ মুমিন ব্যক্তিক সুসংবাদ দিছে যে, আল্লাহে তেওঁলোকক সেইদিনা তেওঁৰ আৰচৰ ছাঁৰ তলত আশ্ৰয় দিব, যিদিনা তেওঁৰ সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। প্ৰথমঃ ন্যায়পৰায়ণ শাসক, যিজন সৰ্বোচ্চ কৰ্তৃত্বৰ অধিকাৰী, যিজন পাপকৰ্মত লিপ্ত নাথাকে। নাগৰিকৰ প্ৰতি ন্যায়-নীতি অৱলম্বন কৰে, অন্যায় নকৰে। এইদৰে প্ৰত্যেক সেই ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত, যিয়ে মুছলিম সমাজৰ কিবা দায়িত্বত থাকে আৰু ন্য়ায় নীতি অৱলম্বন কৰে। দ্বিতীয়ঃ এনেকুৱা যুৱক, যিয়ে নিজকে আল্লাহৰ ইবাদতৰ মাধ্যমত গঢ়ি তোলে, তথা নিজৰ যৌৱন আৰু সক্ৰিয়তা আল্লাহৰ ইবাদতত ব্যয় কৰে। অৱশেষত এই পথতে তাৰ মৃত্যু হয়। তৃতীয়ঃ এনেকুৱা ব্যক্তি, যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। মছজিদৰ পৰা যেতিয়া তেওঁ ওলাই যায়, যিমান সোনকালে পাৰে পুনৰ মছজিদলৈ গুচি আহে, কাৰণ মছজিদৰ সৈতে তেওঁৰ গভীৰ মুহাব্বত আছে, তেওঁৰ অন্তৰ যেনিবা মছজিদত ওলমি থাকে, যদিও কাৰণবশতঃ তেওঁৰ শৰীৰ বাহিৰলৈ যায়। চতুৰ্থঃ এনেকুৱা দুজন ব্যক্তি, যিসকলে ইজনে সিজনক কেৱল আল্লাহৰ ওৱাস্তে ভাল পায়। লগতে দ্বীনি কাৰণতেই এই মুহাব্বতত অটল থাকে। দুনিয়াৱী কোনো কাৰণতে এই বন্ধুত্ব ছিন্ন নকৰে। বাস্তৱত তেওঁলোকে সাক্ষাৎ কৰক বা নকৰক। অৱশেষত মৃত্যুৱে তেওঁলোকক পৃথক কৰি দিয়ে। পঞ্চমঃ এনেকুৱা ব্যক্তি যাক এজনী ৰূপৱতী, উচ্চ বংশীয়, সম্ভ্ৰান্ত, ঐশ্বৰ্যশীল নাৰীয়ে অশ্লীল কাৰ্য্য কৰিবলৈ প্ৰস্তাৱ দিয়ে, আৰু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে, লগতে তেওঁ এই বুলি কয় যে, মই আল্লাহক ভয় কৰোঁ। ষষ্ঠঃ এনেকুৱা ব্যক্তি, যিয়ে কম হওক বা বেছি, দান কৰিলে সেই দান মানুহক দেখুৱাবলৈ নকৰে, বৰং গোপনে কৰে। আনকি তেওঁৰ সোঁ হাতে কি দান কৰিছে সেয়া তেওঁৰ বাওঁ হাতেও গম নাপায়। সপ্তমঃ এনেকুৱা ব্যক্তি যিয়ে নিৰ্জনতাত আল্লাহক অন্তৰেৰে স্মৰণ কৰে অথবা মৌখিকভাৱে জিকৰ-আজকাৰ পাঠ কৰে আৰু আল্লাহৰ ভয়ত তেওঁৰ দুয়ো চকুৰে অশ্ৰু নিগৰি পৰে।
হাদীছটোত উক্ত সাত প্ৰকাৰ লোকৰ ফজীলত বৰ্ণিত হৈছে। লগতে এনেকুৱা আদৰ্শ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
ইবনু হাজাৰে কৈছেঃ হাদীছটোত বৰ্ণিত (في ظله) এই শব্দটোৰ দ্বাৰা আল্লাহৰ আৰচৰ ছাঁক বুজোৱা হৈছে। ছাঈদ বিন মানচুৰে হাছান সূত্ৰত ছালমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰা হাদীছে এই কথাটোকে প্ৰমাণ কৰে। তাত আছে যে, "আল্লাহে সাত প্ৰকাৰ লোকক তেওঁৰ আৰচৰ ছাঁৰ তলত আশ্ৰয় প্ৰদান কৰিব।"
ইবনে হাজাৰে কৈছেঃ আদিল বা ন্যায়পৰায়ণৰ উত্তম ব্যাখ্যা হৈছে এইটো যে, যিয়ে আল্লাহৰ আদেশ পালন কৰি প্ৰতিটো বস্তুক যথা স্থানত স্থান দিয়ে, সীমালংঘনো নকৰে আৰু অৱহেলাও নকৰে। ইয়াক প্ৰথমে উল্লেখ কৰাৰ কাৰণ হৈছে, ইয়াৰ উপকাৰিতা ব্যাপক।
এটা নামাজৰ পিছত আনটো নামাজৰ বাবে অপেক্ষা কৰাৰ ফজীলত।
ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত আল্লাহৰ ওৱাস্তে মুহাব্বত কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু ইয়াৰ মহা ফজীলত বৰ্ণিত হৈছে।
সম্ভ্ৰান্ত, ৰূপৱতী আৰু ঐশ্বৰ্যশীল নাৰীৰ কথা এই কাৰণে উল্লেখ কৰা হৈছে যে, কাৰণ এনেকুৱা নাৰীক পাবলৈ মানুহৰ মনত অধিক ইচ্ছা থাকে, তথা তাইক পাবলৈ আপ্ৰাণ চেষ্টা কৰে। অথচ এনেকুৱা নাৰী পোৱাটো বৰ কঠিন।
সৰ্বোত্তম চাদাক্বাহ হৈছে গোপনে কৰা চাদাক্বাহ। যিটো মানুহক দেখুৱাবলৈ কৰা নহয়। যদিও ৰিয়াৰ পৰা মুক্ত হৈ বেলেগক উৎসাহিত কৰিবলৈ প্ৰকাশ্যভাৱে দান খয়ৰাত কৰাটো বৈধ, যাতে মানুহে তাক দেখি দান খয়ৰাত কৰে। লগতে যাতে ইছলামৰ বিধি-বিধানবোৰ সকলোৱে গম পায়।
এই সাত প্ৰকাৰ লোকে এই নিয়ামত লাভ কৰিব কেৱল আল্লাহৰ বাবে ইখলাচ (নিষ্ঠা) অৱলম্বন কৰাৰ কাৰণে, আৰু নিজৰ প্ৰবৃত্তিৰ বিপৰীতে আমল কৰাৰ কাৰণে।
হাদীছটোত কোৱা হৈছে যে, আল্লাহে সাত প্ৰকাৰ লোকক তেওঁৰ আৰচৰ ছাঁৰ তলত আশ্ৰয় দান কৰিব। ইয়াৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে, তাত কেৱল এই সাত প্ৰকাৰ লোককে আশ্ৰয় দিয়া হ'ব। বৰং ইয়াৰ বাহিৰেও এনেকুৱা কিছুমান লোকক আশ্ৰয় দান কৰা হ'ব, যিসকলৰ বিষয়ে ইয়াত উল্লেখ কৰা হোৱা নাই। আল্লাহে তেওঁলোককো আৰচৰ ছাঁৰ তলত আশ্ৰয় দান কৰিব।
ইবনে হাজাৰে কৈছেঃ হাদীছটোত কেৱল পুৰুষসকলকে নিৰ্দিষ্ট কৰা হোৱা নাই, বৰং নাৰী পুৰুষ উভয়ে এই ক্ষেত্ৰত প্ৰযোজ্য। কেৱল ন্যায়পৰায়ণ শাসকৰ বিষয়টো ব্যতিক্ৰম, কিয়নো যদি ইয়াৰ দ্বাৰা ক্ষমতাৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত শাসকক বুজোৱা হয়, তেনেক্ষেত্ৰত নাৰী ইয়াৰ অন্তৰ্ভুক্ত নহয়। আনহাতে সেই নাৰীও ইয়াৰ অন্তৰ্ভুক্ত যিয়ে নিজৰ কৰ্মৰ ক্ষেত্ৰত অথবা পৰিয়ালৰ লালন-পালনৰ ক্ষেত্ৰত ন্যায় নীতি অৱলম্বন কৰে। এইদৰে মছজিদৰ বিষয়টোতো নাৰী অন্তৰ্ভুক্ত নহয়, কিয়নো নাৰীসকলৰ বাবে মছজিদতকৈ ঘৰতে নামাজ পঢ়াটো উত্তম। বাকী সকলো ক্ষেত্ৰতে নাৰীসকল সমানেই অংশীদাৰ। আনকি কোনো নাৰীক যদি কোনো গাভৰু যুৱক ৰজাই অশ্লীল কৰ্মৰ প্ৰস্তাৱ দিয়ে আৰু তাই যদি আসক্তি থকা সত্ত্বেও এই কথা কৈ নাকচ কৰে যে, মই আল্লাহক ভয় কৰোঁ তেন্তে তেৱোঁ ইয়াৰ অন্তৰ্ভুক্ত।
ছহীহ বুখাৰী (2/ 111) (1423).
ছহীহ মুছলিম (2/ 715) (1031).
অধিক (1)
إرشاد الساري لشرح صحيح البخاري (3/ 24).
গ্ৰন্থসমূহত উল্লেখিত
9 গ্ৰন্থসমূহঅধিক (9)
- الخطب المنبرية موسوعة الخطب المنبرية (القسم الثاني)«سَبْعَةٌ يُظِلُّهُمُ اللَّهُ فِي ظِلِّهِ يَوْمَ لَا ظِلَّ إِلَّا ظِلُّهُ»،
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«سَبْعَةٌ يُظِلُّهُمُ اللَّهُ تَعَالَى فِي ظِلِّهِ يَوْمَ لاَ ظِلَّ إِلَّا ظِلُّهُ: إِمَامٌ عَدْلٌ، وَشَابٌّ نَشَأَ فِي عِبَادَةِ اللَّهِ، وَرَجُلٌ قَلْبُهُ مُعَلَّقٌ فِي المَسَاجِدِ، وَرَجُلاَنِ تَحَابَّا فِي اللَّهِ، اجْتَمَعَا عَلَيْهِ و
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«سَبْعَةٌ يُظِلُّهُمُ اللَّهُ تَعَالَى فِي ظِلِّهِ يَوْمَ لَا ظِلَّ إِلَّا ظِلُّهُ: إِمَامٌ عَدْلٌ، وَشَابٌّ نَشَأَ فِي عِبَادَةِ اللَّهِ، وَرَجُلٌ قَلْبُهُ مُعَلَّقٌ فِي المَسَاجِدِ، وَرَجُلَانِ تَحَابَّا فِي اللَّهِ، اجْتَمَعَا عَلَيْهِ و
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“سبعة يظلهم الله تعالى في ظله يوم لا ظل إلا ظله: إمام عدل، وشاب نشأ في عبادة الله، ورجل قلبه معلق في المساجد...”.
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“سبعة يظلهم الله في ظله يوم لا ظل إلا ظله” وذكر منهم: “ورجل تصدق بصدقة فأخفاها حتى لا تعلم شماله ما تنفق يمينه”.
- مادة العقيدة الإسلامية(سبعة يظلهم الله في ظله يوم لا ظل إلا ظله، إمام عادل، وشاب نشأ في عبادة الله، ورجل قلبه معلق في المساجد، ورجلان تحابا في الله اجتمعا عليه وافترقا عليه، ورجل دعته امرأة ذات منصب وجمال فقال: إني أخاف الله، ورجل تصدق بصدقةٍ فأخفاها حتى لا تعلم
- مشروع منهاج زادكزادك 1 طالب«سَبْعَةٌ يُظِلُّهُمُ اللهُ فِي ظِلِّهِ يَوْمَ لَا ظِلَّ إِلَّا ظِلُّهُ: الْإِمَامُ الْعَادِلُ، وَشَابٌّ نَشَأَ بِعِبَادَةِ اللهِ، وَرَجُلٌ قَلْبُهُ مُعَلَّقٌ فِي الْمَسَاجِدِ، وَرَجُلَانِ تَحَابَّا فِي اللهِ اجْتَمَعَا عَلَيْهِ وَتَفَرَّقَ
- مشروع منهاج زادكزادك 1 طالب«رَجُلٌ تَصَدَّقَ بِصَدَقَةٍ فَأَخْفَاهَا حَتَّى لَا تَعْلَمَ شِمَالُهُ مَا تُنْفِقُ يَمِينُهُ».
- نبراس طالب (2)نبراس طالب (2) «سبعةٌ يُظِلُّهم اللهُ في ظِلِّه يومَ لا ظلَّ إلَّا ظلُّه: ... ورجُلٌ تصَدَّقَ بصَدَقةٍ فأَخفاها حتى لا تعلَمَ شِمالُه ما تُنفِقُ يَمينُه»