Skip to content

হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক ৰক্ষা কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ "হে বালক! মই তোমাক কেইটিমান কথা শিকাম- আল্লাহৰ বিধি-বিধানবোৰ সংৰক্ষণ কৰিবা, তেনেহ’লে তেওঁ তোমাক ৰক্ষা কৰিব; আল্লাহক স্মৰণ কৰিবা, ফলত তেওঁক তোমাৰ সন্মুখতে পাবা। যেতিয়া কিবা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই বিচাৰিবা; যেতিয়া সহায় প্ৰাৰ্থনা বিচাৰিবা, তেতিয়া আল্লাহৰ ওচৰতেই সহায় বিচাৰিবা। জানি থোৱা, গোটেই মানুহে যদি তোমাৰ কোনো উপকাৰ কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে, তাৰ বাহিৰে আন একো উপকাৰ কৰিব নোৱাৰিব। আৰু যদি গোটেই মানুহে তোমাৰ কোনো অনিষ্ট কৰিব বিচাৰে, তথাপিও আল্লাহে তোমাৰ বাবে যি নিৰ্দিষ্ট কৰি দিছে তাতকৈ বেছি সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰিব। কলম তুলি লোৱা হৈছে আৰু পৃষ্ঠা শুকাই গৈছে।"

كُنْتُ خَلْفَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَوْمًا، فَقَالَ: «يَا غُلَامُ، إِنِّي أُعَلِّمُكَ كَلِمَاتٍ، احْفَظِ اللهَ يَحْفَظْكَ، احْفَظِ اللهَ تَجِدْهُ تُجَاهَكَ، إِذَا سَأَلْتَ فَاسْأَلِ اللهَ، وَإِذَا اسْتَعَنْتَ فَاسْتَعِنْ بِاللهِ، وَاعْلَمْ أَنَّ الْأُمَّةَ لَوِ اجْتَمَعَتْ عَلَى أَنْ يَنْفَعُوكَ بِشَيْءٍ، لَمْ يَنْفَعُوكَ إِلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللهُ لَكَ، وَلَوِ اجْتَمَعُوا عَلَى أَنْ يَضُرُّوكَ بِشَيْءٍ، لَمْ يَضُرُّوكَ إِلَّا بِشَيْءٍ قَدْ كَتَبَهُ اللهُ عَلَيْكَ، رُفِعَتِ الْأَقْلَامُ وَجَفَّتِ الصُّحُفُ».

(তিৰমিজী)
ছহীহ
ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল সেই সময়ৰ কথা, তেওঁ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত আৰোহণ কৰি থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই তোমাক কেইটিমান বিষয় শিকাম যিবোৰৰ দ্বাৰা আল্লাহে তোমাক উপকৃত কৰিব। আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধাজ্ঞাবোৰ যথাযথভাৱে পালন কৰিবা, যাতে আল্লাহে তোমাক সদায় তেওঁৰ আনুগত্য আৰু নৈকট্যমূলক কৰ্মত পায়, আনহাতে তোমাক পাপকৰ্ম তথা গুনাহৰ কামত যাতে নাপায়। যদি তুমি এইটো কৰা তেন্তে ইয়াৰ ফলত আল্লাহে তোমাক দুনিয়া আৰু আখিৰাতৰ সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, লগতে তোমাক সকলো কামতে সহায় কৰিব, তুমি য'তেই নাথাকা কিয়। যদি তোমাৰ কিবা প্ৰয়োজন হয়, তেন্তে আল্লাহৰ ওচৰত খুজিবা, কাৰণ একমাত্ৰ তেৱেঁই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবূল কৰে। আৰু যদি তোমাক সহায়ৰ প্ৰয়োজন হয় তেন্তে কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা। লগতে তুমি চূড়ান্তৰূপে এই বিশ্বাস ৰাখিবা যে, গোটেই পৃথিৱীৰ মানুহ একত্ৰিত হৈ তোমাক উপকাৰ কৰিব বিচাৰিলেও বিন্দু পৰিমাণ তোমাৰ উপকাৰ কৰিব নোৱাৰে, কেৱল সেইখিনিৰ বাহিৰে যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। আনহাতে গোটেই পৃথিৱীবাসীয়ে মিলি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰিলে তোমাক একো ক্ষতি কৰিব নোৱাৰিব, কেৱল সেইখিনিয়ে ক্ষতি কৰিব পাৰিব যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। এই বিষয়টো সৰ্বশক্তিমান আল্লাহে তেওঁৰ জ্ঞান আৰু হিকমত অনুযায়ী পূৰ্বেই লিপিবদ্ধ কৰি ৰাখিছে, আল্লাহে লিপিবদ্ধ কৰা ভাগ্যত কোনো ধৰণৰ পৰিবৰ্তন নহয়।

শব্দাৰ্থ

خلف النبي -صلى الله عليه وسلم-: أي على دابته رديفًا.

غلام: الصبي من حين يولد إلى أن يقارب سنَّ البلوغ.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সৰু ল'ৰা ছোৱালীবোৰক দ্বীনৰ মৌলিক বিষয়বোৰ যেনে- তাওহীদ, ইছলামিক শিষ্টাচাৰ আদি শিক্ষা দিব লাগে।

কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।

আল্লাহৰ ওপৰত ভৰসা আৰু তাৱাক্কুল কৰাৰ নির্দেশ দিয়া হৈছে, তেওঁৰ বাহিৰে আন কাৰো ওপৰত নহয়। তেওঁ অত্যন্ত উত্তম কৰ্মবিধায়ক।

ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা আৰু এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰা। নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমতাৱান।

যিয়ে আল্লাহৰ বিধি-বিধানক ভ্ৰূক্ষেপ নকৰে, নিশ্চয় আল্লাহেও তাক ভ্ৰূক্ষেপ নকৰে আৰু সুৰক্ষা প্ৰদান নকৰে।

সম্পাদক

ছুনান তিৰমিজী (4/ 284) (2516).

অধিক (5)

التحفة الربانية في شرح الأربعين حديثًا النووية (ص42).

شرح الأربعين النووية.

لابن عثيمين (ص200).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

للعباد (ص69).