Skip to content

আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত।

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত। তলৰ লোকসকলে পানী লবলগীয়া হ'লে ওপৰত যাবলগীয়া হৈছিল। সেয়ে সিহঁতে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে আৰু ওপৰত যাবলগীয়াও নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এই পৰিস্থিতিত ওপৰৰ লোকসকলে যদি তলৰ লোকসকলক বাধা নিদিয়ে তেন্তে নিশ্চিতভাৱে সকলোৱে ডুবি ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক এই কাম কৰিবলৈ বাধা দিয়ে তেন্তে সিহঁতেও ৰক্ষা পাব আৰু বাকী লোকসকলে সুৰক্ষিত থাকিব।

«مَثَلُ القَائِمِ عَلَى حُدُودِ اللَّهِ وَالوَاقِعِ فِيهَا، كَمَثَلِ قَوْمٍ اسْتَهَمُوا عَلَى سَفِينَةٍ، فَأَصَابَ بَعْضُهُمْ أَعْلاَهَا وَبَعْضُهُمْ أَسْفَلَهَا، فَكَانَ الَّذِينَ فِي أَسْفَلِهَا إِذَا اسْتَقَوْا مِنَ المَاءِ مَرُّوا عَلَى مَنْ فَوْقَهُمْ، فَقَالُوا: لَوْ أَنَّا خَرَقْنَا فِي نَصِيبِنَا خَرْقًا وَلَمْ نُؤْذِ مَنْ فَوْقَنَا، فَإِنْ يَتْرُكُوهُمْ وَمَا أَرَادُوا هَلَكُوا جَمِيعًا، وَإِنْ أَخَذُوا عَلَى أَيْدِيهِمْ نَجَوْا، وَنَجَوْا جَمِيعًا».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উদাহৰণ দিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থান কৰে, আল্লাহৰ আদেশ পালন কৰে, মানুহক সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰে, পক্ষান্তৰে সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা উলংঘা কৰে, সৎকৰ্ম পৰিত্যাগ কৰে আৰু অসৎকৰ্মত লিপ্ত থাকে, সমাজত ইয়াৰ কি প্ৰভাৱ পৰে তাৰ এটা উত্তম উদাহৰণ দি তেখেতে কৈছে, ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন দুমহলীয়া জাহাজত আৰোহণ কৰিলে। সিহঁতে নিজৰ মাজত লটাৰি কৰি নিৰ্ধাৰণ কৰিলে যে, কোনে ওপৰত বহিব আৰু কোনে তলত। ফলত কিছুমানে ওপৰত আসন পালে আৰু আন কিছুমানে পালে তলত। কিন্তু তলত থকা লোকলকলৰ যেতিয়া পানীৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁলোকে ওপৰত যাবলগীয়া হৈছিল। সেয়ে তলত থকা লোকসকলে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে দেখোন আৰু ওপৰত যাবলগীয়া নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এনেকুৱা পৰিস্থিতিত ওপৰত থকা লোকসকলে যদি তলৰ লোকসকলক এই কামত বাধা নিদিয়ে তেন্তে সকলোৱে ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক বাধা দিয়ে তেন্তে ওপৰৰ আৰু তলৰ সকলো লোকেই ৰক্ষা পাব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সমাজক সুৰক্ষিত ৰাখিবলৈ আৰু মুক্তিৰ পথত অটল থাকিবলৈ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব অধিক।

শিক্ষা প্ৰদানৰ অন্যতম এটা উপায় হৈছে উদাহৰণৰ দ্বাৰা বুজাই দিয়া। ইয়াৰ দ্বাৰা অস্পষ্ট বিষয়ক স্পষ্টভাৱে বুজাব পাৰি।

অন্যায় কাম ঘটি থকা দেখিও তাক নিন্দা নকৰাটো ইমানেই বেয়া যে, ইয়াৰ ফলত সমগ্ৰ সমাজেই ক্ষতিগ্ৰস্ত হয়।

অসৎকৰ্মত লিপ্ত ব্যক্তিক অসৎকৰ্ম কৰাৰ সুযোগ দিয়াটোৱে হৈছে সমাজ ধ্বংসৰ অন্যতম কাৰণ।

বেয়া কাম সঠিক নিয়্যতেৰে কৰিলেও সেই কামটো সঠিক হৈ নাযায়।

মুছলিম সমাজক সংশোধন কৰাৰ দায়িত্ব সকলোৰে, এয়া কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে।

কিছুমান বিশেষ লোকৰ গুনাহৰ শাস্তি সকলোৱে ভোগ কৰিব লাগিব পাৰে, যদি সিহঁতক সেইবোৰ গুনাহৰ পৰা বাধা প্ৰদান কৰা নহয়।

অসৎকৰ্মকাৰী লোকসকলে নিজৰ অসৎকৰ্মক সমাজৰ বাবে কল্যাণকৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, যিদৰে মুনাফিকসকলে কৰে।

সম্পাদক

ছহীহ বুখাৰী (3/ 139) (2493).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 277).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص149).

شرح رياض الصالحين.

لابن عثيمين (2/ 430).

كنوز رياض الصالحين.

مجموعة من الباحثين (4/ 39).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 210).