Skip to content

এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।"

«تُقْطَعُ اليَدُ فِي رُبُعِ دِينَارٍ فَصَاعِدًا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ বেছি পৰিমাণৰ কোনো বস্তু চুৰি কৰিলে চোৰৰ হাত কৰ্তন কৰা হ'ব। অৰ্থাৎ ইয়াৰ মূল্য হৈছে ১.০৬ গ্ৰাম সোণৰ সমপৰিমাণ মূল্য।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চুৰি কাৰ্য হৈছে কবীৰাহ গুনাহ তথা মহাপাপ।

মহান আল্লাহে চোৰৰ শাস্তিৰ বাবে বিধান নিৰ্ধাৰণ কৰিছে। সেয়া হৈছে যে, চোৰৰ হাত কৰ্তন কৰা হ'ব। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া হৈছে সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি।" (ছুৰা আল-মায়িদাহঃ ৩৮) হাদীছত হাত কৰ্তনৰ চৰ্তসমূহ স্পষ্টভাৱে বৰ্ণিত হৈছে।

হাতৰ দ্বাৰা ইয়াত হাতৰ মণিবদ্ধলৈকে বুজোৱা হৈছে। অৰ্থাৎ হাতৰ সৰু গাঁঠিলৈকে কৰ্তন কৰা হ'ব।

চোৰৰ হাত কৰ্তনৰ অন্যতম এটা হিকমত হৈছে এই যে, যাতে মানুহৰ সম্পদ সুৰক্ষিত থাকে, আৰু আনৰ ওপৰত হোৱা অন্যায়-অত্যাচাৰ বন্ধ হয়।

এক দীনাৰ হৈছে এক মিছকালৰ সমান। বৰ্তমান সময়ত এইটো হৈছে ৪.২৫ গ্ৰাম ২৪ কেৰেট সোণৰ সমান। এতেকে এক চতুৰ্থাংশ দীনাৰ হৈছে এক গ্ৰামতকৈ অকণমান বেছি।

সম্পাদক

ছহীহ বুখাৰী (8/ 160) (6789).

ছহীহ মুছলিম (3/ 1312) (1684).

অধিক (5)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (2/ 125).

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام.

(ص665).