যিয়ে তাবিজ পিন্ধে সি শ্বিৰ্ক কৰে।
উকবা বিন আমিৰ আল-জুহানী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল, তেখেতে সিহঁতৰ মাজৰ ৯ জনৰ বাইআত গ্ৰহণ কৰিলে আৰু এজনৰ নকৰিলে। এই দেখি তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! ন জনৰ পৰা আপুনি বাইআত গ্ৰহণ কৰিলে কিন্তু ইয়াক বাদ ৰাখিলে কিয়, তেখেতে ক'লেঃ "ই তাবিজ বান্ধি ৰাখিছে।" ইয়াৰ পিছত তেওঁ নিজ হাতেৰে সেয়া খুলি পেলালে আৰু তাৰ পিছত তেখেতে বাইআত গ্ৰহণ কৰিলে, আৰু ক'লেঃ "যিয়ে তাবিজ পিন্ধে সি শ্বিৰ্ক কৰে।"
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَقْبَلَ إِلَيْهِ رَهْطٌ، فَبَايَعَ تِسْعَةً وَأَمْسَكَ عَنْ وَاحِدٍ، فَقَالُوا: يَا رَسُولَ اللهِ، بَايَعْتَ تِسْعَةً وَتَرَكْتَ هَذَا؟ قَالَ: «إِنَّ عَلَيْهِ تَمِيمَةً»، فَأَدْخَلَ يَدَهُ فَقَطَعَهَا، فَبَايَعَهُ، وَقَالَ: «مَنْ عَلَّقَ تَمِيمَةً فَقَدْ أَشْرَكَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা জামাআত আহিল। তেওঁলোক সংখ্যাত আছিল দহজন। তাৰে মাজৰ ন জনৰ পৰা ইছলাম গ্ৰহণ আৰু তেখেতৰ অনুসৰণৰ বাইআত গ্ৰহণ কৰিলে। কিন্তু এজনৰ পৰা গ্ৰহণ নকৰিলে। যেতিয়া ইয়াৰ কাৰণ সম্পৰ্কে তেখেতক প্ৰশ্ন কৰা হ'ল, তেতিয়া তেখেতে ক'লেঃ ইয়াৰ শৰীৰত তাবীজ আছে। বিপদ-আপদ, বেমাৰ-আজাৰ, কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে যি বস্তুৱে শৰীৰত ওলোমোৱা নহওক কিয়, সেইটোকে তামীমাহ বোলে। ইয়াৰ পিছত সেই ব্যক্তিজনে তাবীজটো ছিঙি পেলালে, তাৰ পিছতহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ বাইআত গ্ৰহণ কৰিলে। ইয়াৰ পিছত তেখেতে তাবীজৰ বিধান বৰ্ণনা কৰি ইয়াৰ পৰা সতৰ্ক কৰি ক'লেঃ "যিয়ে তাবীজ পিন্ধে সি শ্বিৰ্ক কৰে।"
...:
যিয়ে আল্লাহৰ বাহিৰে আনৰ ওপৰত ভৰসা কৰে, আল্লাহে তাৰ উদ্দেশ্যৰ বিপৰীতে কাম কৰে।
এই বিশ্বাস কৰি তাবীজ পিন্ধা যে, বেমাৰ-আজাৰ বিপদ-আপদ আদিৰ পৰা ৰক্ষা পোৱা যাব, তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক। আনহাতে যদি কোনোবাই এই বিশ্বাস পোষণ কৰে যে, স্বয়ং এই তাবীজেই উপকাৰ কৰিব তথা ৰক্ষা কৰিব, তেন্তে সেইটো হ'ব শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্ক।
মুছনাদ আহমদ (28/ 636) (17422).
অধিক (4)
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص74).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص85).