আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে। তেখেতে কৈছেঃ তেতিয়া আল্লাহৰ আৰচ আছিল পানীৰ ওপৰত।
«كَتَبَ اللهُ مَقَادِيرَ الْخَلَائِقِ قَبْلَ أَنْ يَخْلُقَ السَّمَاوَاتِ وَالْأَرْضَ بِخَمْسِينَ أَلْفَ سَنَةٍ، قَالَ: وَعَرْشُهُ عَلَى الْمَاءِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই সংবাদ দিছে যে, আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পঞ্চাচ হাজাৰ বছৰ আগতেই আল্লাহে সকলো সৃষ্টিৰ ভাগ্য বিতংভাৱে লিপিবদ্ধ কৰিছে লাওহে মাহফুজত, যেনে- সিহঁতৰ জীৱন, মৰণ, জীৱিকা আদি। মহান আল্লাহে যিটো ফয়চালা কৰিছে সেইমতেই সংঘটিত হৈ আছে। এতেকে সংঘটিত হ'বলগীয়া প্ৰতিটো বস্তুৱেই আল্লাহৰ সিদ্ধান্ত অনুযায়ী আৰু তেওঁৰ নিৰ্ধাৰণ অনুপাতে হয়। এতেকে বান্দাই যিটো লাভ কৰিছে সেইটো সি নোপোৱাৰ কোনো প্ৰশ্নই নুঠে, আৰু যিটো সি পোৱা নাই সেইটো সি নাপাবলগীয়াই আছিল।
...:
তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।
কদৰ কোৱা হয়ঃ আল্লাহে তেওঁৰ সৃষ্টিৰ সকলো বিষয় সম্পৰ্কে অৱগত, তথা সিহঁতৰ ইচ্ছা অনিচ্ছা আদি সকলো তথ্য তেওঁ লিপিবদ্ধ কৰি ৰাখিছে।
এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বেই ভাগ্য লিপিবদ্ধ কৰিছে। এই ঈমানে সন্তুষ্টি আৰু আত্মসমৰ্পন কৰিবলৈ শিকায়।
আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বে ৰহমানৰ আৰচ পানীৰ ওপৰত আছিল।
ছহীহ মুছলিম (4/ 2044) (2653).
অধিক (2)
إكمال المعلم (8/141).
البحر المحيط الثجاج (41/450).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«كَتَبَ اللهُ مَقَادِيرَ الخَلَائِقِ قَبْلَ أَنْ يَخْلُقَ السَّمَاوَاتِ وَالأَرْضَ بِخَمْسِينَ أَلْفَ سَنَةٍ، وَعَرْشُهُ عَلَى المَاءِ»
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)التربية الإٍسلامية -3- «كَتَبَ الله مَقَادِيرَ الْخَلائِقِ قَبْلَ أَنْ يَخْلُقَ السَّمَاوَاتِ وَالأَرْضَ بِخَمْسِينَ أَلْفَ سَنَةٍ».
- مجموعة زاد الحديث(3)1«كَتَبَ الله مَقَادِيرَ الْخَلَائِقِ قَبْلَ أَنْ يَخْلُقَ السَّمَاوَاتِ وَالْأَرْضَ بِخَمْسِينَ أَلْفَ سَنَةٍ».
- موسوعة الإيمان«كَتَبَ اللهُ مَقَادِيرَ الْخَلَائِقِ قَبْلَ أَنْ يَخْلُقَ السَّمَوَاتِ وَالْأَرْضَ بِخَمْسِينَ أَلْفَ سَنَةٍ، قَالَ: وَعَرْشُهُ عَلَى الْمَاءِ».
- نبراس طالب (2)نبراس طالب (2) «كَتَبَ اللهُ مقَادِيَر الخَلائِقِ قَبْلَ أنْ يَخلُقَ السَّمَاواتِ والأرَضَ بِخَمْسِينَ أَلْفَ سَنَةٍ»